Breaking

স্বাধীনতা দিৱসৰ দিনাই প্ৰ’ কাবাডী লীগৰ নিলাম…

0 17

চলিত ২০২৪ চনৰ ২৬ জুলাইত প্ৰ’ কাবাডী লীগ (পিকেএল)ৰ দশম বৰ্ষপূৰ্তিৰ দিনটোতে মাছাল স্প’ৰ্টছে বহু প্ৰত্যাশিত পিকেএল ছিজন ১১১ খেলুৱৈ নিলামৰ কথা ঘোষণা কৰিছে৷ সেই অনুসৰি অহা ১৫ আৰু ১৬ আগষ্টত মুম্বাইত অনুষ্ঠিত হ’ব পিকেএলৰ নতুন ছিজনৰ খেলুৱৈ নিলাম৷ উল্লেখ্য যে এদশক পূৰ্বে ইউ মুম্বা আৰু জয়পুৰ পিংক পেন্থাৰ্ছৰ মাজত হোৱা মেচেৰে মুম্বাইত প্ৰ’ কাবাডী লীগৰ আৰম্ভনি হৈছিল৷ সম্প্ৰতি ১০টা ছিজন সম্পূৰ্ণ কৰা ভাৰতৰ তৃতীয়খন ক্ৰীড়া লীগ হিচাপে পৰিগণিত হৈছে পিকেএল৷

প্ৰ’ কাবাডী লীগৰ লীগ আয়ুক্ত অনুপম গোস্বামীয়ে কয়, ‘নতুন ছিজনৰ খেলুৱৈ নিলাম স্বাধীনতা দিৱসৰ দিনা অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰি আমি আনন্দিত হৈছো৷ ভাৰতৰ অনন্য আৰু জনপ্ৰিয় ক্ৰীড়া হিচাপে পৰিগণিত হোৱা কাবাডীক প্ৰ’ কাবাডীত বিশ্বমানৰ প্ৰতিযোগিতামূলক শাখা হিচাপে শক্তিশালীভাৱে প্ৰদৰ্শিত কৰা হৈছে৷ ’ইফালে, খেলুৱৈ নিলাম ষ্টাৰ স্প’ৰ্টছ নেটৱৰ্কত লাইভ সম্প্ৰচাৰ কৰা হ’ব আৰু ডিজনী হটষ্টাৰত ষ্ট্ৰীম কৰা হ’ব৷

Leave A Reply

Your email address will not be published.