Breaking

পু এন ফ’ ৱাইল্ডৰ আবাসিক প্ৰকৃতি শিবিৰ সম্পন্ন…

0 30

পৰিৱেশ বিষয়টো কেৱল কিতাপৰ মাজতে সীমাবদ্ধ নহয়। পৰিৱেশ বিষয়টো জানিবলৈ, বুজিবলৈ হ’লে আমি ইয়াৰ ওপৰত পুংখানুপুংখ ভাৱে অধ্যয়ন কৰিব লাগিব লগতে পৰিৱেশক ওচৰৰ পৰা অনুধাৱন কৰিবলৈ হ’লে পৰিৱেশ মাজত নিজেই থাকি সম‌য় অতিবাহিত কৰিলে অধ্যয়নৰ ফলাফল বেছি ফলপ্ৰসূ হয়। বৰ্তমান সময়ত আমাৰ ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰতি সততে এটা প্ৰশ্নৰ সন্মুখীন হোৱা দেখা যায় বা অভিভাৱক সকলে কয় যে, আজিকালি ইন্টাৰনেট, ম’বাইল, লেপটপ আদিত অধিক সময় দিয়াৰ বাবে ছাত্ৰ-ছাত্ৰী সকলে আমাৰ ধুনীয়া পৰিৱেশৰ কথাবোৰ যেন অনুভৱ কৰিব পৰা নাই। পৰিৱেশ বিষয়ক কথাবোৰ ওচৰৰ পৰা অনুভৱ কৰিবলৈ আৰু আমাৰ ছাত্ৰ-ছাত্ৰী সকলক আমাৰ ধুনীয়া পৰিৱেশটোৰ সৈতে একাত্ম কৰিব পৰাকৈ এটা পৰিৱেশ গঢ়ি দিবৰ বাবে বিগত বৰ্ষ বোৰৰ দৰে এই বছৰো ২০২৪ চনৰ জুলাই মাহৰ ৪, ৫, ৬,৭ তাৰিখে পু এন ফ’ ৱাইল্ডৰ উদ্যোগত মেগামিক্স প্ৰকৃতি সংঘ, অসম বিজ্ঞান সমিতি আৰু মহিলা কোষ ঢকুৱাখনা শাখাৰ সহযোগত ঢকুৱাখনাৰ ঐতিহ্যপূৰ্ণ পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৱাসিক প্ৰকৃতি শিবিৰ আয়োজন কৰা হয়। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৪৫ জন শিশুৰ পঞ্জীয়নৰ কৰে পু এন ফ’ ৱাইল্ডৰ সহ:প্ৰতিষ্ঠাপক ধ্ৰুৱ জ্যোতি চেতিয়াই।


অসম বিজ্ঞান সমিতি , ঢকুৱাখনা শাখাৰ সম্পাদক তথা পু এন ফ’ ৱাইল্ডৰ সহ:প্ৰতিষ্ঠাপক শ্ৰী বিমান সন্দিকৈয়ে আঁতধৰা উদ্বোধনী অনুষ্ঠানৰ উদ্বোধন কৰে অসম বিজ্ঞান সমিতিৰ উপ-সভাপতি ড° অমল চন্দ্ৰ দত্তদেৱে। প্ৰকৃতি, পৰিৱেশ অন্ধবিশ্বাস আৰু বিজ্ঞানৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰি ড° দত্তদেৱে উপস্থিত শিশুসকলক শিবিৰৰ নীতি নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনায় । উক্ত অনুষ্ঠানতেই প্ৰকৃতি শিবিৰৰ লগত সংগতি ৰাখি পু এন ফ’ ৱাইল্ডৰ তিনিওজন প্ৰতিস্থাপক ক্ৰমে মানস প্ৰতিম দত্ত , বিমান সন্দিকৈ আৰু ধ্ৰুৱ জ্যোতি চেতিয়াৰ সম্পাদনাত প্ৰকাশিত পুস্তিকা সেউজবুলীয়াৰ প্ৰকৃতি শিবিৰ বিশেষ সংখ্যা উন্মোচন কৰে ঢকুৱাখনা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক শ্ৰীযুত ইন্দিবৰ বুঢ়াগোহাঁঞিদেৱে । আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে অসম বিজ্ঞান সমিতি, ঢকুৱাখনা শাখাৰ সভাপতি শ্ৰীযুত দিগেন্দ্ৰনাথ হাজৰিকা , অসম চৰকাৰৰ পৰিৱশমিত্ৰ সন্মান লাভ কৰা দেৱজিত ফুকন, অসম বিজ্ঞান সমিতিৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক শ্ৰীযুক্তা পদ্মা বৰা, অসম বিজ্ঞান সমিতি মহিলা কোষ , ঢকুৱাখনা শাখাৰ সম্পাদিকা স্বৰ্ণলতা গগৈ চমুৱা, আজীৱন সদস্য শ্ৰীযুত হেমন্ত বৰুৱা আদি ভালেকেইজন প্ৰকৃতি আৰু বিজ্ঞান কৰ্মী। অসম বিজ্ঞান সমিতি, মহিলা আৰু বিজ্ঞান উপ-সমিতিৰ আহ্বায়িকা শ্ৰীযুক্তা সান্ত্বনা বৰুৱাৰ পৰিচালনাত শিবিৰত উপস্থিত থকা আবাসী সকলৰ চিনাকি পৰ্ব অনুষ্ঠান অনুষ্ঠিত হয়। বিহু গীতত পৰিৱেশ আৰু বিজ্ঞান বিষয়ক প্ৰথমটো বিষয়ৰ উপৰত আলোচনা কৰে সমল ব্যক্তি শ্ৰীযুক্তা স্বৰ্ণলতা গগৈ চমুৱাই। ৰাতিলৈ লতাশিল বিহু সম্ৰাজ্ঞী শ্ৰীযুক্তা ঋতুপৰ্না সন্দিকৈ , লোকশিল্পী প্ৰাঞ্জল ফুকন আৰু মুন্না চমুৱাই গীত-নৃত্যৰে সকলোৰে মন পুলকিত কৰে। ১০.৩০ বজাত ৰাতিৰ আহাৰ গ্ৰহণ কৰি প্ৰথম দিনৰ কাৰ্যসূচী সামৰণি পৰে। প্ৰথম দিনাৰ ৰাতিৰ আহাৰ সাঁজ প্ৰদান কৰিছিল ফৰকাটিং মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ড° অজন্তা ৰাজখোৱাই।


৫ জুলাই , ২০২৪ তাৰিখৰ ৰাতিপুৱাৰ আহাৰ গ্ৰহণৰ পিছতেই পোৱা ৭ বজাৰ পৰা Ray Foundation and Sanitation Health Empowerment ৰ প্ৰতিস্থাপক তথা প্ৰকৃতি শিবিৰৰ সমল ব্যক্তি শ্ৰীমতী শিখা বৰুৱাই নাৰীৰ মাহেকীয়া স্বাস্থ্য , অন্ধবিশ্বাস আৰু বিজ্ঞান বিষয়ক আলোচনা আগবঢ়ায় । বিৰতিৰ পিছতেই পৰিৱেশ , প্ৰকৃতি আৰু মানুহ বিষয়ক আলোচনা আগবঢ়াই পৰিৱেশমিত্ৰ শ্ৰীযুত দেৱজিত ফুকন দেৱে । দুপৰীয়া নদী আৰু মানুহ বিষয়ক আলোচনা আগবঢ়াই নদী বিশেষজ্ঞ , লেখক সাংবাদিক শ্ৰীযুত শৈলেন বৰুৱাদেৱে । চাহ বিৰতিৰ অন্তত চিলাপথাৰ মহাবিদ্যালয়ৰ ৰসায়ন বিভাগৰ সহকাৰী অধ্যাপিকা ড° শ্ৰীময়ী ফুকনে যাদু , বিজ্ঞান আৰু অন্ধবিশ্বাস বিষয়ত ৰসায়নৰ বিভিন্ন ক্ৰিয়াকলাপৰ মাজেৰে ছাত্ৰ ছাত্ৰীৰ উপযোগী মন্তব্য আগবঢ়ায়। ইয়াৰ পিছতেই পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী শ্ৰীযুক্তা ইন্দিৰা গগৈয়ে লোকসংস্কৃতি আৰু বিজ্ঞান বিষয়ক আলোচনা আগবঢ়াই । সমল ব্যক্তি ত্ৰিবেণী ৰঞ্জন গগৈয়ে দুঃসাহসিক ক্ৰীড়া আৰু অসম বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ শ্যামল শইকীয়াই থলুৱা চৰাই সংৰক্ষণ আৰু প্ৰকৃতিৰ অৱদান বিষয়ক আলোচনা আগবঢ়ায়। ৰাতিলৈ শিল্পী সুনীল চেতিয়াৰ গীতৰ অনুষ্ঠান অনুষ্ঠিত হয়।
তৃতীয় দিনৰ কাৰ্যসূচী আৰম্ভ হয় থলুৱা পক্ষী নিৰীক্ষণ আৰু তথ্য সংগ্ৰহ কৰে ছাত্ৰ ছাত্ৰী সকলে সমল ব্যক্তি পৰিৱেশ মিত্ৰ দেৱজিত ফুকন আৰু শ্যামল শইকীয়াৰৰ সহযোগত । দিনৰ ১১ বজাৰ পৰা জৰুৰীকালীন সময়ত লবা লগা সাৱধানতা আৰু চিকিৎসা আদিৰ বিষয়ে আলোচনা কৰে সমল ব্যক্তি SDRF , অসমৰ সৈনিক মানস প্ৰতিম শইকীয়াই । আবেলি বন্যপ্ৰাণী সুৰক্ষা আৰু মানুহ বিষয়ক আলোচনা আগবঢ়াই পশু চিকিৎসা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডঃ প্ৰশান্ত কুমাৰ বড়ো আৰু ঢকুৱাখনা পশু চিকিৎসালয়ৰ চিকিৎসক ডঃ ৰূপম গগৈ দেৱে । ৰাতিলৈ আবাসিক শিবিৰৰ শিশু সকলে প্ৰকৃতি বিষয়ক বিভিন্ন গীতেৰে দিনটো সামৰণি পৰে।
৭ জুলাই , ২০২৪ তাৰিখে পু এন ফ’ ৱাইল্ডৰ কৰ্মী সকলে ছাত্ৰ ছাত্ৰী সকলক পৰিৱেশ আৰু প্লাষ্টিকৰ ভয়াবহতাৰ বিষয়ে আলোচনা আৰু পৰিৱেশ নিকাকৰণ কাৰ্যসূচী গ্ৰহণ কৰে। সামৰণি অনুষ্ঠানত প্ৰতিজন সমল ব্যক্তিক একোখনকৈ মানপত্ৰ , এটা কাপোৰৰ বেগ , সেউজবুলীয়া পুস্তিকা, গ্ৰন্থ আদি প্ৰদান কৰা হয় লগতে প্ৰতিজন ছাত্ৰ ছাত্ৰীক একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয় । সভাৰ শেষত শ্ৰেষ্ঠ আবাসিক ছাত্ৰ মনোজ্জ্বল পেগু , (মাজুলী) আৰু শ্ৰেষ্ঠ আবাসিক ছাত্ৰী বিভাৰাণী শইকীয়া (ঢকুৱাখনা)ক বঁটা প্ৰদান কৰা হয় ।

Leave A Reply

Your email address will not be published.