পাকিস্তানৰ প্ৰাক্তন মন্ত্ৰী চৌধুৰী ফাৱাদ হুছেইনে কংগ্ৰেছৰ সাংসদ প্ৰিয়ংকা গান্ধী ভাদ্ৰাক ‘পেলেষ্টাইন’ বুলি লিখা বেগ এটা লৈ সংসদলৈ যোৱাৰ বাবে প্ৰশংসা কৰে। তেওঁৰ মতে, পাকিস্তানৰ সাংসদসকলে যি সাহস দেখুৱাব নোৱাৰিলে, সেই সাহস প্ৰিয়ংকাই দেখুৱাইছে।(Priyanka Gandhi Vadra)
সোমবাৰৰ ঘটনাৰ প্ৰসংগ উত্থাপন কৰি পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ কেবিনেট সদস্য ফাৱাদে কয়, ‘প্ৰিয়ংকা গান্ধীৰ সাহসেৰে সৰু সৰু মানুহৰ সন্মুখত থিয় দিছে। এতিয়ালৈকে পাকিস্তানৰ কোনো সংসদৰ সদস্যই এই কাম কৰিবলৈ সাহস কৰা নাই সেয়া লজ্জাজনক।’
আচলতে সোমবাৰে ‘পেলেষ্টাইন’ লিখা মোনা লৈ সংসদত উপস্থিত হৈছিল প্ৰিয়ংকা গান্ধী৷ ইয়াৰ পাছতেই পাকিস্তানৰ প্ৰাক্তন মন্ত্ৰী ফাৱাদ হুছেইনে প্ৰিয়ংকা গান্ধী প্ৰশংসা কৰি কয় ‘আমাৰ ইয়াত এনে কৰিবলৈ কাৰোৰে সাহস নাই’৷
৭ অক্টোবৰত স্বাধীনতা সমৰ্থক পেলেষ্টাইনী সশস্ত্ৰ সংগঠন হামাছে গাজা ষ্ট্ৰিপৰ পৰা ইজৰাইলৰ ওপৰত আক্ৰমণ চলায়। অভিযোগ অনুসৰি, তেতিয়াৰ পৰাই ইজৰাইলৰ সেনাই গাজা আৰু পেলেষ্টাইনৰ আন এখন ভূখণ্ড পশ্চিম পাৰত ধাৰাবাহিকভাৱে আক্ৰমণ আৰু “স্থল অভিযান” চলাই প্ৰায় ৫০ হাজাৰ লোকক “হত্যা” কৰিছে। ইয়াৰে অধিকাংশই নিৰীহ সাধাৰণ মানুহ, মহিলা আৰু শিশু।