Breaking

ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ ছাত্ৰীৰ ন্যায়ৰ দাবীত উপায়ুক্তৰ কাৰ্য্যলয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ

0 2,253

যোৱা ১৫ দিন আগত ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ ছাত্ৰী নিৰমা খাতুনে কলেজৰ সন্মুখত অটো ৰিস্কা উঠাৰ সময়তে দুস্কৃতিকাৰীয়ে চোকা অস্ত্ৰৰেদি আক্ৰমণ কৰাৰ অভিযোগ ধুবুৰী সদৰ থানাত এজাহাৰ দাখিল কৰিছিল যদিওঁ আটক কৰি এৰি দিয়াৰ অভিযোগ উখাপন কৰিছে ভোলানাথ মহাবিদ্যালয়ৰ ছাত্ৰছাত্ৰী সকলে ৷ কিন্ত ইয়াতে শান্ত নাথাকি পুনৰ দেওবাৰৰ দিনা ঘৰত গৈ ছাত্ৰী নিৰমা খাতুনক দুস্কৃতিকাৰীয়ে আক্ৰমণ কৰাত গুৰুতৰভাৱে আহত অবস্থাত ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। যাৰ বাবেই ক্ষুদ্ধ হৈ ছাত্ৰী গৰাকীৰ ন্যায়ৰ দাবীত মহাবিদ্যালয় খনৰ ছাত্ৰছাত্ৰী সকলে ভোলানাথ মহাবিদ্যালয়ৰ পৰা ধুবুৰী চহৰত সমদল উলাই ধুবুৰী উপায়ুক্তৰ কাৰ্য্যালয়ত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ছাত্ৰী গৰাকী ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ B.A 3rd SEMISTER’ত অধ্যয়ন কৰি আছে আৰু ছাত্ৰী গৰাকীৰ ঘৰ ধুবুৰী ধৰ্মশালা ১৪ মাইলত বুলি জানিব পৰা গৈছে ৷

Leave A Reply

Your email address will not be published.