Breaking

ৰাহুল গান্ধীৰ আৱেদন নাকচৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰিয়ংকা গান্ধীৰ। ক’লে, ‘অহংকাৰী শক্তিয়ে সত্যক দমন কৰিবলৈ চেষ্টা কৰিছে’…

0 42

ৰাহুল গান্ধীৰ আৱেদন নাকচৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰিয়ংকা গান্ধীৰ। ক’লে, ‘অহংকাৰী শক্তিয়ে সত্যক দমন কৰিবলৈ চেষ্টা কৰিছে’। গুজৰাট উচ্চ ন্যায়ালয়ে মোদী উপাধিৰ ওপৰত কৰা মন্তব্যক লৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ অপৰাধমূলক মানহানিৰ গোচৰত দোষী সাব্যস্ত হোৱা স্থগিত ৰখাৰ আবেদন খাৰিজ কৰে। এই সন্দৰ্ভত প্ৰিয়ংকা গান্ধীয়ে ক’লে, ‘অহংকাৰী শক্তিয়ে সত্যক দমন কৰিবলৈ চেষ্টা কৰিছে’। লগতে প্ৰিয়ংকা গান্ধীয়ে ৰামধৰী সিঙৰ ‘দীংকৰ’ কবিতাৰ এটা অংশ উদ্ধৃতি দি টুইট কৰি কয়-

অহংকাৰী শক্তি আৰু বেছি দিন টিকি নাথাকে বুলিও মন্তব্য কৰে প্ৰিয়ংকা গান্ধীয়ে। মোদী উপাধিৰ মন্তব্যক লৈ গুজৰাট উচ্চ ন্যায়ালয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে অপৰাধমূলক মানহানিৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ ওপৰত স্থগিতাদেশ বিচৰা আবেদন নাকচ কৰিছে। ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক পূৰ্ণেশ মোদীয়ে ২০১৯ চনত গুজৰাটত দাখিল কৰা গোচৰত ভাৰতীয় দণ্ডবিধিৰ ৪৯৯ আৰু ৫০০ (অপৰাধমূলক মানহানি) ধাৰাত ৰাহুল গান্ধীক ২৩ মাৰ্চত দোষী সাব্যস্ত কৰিছিল। ৰায়দানৰ পিছতে জনপ্ৰতিনিধিত্ব আইনৰ বিধান অনুসৰি ৰাহুল গান্ধীক সংসদৰ সদস্যপদৰ পৰা অযোগ্য ঘোষণা কৰা হয়। ৰাহুল গান্ধী ২০১৯ চনত কেৰালাৰ ৱায়ানাদৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল।

Leave A Reply

Your email address will not be published.