Prominent Social Worker: নগাঁৱৰ বিশিষ্ট সমাজকৰ্মী, সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক বল্লদেৱ শৰ্মাৰ দেহাৱসান

গুৱাহাটী, ২৬ অক্টোবৰ: সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক আৰু উত্তৰ পূব ভাৰতৰ অন্যতম মানৱ সেৱাৰ অনুষ্ঠান(Prominent Social Worker) নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিশ্যনৰ সাধাৰণ সম্পাদক বল্লদেৱ শৰ্মাৰ শুকুৰবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাতে দিনৰ প্ৰায় ২.২০ বজাত পৰলোক প্ৰাপ্তি ঘটে।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৩ বছৰ(All Assam Rural Library Association)।উল্লেখযোগ্য যে, ২ অক্টোবৰত গুৱাহাটীৰ কাৰ্যালয়ৰ কামত ব্যস্ত থকাৰ সময়তে উচ্চচাপ জনিত ৰোগত আক্ৰান্ত হৈছিল শৰ্মা।

ততাতৈয়াকৈ তেওঁক গুৱাহাটীৰ ছয়মাইলস্থিত জিএনআৰচি হাস্পতালত চিকিৎসাধীন কৰা হয় যদিও পৰবৰ্তী দুদিন পাছত শৰ্মাক হেল্থ চিটি হাস্পতালত লৈ যোৱা হয়। চিকিৎসালয়ত তেওঁৰ মগজুৰ ৰক্তক্ষৰণৰ সমস্যা চিনাক্ত কৰা হয় আৰু যোৱা ৫ অক্টোবৰত উক্ত ব্যক্তিগত চিকিৎসালয়ত তেওঁৰ অস্ত্ৰোপচাৰ কৰা হৈছিল যদিও শৰ্মা চেতনাহীন হৈয়ে থাকিল।

ইয়াৰ মাজতে ২২ অক্টোবৰত শৰ্মাক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ(GMCH) স্থানান্তৰিত কৰা হৈছিল। চিকিৎসকৰ নেৰানেপেৰা যত্ন সত্বেও আজি দিনৰ ২.২০ বজাত শেষ নিশ্বাস ত্যাগ কৰে বল্লদেৱ শৰ্মাই। নগাঁৱৰ ঘাঁহীত জন্ম গ্ৰহণ কৰা বল্লদেৱ শৰ্মা অসমৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী ৰূপে পৰিচিত হৈ উঠে।

প্ৰায় চাৰি দশকৰ আগতে তেওঁ প্ৰতিষ্ঠা কৰা সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাই আজি সমগ্ৰ অসমতে বিস্তাৰ লাভ কৰিছে। সমাজৰ প্ৰতি আগবঢ়োৱা অনবদ্য বৰঙণিৰ বাবে তেওঁ কেন্দ্ৰীয় চৰকাৰৰ যুৱ বঁটাও লাভ কৰিছিল। অসমত পুথিভঁৰাল আন্দোলনৰ অগ্ৰণী ভুমিকা গ্ৰহণ কৰা বল্লদেৱ শৰ্মাই ৰাজ্য খনৰ ইমূৰৰ পৰা সিমুৰলৈ গ্ৰন্থ পঢ়াৰ এক পৰিৱেশ গঢ়ি তোলাৰ বাবে চেষ্টা চলাই আহিছিল।

বল্লদেৱ শৰ্মাই বিগত সময়খিনিত “গ্ৰন্থ অধ্যয়নে সমাজলৈ পোহৰ আনে”, “গ্ৰন্থাগাৰ বিশ্ব দৰ্শনৰ মূৰ দ্বাৰ ” শীৰ্ষক শ্লোলগানেৰে এক নিৰৱ গ্ৰন্থ আন্দোলন গঢ়ি তুলিছিল।

নগাঁৱৰ কলংপাৰ কাকতৰ স্বত্বাধিকাৰী বল্লদেৱ শৰ্মা শ্ৰীমন্ত শংকৰ মিশ্যনৰো সাধাৰণ সম্পাদক পদত অধিষ্ঠিত হৈ আছিল। বিগত এবছৰৰ পূৰ্বে পত্নীৰ বিয়োগ হোৱা শৰ্মাই মৃত্যুৰ সময়ত তেওঁৰ একমাত্ৰ জীয়ৰী অভিলেখ শৰ্মাক এৰি গৈছে। বল্লদেৱ শৰ্মাৰ মৃত্যুৰ বাতৰিয়ে নগাঁৱৰ বৃহৎ সংখ্যক লোকক শোকাভিভূত কৰি তুলিছে।

তাৎপৰ্যপূৰ্ণ কথা যে – বল্লদেৱ শৰ্মা শ্ৰীমন্ত শংকৰ মিশ্যনৰ(Sreemanta Sankar Mission) ১৩ কাৰ্যকালৰ বাবে সাধাৰণ সম্পাদক আৰু কোষাধ্যক্ষ হিচাপে এটা কাৰ্যকাল কাৰ্যনিৰ্বাহ কৰিছিল। শ্ৰীমন্ত শংকৰ মিশ্যনৰ বহু দূৰ্যোগপূৰ্ণ সময়ত সম্পাদক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি মিশ্যনৰ বাবে অনবদ্য সেৱা আগবঢ়ায়।

উল্লেখযোগ্য যে- বল্লদেৱ শৰ্মা নগাঁও জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰধান সংগঠক,অসম জ্যেষ্ঠ নাগৰিক সন্মিলন কল্যাণ পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য,অসম সাংস্কৃতিক মহাসভাৰ পৃষ্ঠপোষক তথা বহুসংখ্যক অনুষ্ঠানৰ জন্মদাতা বল্লদেৱ শৰ্মাৰ মৃত্যুত অসম চৰকাৰৰ পৰিবহণ মন্ত্ৰী কেশৱ মহন্ত,জনসংযোগ মন্ত্ৰী পিযূষ হাজৰিকা, বিধায়ক ৰূপক শৰ্মা, প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা, নগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড: শৰৎ বৰকটকী, অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱাই গভীৰ শোকৰ প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে(Guwahati)।


শ্ৰীমন্ত শংকৰ মিশ্যন আৰু সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ তিনিদিনীয়া শোক পালন: শ্ৰীমন্ত শংকৰ মিশ্যন আৰু সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সাধাৰণ সম্পাদক বল্লদেৱ শৰ্মাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি তিনিদিনীয়াকৈ শোক পালনৰ ঘোষণা কৰিছে।

শুকুৰবাৰে বিয়লি শৰ্মাৰ মৃত্যুৰ খবৰ পোৱাৰ পাছতে শ্ৰীমন্ত শংকৰ মিশ্যনৰ মুখ্য কাৰ্যালয়ত সকলো সমবেত হৈ মিশ্যনৰ সভাপতি প্ৰেমেশ্বৰ দাসে মিশ্যন পতাকা আনুষ্ঠানিকভাৱে অৰ্ধমিত কৰি শোক পালন কৰাৰ লগতে স্বৰ্গগামী আত্মাৰ সদগতি কামনা কৰি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনায়।

আনহাতে, কালিলৈ পুৱা ৯ বজাত শৰ্মাৰ নশ্বৰ দেহ মিশ্যনৰ মুখ্য কাৰ্যালয়লৈ আনি এক শ্ৰদ্ধাঞ্জলি তৰ্পণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। তদুপৰি সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সভাপতি প্ৰতাপ হাজৰিকাই জানিবলৈ দিয়ে যে- শুকুৰবাৰে শৰ্মাৰ নশ্বৰ দেহ তেওঁৰ বাসভৱনতে ৰখাৰ ব্যৱস্থা কৰাৰ লগতে পিছদিনা পুৱা পুথিভঁৰালত শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰাৰ অন্তত নগাঁৱৰ অন্যান্য অনুষ্ঠান-প্ৰতিষ্ঠানলৈ নিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে।

Related Articles