Protest Against Rising Prices: আকাশলংঘী মূল্য বৃদ্ধিৰ একক প্ৰতিবাদ শিৱসাগৰৰ সাংবাদিক প্ৰাঞ্জল ৰাজগুৰুৰ

শিৱসাগৰ, ২৮ অক্টোবৰ : সাম্প্ৰতিক সময়ত সমগ্ৰ ৰাজ্যজুৰি জনসাধাৰণৰ নিত্য ব্যৱহাৰ্য বিভিন্ন খাদ্য পণ্য, দৈনন্দিন জীৱন নিৰ্বাহৰ(Protest Against Rising Prices) বাবে প্ৰয়োজনীয় নানা সা সামগ্ৰী, জীৱন ৰক্ষাকাৰী ঔষধ পথ্য(Life Saving Medicines) আৰু চিকিৎসাৰ(Diet And Treatment) ব্যয় বৃদ্ধি, শৈক্ষিক ব্যয়, ইন্ধন পেট্ৰ’ পণ্য, ৰন্ধন গেছ, বিদ্যুৎ মাচুলৰ পৰিমাণ বৃদ্ধি, ৰাজহুৱা পৰিবহণৰ ভাড়া বৃদ্ধি তথা ৰাজ্যত সক্ৰিয় হৈ থকা গোপন ছিণ্ডিকেটৰাজ, অবৈধ কমিশ্যন লোৱা চক্ৰবোৰৰ দৌৰাত্ম্যৰ বাবে অসমৰ সাধাৰণ জনতাই ত্ৰাহি মধুসূদন সোঁৱৰিব লগীয়া হৈছে।

সদৌ অসমৰ লগতে শিৱসাগৰ জিলাতো তড়িৎ সময়ত নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিৰ(Skyrocketing Prices) ফলত সৰ্বসাধাৰণ দৰিদ্ৰ নিম্ন মধ্যবিত্ত জনসাধাৰণৰ সুচল জীৱন নিৰ্বাহ অতি কষ্টসাধ্য হৈ পৰিছে।

আকাশলংঘী মূল্য বৃদ্ধি ৰোধৰ দাবী

কিন্তু জনতাৰ এনে দুখ দুৰ্গতিৰ আশু সমাধানৰ প্ৰতি বৰ্তমানৰ শাসকীয় ৰাজ্য চৰকাৰে উচিত গুৰুত্ব আৰোপ কৰা নাই। একেদৰে অসমৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ এই সময়তো কুম্ভকৰ্ণ নিদ্ৰা ভংগ হোৱা নাই।

ৰাজ্য চৰকাৰৰ অসামৰিক যোগান বিভাগৰ মন্ত্ৰীগৰাকীকে সৰ্ব সাধাৰণ ৰাইজৰ দুখ দুৰ্দশা দূৰ কৰিবলৈ তড়িৎ সময়ৰ মূল্য বৃদ্ধিৰ প্ৰকোপ ৰোধৰ বাবে যথোচিত আইন গত উচিত বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই।

সেয়েহে অসমৰ বৰ্তমানৰ শাসকীয় চৰকাৰৰ এনে গণবিৰোধী ভূমিকাৰ তীব্ৰ প্ৰতিবাদ আৰু ক্ষোভ সাব্যস্ত কৰিবলৈ আজি ঐতিহাসিক শিৱসাগৰ নগৰৰ দ’লমুখ চাৰিআলিস্থিত সুধাকণ্ঠ ড০ভূপেন হাজৰিকাৰ আৱক্ষ প্ৰতিমূৰ্ত্তিৰ সন্মুখত এক প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয়।

শিৱসাগৰ নগৰৰ সন্মিলিত যুৱক যুৱতী বৃন্দৰ সৌজন্যত সক্ৰিয় সমাজকৰ্মী, শিৱসাগৰ জিলা গ্ৰাহক সুৰক্ষা সমিতিৰ প্ৰধান সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক প্ৰাঞ্জল ৰাজগুৰু আৰু উদীয়মান যুৱক মুস্তাক আহমেদে এই কাৰ্যসূচী পুৱা ১১ বজাৰ পৰা দুপৰীয়া ১২ বজালৈকে ৰূপায়ন কৰে।

শিৱসাগৰৰ অতিৰিক্ত ৰাজহ চক্ৰ বিষয়া তথা দণ্ডাধীশ চিন্ময়ী চুতীয়া আৰু শিৱসাগৰ আৰক্ষীৰ নগৰ পৰিদৰ্শক দীপাংকৰ চেতিয়া প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন থলীত উপস্থিত হৈ ৫ দফীয়া মূল্য বৃদ্ধি ৰোধৰ দাবী সম্বলিত স্মাৰক-পত্ৰ গ্ৰহণ কৰাৰ পাছত কাৰ্যসূচী সামৰণি পেলোৱা হয়।

Related Articles