Breaking

গৰৈমাৰীত নাৰীদেহ ব্যৱসায়ী আৰু নাৰী সৰবৰাহী চক্ৰ উৎখাত কৰাৰ দাবীত উত্তাল প্ৰতিবাদ

0 2,062

বকো ২৯ ডিচেম্বৰ:: ৰাজ্যৰ গ্ৰামাঞ্চলত সক্ৰিয় হৈ উঠা নাৰীদেহ ব্যৱসায়ী আৰু নাৰী সৰবৰাহী চক্ৰ উৎখাত কৰাৰ দাবীত আজি হঠাতেই উত্তাল হৈ পৰিল গৰৈমাৰী অঞ্চল৷ উল্লেখ্য, অঞ্চলটোত সঘনাই নাৰীজনিত অপৰাধমূলক ঘটনা সংঘটিত হৈ আহিছে যদিও স্থানীয় প্ৰশাসন কিম্বা আৰক্ষীয়ে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ প্ৰতিবাদত প্ৰায় শতাধিক পুৰুষ-মহিলা আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে উত্তাল প্ৰতিবাদেৰে গৰৈমাৰীৰ আকাশ-বতাহ কঁপাই তোলে৷ প্ৰতিবাদকাৰী সকলে অসম আৰক্ষী হায় হায়, নাৰী সুৰক্ষা নিশ্চিত কৰক, অপৰাধীক গ্ৰেপ্তাৰ কৰক আদি শ্ল’গানেৰে বৃহৎ সমদল উলিয়াই প্ৰথমতে গৰৈমাৰী আৰক্ষী চকী ঘেৰাও কৰে৷ পিচত প্ৰতিবাদকাৰী সকলে সদলবলে গৰৈমাৰী চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ চক্ৰ বিষয়াক এখন স্মাৰকপত্ৰ প্ৰদান কৰে৷ উল্লেখ্য যে, চলিত ডিচেম্বৰ মাহতে ছয়গাঁৱৰ কাণহাৰা গাঁৱৰ দুগৰাকী কিশোৰী কন্যাক একে গাঁৱৰে ৰবিউল হুছেইন নামৰ লম্পট যুৱক এজনে বিয়াৰ প্ৰলোভনেৰে পলুৱাই নি বহিঃৰাজ্যৰ ৰাজস্থানত বিক্ৰী কৰে৷ ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে পৃথকে পৃথকে গৰৈমাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ পিচতো আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই৷ যাৰ বাবে প্ৰতিবাদকল্পে আজি গৰৈমাৰী আৰক্ষী চকী আৰু চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷

Leave A Reply

Your email address will not be published.