শিৱসাগৰ, ২০ মাৰ্চ: Sivasagar । শিৱসাগৰত আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত এক উত্তাল প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ৰাজ্যৰ পলিটেকনিক মহাবিদ্যালয়সমূহৰ অংশকালীন প্ৰৱক্তাসকলক চাকৰিৰ পৰা অব্যাহতি দিয়াৰ চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে সংগঠনটোৱে ৰাজপথলৈ ওলাই আহে।
প্ৰতিবাদকাৰীসকলে ৰাজ্য চৰকাৰ আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ বিৰুদ্ধে তীব্ৰ শ্ল’গান দিয়ে। “ৰণোজ পেগু মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ” ধ্বনিৰে শিৱসাগৰৰ পথঘাট উত্তাল হৈ পৰে। প্ৰতিবাদকাৰীসকলে দাবী কৰে যে, অংশকালীন প্ৰৱক্তাসকলৰ চাকৰি পুনঃস্থাপন কৰি সিহঁতৰ চাকৰি শীঘ্ৰেই নিয়মীয়াকৰণ কৰিব লাগিব।
ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ শতাধিক সদস্যই “জয় আই অসম,” “পলিটেকনিক শিক্ষকসকলক চাকৰি ঘূৰাই দিব লাগিবই,” আৰু “ৰণোজ পেগুৱে পদত্যাগ কৰক” আদি শ্ল’গান দি বিক্ষোভ প্ৰদৰ্শন কৰে। সংগঠনটোৱে চৰকাৰৰ সিদ্ধান্তক জনবিৰোধী বুলি অভিহিত কৰি কয় যে, যদি অতি শীঘ্ৰেই সমস্যাৰ সমাধান নকৰে, তেন্তে বৃহত্তৰ আন্দোলন সংগঠিত কৰা হ’ব।
বিক্ষোভৰ ফলত শিৱসাগৰৰ কেইবাখনো পথত যানবাহনৰ চলাচল ব্যাহত হয়। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত থাকি পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে। সংগঠনটোৱে কয় যে, চৰকাৰে যদি দাবী পূৰণ নকৰে, তেন্তে আন্দোলনৰ ক্ষেত্ৰত আৰু কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব।