Breaking

পদ্মশ্ৰী সন্মান প্ৰাপক ইমৰান শ্বাহলৈ গড়গাঁও মহাবিদ্যালয়ৰ সম্বৰ্ধনা

0 16

দৈনন্দিন বাৰ্তাৰ বিশেষ প্ৰতিনিধি, শিৱসাগৰ, ২৭ জুন: অসম উপত্যকা সাহিত্য বঁটা প্ৰাপক, বিশিষ্ট সাহিত্য সাধক, পদ্মশ্ৰী সন্মান প্ৰাপক ইমৰান শ্বাহৰ শৈক্ষিক-বৌদ্ধিক তথা ভাষা-সাহিত্য-সমাজ আদি ক্ষেত্ৰলৈ অৱদানৰ প্ৰতি সন্মান জনাই গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু অধ্যাপকৰ এটি প্ৰতিনিধি দলে মহাবিদ্যালয় পৰিয়ালৰ হৈ তেখেতৰ শিৱসাগৰস্থিত বাসগৃহত সম্বৰ্ধনা জ্ঞাপন কৰে । তদুপৰি গড়গাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰতিষ্ঠাকালৰ অধ্যাপক হিচাপে অসমীয়া বিভাগৰ তৰফৰ পৰাও তেখেতলৈ সম্বৰ্ধনা জ্ঞাপন কৰে । উক্ত অনুষ্ঠানটিত গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ, বিশিষ্ট নিবন্ধকাৰ, শিক্ষাবিদ ড° সব্যসাচী মহন্তৰ লগতে গড়গাঁও মহাবিদ্যালয় শিক্ষক গোটৰ সভাপতি তথা অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক প্ৰণৱ দুৱৰা, সম্পাদক তথা ভূতত্ত্ব বিভাগৰ সহকাৰী অধ্যাপক বনিকা বুঢ়াগোহাঁই,সহকাৰী সম্পাদক তথা ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক ড° শ্যামলীমা শইকীয়া, মহিলা কোষৰ সমন্বয়ক তথা অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক দেৱযানী বকলীয়াল, গোটৰ অন্যতম সদস্য তথা বাণিজ্য বিভাগৰ মুৰব্বী অধ্যাপক অনিল তাঁতী, বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক ড° বলোৰাম দাস আৰু ইংৰাজী বিভাগৰ অধ্যাপক ড° অঞ্জন কোঁৱৰ উপস্থিত থাকে ।মহাবিদ্যালয় পৰিয়ালৰ এই পদক্ষেপত সুখী অনুভৱ কৰা বুলি প্ৰকাশ কৰাৰ লগতে বিশিষ্ট সাহিত্যিকগৰাকীয়ে গড়গাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগত কৰ্মৰত সময়ত মধুৰ স্মৃতি সোঁৱৰণ কৰে।

তদুপৰি পৰৱৰ্তী কৰ্মক্ষেত্ৰ শিৱসাগৰ কলেজ, জয়সাগৰৰ সতীৰ্থ শৰৎ মহন্ত, যোগেন চেতিয়া আদিৰ লগতে তেখেতে সান্নিধ্য লাভ কৰা হীৰেণ ভট্টাচাৰ্য, নীলমণি ফুকন, পৰাগ চলিহা, লীলা গগৈ আদি বিশিষ্ট ব্যক্তিসকলৰ সৈতে জড়িত কাহিনী, অভিজ্ঞতা আদি অধ্যাপকবৃন্দৰ আগত ব্যক্ত কৰে । ইমৰান শ্বাহে সাম্প্ৰতিক অসমৰ বিভিন্ন প্ৰসংগৰ লগতে পূৰ্বৰ শৈক্ষিক পৰিৱেশ, শিক্ষক-শিক্ষাৰ্থীৰ মনোবৃত্তিলৈ অহা পৰিবৰ্তন ইত্যাদি সন্দৰ্ভত অধ্যাপকবৃন্দৰ সৈতে ভাৱৰ আদান-প্ৰদান কৰে । সম্প্ৰতি মানুহৰ অধ্যয়ন বিমুখীতা প্ৰসংগত তেখেতে হতাশা প্ৰকাশ কৰে । বৰ্তমানলৈকে পাঁচ শতাধিক গল্প ৰচনাৰে অসমীয়া গল্প সাহিত্যৰ ক্ষেত্ৰখন সমৃদ্ধ কৰাৰ লগতে তিনিখন কবিতা সংকলন, এখন গীতৰ সংকলন, তিনিখন উপন্যাস, দুখন ৰম্য ৰচনা, এখনি প্ৰবন্ধ পুথি, এখন শিশু উপযোগী জীৱনী, তিনিখন অনূদিত উপন্যাস, কেইবাখনো মৌলিক আৰু অনূদিত নাটক, বাতৰিকাকত-আলোচনীৰ সম্পাদনা আৰু বাতৰিকাকতৰ বাবে অসমীয়া আৰু ইংৰাজীত বিভিন্ন স্তম্ভ লেখা আদিৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰা পদ্মশ্ৰী ইমৰান শ্বাহদেৱক অসমীয়া সমাজ-জীৱন, সাহিত্য-জীৱনৰ মহীৰূহ আখ্যৰে গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সব্যসাচী মহন্তই তেখেতৰ এই সাহিত্য চৰ্চাৰ ধাৰা অব্যাহত ৰখাৰ কামনা কৰে।

Leave A Reply