Breaking

Durga Puja: বেশ্যালয়ৰ মাটি অবিহনে দুৰ্গা পূজা কিয় অসম্পূৰ্ণ! কাৰণ জানিলে আচৰিত হ’ব আপুনিও…

25

কলকাতাৰ দুৰ্গা পূজা সমগ্ৰ বিশ্বতে বিখ্যাত। প্ৰস্তুতিও আৰম্ভ হয় কেইবাদিনৰ আগৰ পৰাই। এইবাৰ দুৰ্গা পূজাক লৈ কলকাতাত বিতৰ্কৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আচলতে বহু ঠাইৰ পৰা মাটি লৈ মা দুৰ্গাৰ মূৰ্তি তৈয়াৰ কৰা হয়। ইয়াৰ ভিতৰত বেশ্যালয়ৰ মাটিও অন্তৰ্ভুক্ত।(Durga Puja)

কিন্তু কলকাতাৰ যৌনকৰ্মীসকলে দুৰ্গা পূজাৰ বাবে মাটি দিবলৈ অস্বীকাৰ কৰিছে। ইয়াৰ আঁৰৰ কাৰণ হৈছে কলকাতাৰ আৰ জি কাৰ মেডিকেল কলেজত শেহতীয়াকৈ এগৰাকী চিকিৎসকক ধৰ্ষণ আৰু নৃশংস হত্যাৰ ক্ষোভ এতিয়াও আছে মানুহৰ মনত। ইয়াৰ বাবেই এছিয়াৰ সৰ্ববৃহৎ ৰেড লাইট এলেকা কলকাতাৰ সোণাগাচীৰ যৌনকৰ্মীসকলে দুৰ্গা পূজাৰ সৈতে জড়িত যুগ যুগ ধৰি চলি অহা পৰম্পৰা অনুসৰণ কৰিবলৈ অস্বীকাৰ কৰিছে।

বেশ্যা ঘৰৰ মাটি কিয় লাগে দুৰ্গা পূজাত জানেনে আপুনি! আচলতে কোৱা হয়, বেশ্যাৰ ঘৰৰ ভিতৰলৈ যোৱা ব্যক্তিয়ে, দুৱাৰৰ বাহিৰত নিজৰ গুণ এৰি দিয়ে। গতিকে বেশ্যা ঘৰৰ বাহিৰৰ মাটিত বহু মানুহৰ গুণ আছে, যাৰ বাবে ই অতি পবিত্ৰ। সেয়ে দুৰ্গা পূজাৰ বাবে মা দুৰ্গাৰ মূৰ্তি বনোৱাৰ সময়ত আন বহু পবিত্ৰ স্থানৰ মাটিৰ লগতে বেশ্যাৰ ঘৰৰ বাহিৰৰ মাটি লোৱা হয়।(Prostitutes Soil Needs in Durga puja)

যিহেতু পত্নীক ঘৰৰ লক্ষ্মীৰ ৰূপ বুলি কোৱা হয় আৰু যেতিয়া কোনো ব্যক্তিয়ে পত্নীক এৰি বেশ্যা বা আন নাৰীৰ ওচৰলৈ যায় তেতিয়া তেওঁৰ সকলো গুণ পিছ পৰি ৰৈ যায়। গতিকে বেশ্যা ঘৰৰ বাহিৰৰ মাটিত এনে মানুহৰ গুণ থাকে, যাৰ বাবে মাটি পবিত্ৰ হৈ পৰে।

যেতিয়া পুৰোহিতসকলে এই মাটি সংগ্ৰহ কৰিবলৈ বেশ্যাৰ ঘৰলৈ যায় তেতিয়া তেওঁলোকে মাটি ল’বলৈ অনুমতি বিচাৰিব লাগে। তেতিয়াহে যৌনকৰ্মীসকলে তেওঁলোকক এই মাটি ল’বলৈ অনুমতি দিয়ে। অৰ্থাৎ সামাজিক দৃষ্টিকোণৰ পৰা বছৰটোৰ ভিতৰত মানুহে অসন্মানেৰে চোৱা যৌনকৰ্মীসকলক সন্মান জনাই বছৰত এবাৰহে শক্তিৰ পূজাৰ উৎসৱ পালন কৰিব পাৰি। এই বাৰ্তা যে ঈশ্বৰে তেওঁলোকক নাৰী শক্তি হিচাপে সমান মৰ্যাদা দিছে।

published by: munmi gogoi

Comments are closed.