Breaking

অসমীয়া ছবিৰ প্ৰচাৰ আৰু শিক্ষানুষ্ঠান…

0 50

প্ৰায় মৃত্যু মুখৰ পৰা উভতি আহিছে অসমীয়া ছবি উদ্যোগটো। একাংশ কলা কুশলীৰ আপ্ৰাণ চেষ্টাত পুনৰ ঠন ধৰি উঠিছে উদ্যোগটো, ই এক ভাল লক্ষন। শেহতীয়াকৈ এক নতুন ধাৰা প্ৰবৰ্তন কৰিছে অসমীয়া ছবি জগতৰ লগত একাংশ কলা কুশলীয়ে। অতি দৃষ্টি কটূ ভাবে এই সকল কলা কুশলী তথা নায়ক নায়িকাই ছবিখনৰ প্ৰচাৰৰ স্হান হিচাপে বাচি লৈছে অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠান সমূহ। বিদ্যালয় মহাবিদ্যালয়ত এওঁলোক উপস্থিত হৈ ছবিখনৰ প্ৰচাৰৰ নামত বহুমূলীয়া সময় নষ্ট কৰে ছাত্ৰ ছাত্ৰীৰ। ইয়াত ছবিখনৰ লাভ হোৱাৰ বিপৰীতে ছাত্ৰ ছাত্ৰীৰ কি লাভ হয় আমি বুজি নাপাওঁ। আনহাতে নিৰ্দিষ্ট ছবিখনৰ শিল্পী সকলে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ অথবা শিক্ষানুষ্ঠানলৈ যোৱা পৰিলক্ষিত হোৱা নাই। আচলতে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানে এনেবোৰ কামৰ বাবে যথা সম্ভব অনুমতি প্ৰদান নকৰে। কিয় কৰিব ?

আমি বাতৰি কাকতত ছবিখনৰ প্ৰচাৰৰ বাবে শিক্ষানুষ্ঠানে শিক্ষানুষ্ঠানে ঘূৰি ফুৰাৰ বাতৰি পাওঁ। ছবিখনে কোটি টকাৰ ব্যৱসায় কৰাৰ বাতৰিও পাওঁ। ইয়াৰ বিপৰীতে কোটি টকাৰ ব্যৱসায় কৰা ছবিখনৰ কলা কুশলী সকলে সেই বিদ্যালয় সমূহত ন্যুনতম এটা পানী খোৱা গিলাচ উপহাৰ দিয়া বুলি বাতৰি পঢ়া মনত নপৰে। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকল সম্পূৰ্ণ ৰূপে পিতৃ-মাতৃৰ ওপৰত নিৰ্ভৰশীল। তেনে পৰিস্থিতিত কিয় ছাত্ৰ ছাত্ৰীক লক্ষ্য কৰি লোৱা হয় ? আনহাতে চৰকাৰী কাৰ্যসূচীত জড়িত হৈ পঢ়াবলৈ সময় নোপোৱা বুলি সামাজিক মাধ্যমত ডিঙিৰ শিৰ ফুলাই চৰকাৰক সমালোচনা কৰা সকলো এই ক্ষেত্ৰত ৰহস্যজনক ভাবে নীৰব।

মহাবিদ্যালয়ত ছবিৰ প্ৰচাৰে একাংশ ছাত্ৰ ছাত্ৰীক গোপনে ছবিঘৰলৈ টানি নিয়াটো স্বাভাৱিক। কিয়নো হিৰো হিৰোইনে ছবিখন চাবলৈ কলেজত কৈ গৈছে যেতিয়া বাধা দিয়ে কোনে । এইয়া ভাল লক্ষন হব নে নহয় জ্যেষ্ঠজনে বিচাৰ কৰিব। একেদৰে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মনতো বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব অসমীয়া ছবিৰ প্ৰতি । কিন্তু বহুজনে ইতিমধ্যে এই ধাৰাটো মনে প্ৰাণে বিচৰা নাই। ভ্ৰাম্যমাণ জগতখনত বহু শিল্পী কলা কুশলীক পোহপাল দি অহাৰ লগতে নাট্যকাৰ সকলোকো সকাহ দি আহিছে। ৰাইজ তথা দৰ্শকক ভাল নাটকো উপহাৰ দিছে। কিন্তু শিক্ষানুষ্ঠান প্ৰচাৰ কৰা দেখা নাযায়। আমি অসমীয়া ছবি উদ্যোগৰ বিৰোধী নহয়। কিন্তু শিক্ষানুষ্ঠানত প্ৰচাৰ কৰাটো সমৰ্থনযোগ্য নহয়।

content writer- অৰূপ ডেকা

Leave A Reply

Your email address will not be published.