Breaking

আজি নতুন দিল্লীত কেন্দ্ৰ -অসম চৰকাৰৰে ঐতিহাসিক ত্ৰিপাক্ষিক শান্তি চুক্তি স্বাক্ষৰ কৰিব আলোচনাপন্থী আলফাই…

0 68

নতুন দিল্লীত কাইলৈ (২৯ ডিচেম্বৰ)ৰ সন্ধিয়া ৫ বজাত কেন্দ্ৰ -অসম চৰকাৰৰে ঐতিহাসিক ত্ৰিপাক্ষিক শান্তি চুক্তি স্বাক্ষৰ কৰিব আলোচনাপন্থী আলফাই। এই ঐতিহাসিক চুক্তিত ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু ইউনাইটেড লিবাৰেচন ফ্ৰণ্ট অৱ আছাম (আলফা)ৰ প্ৰতিনিধিসকল অন্তৰ্ভুক্ত থাকিব। চুক্তি খন দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হ’ব বুলি ধাৰণা কৰা হৈছে। চুক্ৰি স্বাক্ষৰৰ সময়ত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ উপস্থিতি থাকিব। লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে আলফাৰ আলোচনাপন্থী গোটৰ এক ডজনৰো অধিক শীৰ্ষ নেতা উপস্থিত থাকিব।

আৰবিন্দ ৰাজখোৱাৰ নেতৃত্বত স্বাক্ষৰ হ’বলগীয়া শান্তি চুক্তিৰ উদ্দেশ্য হৈছে অসম সম্পৰ্কীয় বিভিন্ন নিৰন্তৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক সমস্যা সমাধান কৰা। ইয়াৰ উপৰি খিলঞ্জীয়া লোকসকলৰ কল্যাণ নিশ্চিত কৰাৰ বাবে সাংস্কৃতিক সুৰক্ষা আৰু ভূমি অধিকাৰৰ ব্যৱস্থা অন্তৰ্ভুক্ত থাকিব বুলি ধাৰণা কৰা হৈছে। লক্ষণীয়ভাৱে পৰেশ বৰুৱাৰ নেতৃত্বত আলফা-স্বাধীনৰ গোটটো এই চুক্তিৰ অংশ নহ’ব। ৰাজখোৱা গোটৰ গুৰুত্বপূৰ্ণ নেতা অনুপ চেতিয়া আৰু শশধৰ চৌধুৰীয়ে যোৱা সপ্তাহত চৰকাৰী মধ্যস্থতাকাৰীসকলৰ সৈতে চূড়ান্ত আলোচনাৰ বাবে নতুন দিল্লীলৈ গৈছিল। আলোচনাপন্থী আলফাৰ সৈতে আলোচনাত জড়িত চৰকাৰী প্ৰতিনিধিসকলৰ ভিতৰত আছে ইণ্টেলিজেঞ্চ ব্যুৰোৰ সঞ্চালক তপন ডেকা আৰু উত্তৰ-পূব বিষয়ত চৰকাৰৰ উপদেষ্টা এ কে মিশ্ৰ। ৰাজখোৱা নেতৃত্বাধীন আলফা গোটে ২০১১ চনত কেন্দ্ৰীয় চৰকাৰৰ সৈতে চৰ্তহীন আলোচনা আৰম্ভ কৰিছিল ৰাজখোৱা গোটে ৩ ছেপ্টেম্বৰ, ২০১১ তাৰিখে চৰকাৰৰ সৈতে শান্তি আলোচনা আৰম্ভ কৰিছিল। কাইলৈৰ সেই আলোচনাৰ চুক্তিৰ মাধ্যমেৰে পৰিসমাপ্তি ঘটিব।

Leave A Reply

Your email address will not be published.