Breaking

Property List : বিশাল ফুকন আৰু চুমি বৰাৰ সম্পত্তিৰ তথ্য…

67

বিগত কিছুদিন ধৰি অসমৰ লগতে ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰো শিৰনাম দখল কৰি ৰখা ৰহস্যময়ী অভিনেত্ৰীগৰাকী হৈছে চুমি বৰা। মূলতঃ ৰীৱল ৰাণী হিচাবেহে সৰ্বাধিক পৰিচিত চুমি বৰাই পৰৱৰ্তী সময়ত গুৱাহাটীলৈ আহি অসমীয়া ছবি জগতৰ একাংশ লোকৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলিবলৈ সক্ষম হৈছিল। সেই ঘনিষ্ঠতাৰ সুবাদতে চুমিয়ে দুই এখন ছবিৰ লগতে গানৰ ভিডিঅ’ আদিত অভিনয় কৰাৰ সুবিধা পাইছিল। ডিব্ৰুগড়ৰ বাণীপুৰ নিবাসী চুমি বৰাৰ অতীতলৈ উভতি চালে নানান অধ্যায়ৰ পৃষ্ঠা খোল খাব বুলি বহুতে মন্তব্য কৰিছে।

অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্য়ত ঘটি থকা হাজাৰ-হাজাৰ কোটি টকাৰ ট্ৰেডিং কেলেংকাৰীক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে ক’লে ‘‘চুমি বৰাই নহয়, জড়িত সকলো গ্ৰেপ্তাৰ হ’ব। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিয়ম উলংঘা কৰা সকলোৰে বিৰুদ্ধে ব্যৱস্থা হ’ব।’’

বিশাল ফুকন আৰু চুমি বৰাৰ সম্পত্তিৰ তথ্য

১) ডিব্ৰুগড়ৰ বৈৰাগীমঠত বিশালৰ ২,০০০ বৰ্গফুটৰ কাৰ্যালয়। ৮৫ লাখ টকাৰে ইণ্টেৰিঅ’ৰ ডিজাইন কৰা হৈছিল কাৰ্যালয়টোৰ। ইণ্টেৰিঅ’ৰ ডিজাইনাৰ কৰিশ্মা কাকতিক দিছিল নগদ ৫০ শতাংশ ধন

২)ডিব্ৰুগড়ৰ পূৰ্বাঞ্জলি এপাৰ্টমেণ্টৰ ফ্লেট ক্ৰয় কৰিছিল ৬৩.২৫ লাখ টকাত। বিল্ডাৰক নগদ দিছিল ৪৪ লাখ টকা

৩)ডিব্ৰুগড়ত চুমি বৰাৰ বাবে বিশালে খুলি দিয়া ডান্স একাডেমীৰ ডিজাইনিঙত ব্যয় ৩৩ লাখ টকা। চিগমা টাইলছক ১০ লাখ টকা দিছিল আৰু চাউণ্ড প্ৰুফৰ নামত ব্যয় ১৫ লাখ টকা

৪)গুৱাহাটীৰ তৰুণ নগৰৰ প্ৰতীক তৰুণ এপাৰ্টমেণ্টত ৭ কোটি টকাত ডুপ্লেক্স ফ্লেট ক্ৰয়

৫)গুৱাহাটীৰ নাৰেংগীত আইডিয়েল ভিউ এপাৰ্টমেণ্টত ১.৫ কোটি টকাত ফ্লেট ক্ৰয়

৬)৮ আগষ্টত চুমিৰ জন্মদিনত ২ লাখ টকীয়া টেডী বিয়েৰ উপহাৰ দিছিল বিশালে

৭) চুমিৰ ব্যক্তিগত জিম ট্ৰেইনাৰ তন্দ্ৰামণিক মাহে ৫০,০০০ টকা দৰমহা দিছিল বিশালে

৮)চুমিক ৭৬ লাখ টকাৰ হীৰাৰ আঙঠি দিছিল বিশালে

৯)ৰাজস্থানৰ উদয়পুৰত হোৱা চুমি-তাৰ্কিক বৰাৰ বিয়াত ৩ কোটি টকা ব্যয় কৰিছিল বিশালে

১০)বিয়াৰ অতিথিৰ বাবে বিমান ভাড়াত বিশালে ব্যয় কৰিছিল ৩৩ লাখ টকা

১১)চুমিৰ স্বামী তাৰ্কিকক ৪৫ লাখ টকীয়া ফৰ্চুনাৰ উপহাৰ বিশালৰ

১২)মাকত ৩৩ লাখ টকীয়া এম জি হেক্টৰ বাহন উপহাৰ বিশালৰ

লগতে পঢ়ক :Social Worker : সমাজ সেৱিকা দময়ন্তী পাণীলৈ অমলপ্ৰভা সৰ্বোদয় বঁটা…

Published by: Jebin Sultana

Comments are closed.