Breaking

কলকাতাত সংঘটিত হোৱা ঘটনাৰ বিৰুদ্ধে এন এফ ৰেলৱে এম্পলয়িজ ইউনিয়নৰ মালিগাঁৱত প্ৰতিবাদী সমদল…

0 11

কলকাতাত চিকিৎসকক ধৰ্ষণ – হত্যাৰ বিৰূদ্ধে এন এফ ৰেলৱে এম্পলয়িজ ইউনিয়নৰ মালিগাওঁত প্ৰতিবাদী সমদল

কলকাতাৰ আৰ.জি.কৰ মেডিকেল কলেজৰ তৰুণী চিকিৎসক ধৰ্ষণ- হত্যাৰ ঘটনাই সমগ্র দেশক জোঁকাৰি গৈছে। দেশৰ বিভিন্ন প্ৰান্তৰ চিকিৎসালয়কে ধৰি শিক্ষা প্ৰতিষ্ঠান আৰু বিভিন্ন দল – সংগঠন সমূহেও ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে । আনহাতে উত্তৰ পূব সীমান্ত ৰেলৱেৰ সৰ্ববৃহৎ ট্ৰেড ইউনিয়ন হিচাপে পৰিচিত এন এফ ৰেলৱে এম্পলয়িজ ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশনা অনুসৰি পাঁচটা সংমণ্ডল আৰু ৫৫ টা শাখাই কালিৰে পৰা ইয়াৰ বিৰুদ্ধে তিনিদিনীয়াকৈ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে । ইয়াৰ অংশহিচাপে বিয়লি কাৰ্যালয় ছুটিৰ পাছত ইউনিয়নৰ হেড কোৱাৰ্টাৰ শাখা, একাউণ্টছ শাখা আৰু হেড কোৱাৰ্টাৰ মহিলা শাখাৰ যৌথ উদ্যোগত উত্তৰ পূব

সীমান্ত ৰেলৱেৰ মালিগাঁওস্থিত সদৰ কাৰ্যালয়ৰ সন্মুখত হাতে হাতে মমবাতি লৈ কেন্দ্ৰীয়ভাৱে এক বিশাল প্ৰতিবাদী সমদল উলিওৱা হয়। ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক মুনীন্দ্ৰ শইকীয়া , কাৰ্যকৰী সাধাৰণ সম্পাদক শেখৰ দাস, উপ সভাপতি ত্ৰিদীপ মজুমদাৰ, যুটীয়া সাধাৰণ সম্পাদক দিগন্ত বৰুৱা আৰু প্ৰকাশ বৰ্মন, সহকাৰী সাধাৰণ সম্পাদক প্ৰণীতা মজুমদাৰ, কাৰ্যালয় সম্পাদক কস্তুৰী দত্ত, সাংগঠনিক সম্পাদক হিমাংশু পাল আৰু ধ্ৰুৱ তালুকদাৰ , হেড কোৱাৰ্টাৰ শাখাৰ সভাপতি পংকজ দাস আৰু সম্পাদক ভাস্কৰ ভূষণ দাস, একাউণ্টছ শাখাৰ সম্পাদক ৱাহিদুৰ ৰহমান, হেড কোৱাৰ্টাৰ মহিলা শাখাৰ সম্পাদিকা মিতালী দত্তকে ধৰি কেবাজনো বিষয়ববীয়া

আৰু কেবা শতাধিক ৰেল কৰ্মচাৰীয়ে ভাগ লয়। আনহাতে সমদলত ভাগ লোৱা সকলোৱে হাতে হাতে মমবাতি লৈ প্লে – কাৰ্ড প্ৰদৰ্শন কৰি কলকাতাৰ তৰুণী চিকিৎসক ধৰ্ষণ-হত্যাৰ ঘটনাৰ উচিত তদন্ত আৰু দোষীসকলক চিনাক্ত কৰি ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে কঠোৰতম শান্তি বিহিবলৈ চৰকাৰক দাবী জনায় । ইউনিয়নৰ নেতা মুনীন্দ্ৰ শইকীয়াই জানিবলৈ দিয়া মতে সমাজসেৱাত ব্ৰতী চিকিৎসকসকল যদি নিজ কৰ্তব্যস্থলতেই সুৰক্ষিত নহয় তেনেহলে কিদৰে আতুৰ জনতাক নিৰ্ভিকভাবে চিকিৎসা সেৱা আগবঢ়াব সেয়া এক প্ৰশ্নবোধক! সমদলৰ অন্তত প্ৰয়াত চিকিৎসক গৰাকীৰ বিদেহ আত্মাৰ সদগতি কামনা কৰি তেওঁৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰা হয়।

Leave A Reply

Your email address will not be published.