অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ গোগামুখ তৰাজানত ৰাজহুৱা সভাঃ শান্তি-সম্প্ৰীতি অটুত ৰখাৰ আহ্বান 

অসম-অৰুণাচল প্ৰদেশ সীমান্তবৰ্তী ধেমাজি জিলাৰ গোগামুখৰ জয়ৰামপুৰৰ তৰাজানত সোমবাৰে এক বৃহৎ ৰাজহুৱা সভা অনুষ্ঠিত হয়। উক্ত ৰাজহুৱা সভাত অসম আৰু অৰুণাচল প্ৰদেশৰ একাংশ লোকৰ মাজত ভূমিক লৈ চলিত মাহৰ ৫ জুনত সংঘটিত হোৱা হিংসাত্মক কাৰ্যৰ ওপৰত আলোচনা কৰা হয়৷

স্থানীয় ৰাইজে দাবী কৰে যে তৰাজান অঞ্চলৰ মূল সীমান্তবৰ্তী গাল’ বা আদী আৰু অসমৰ মানুহৰ মাজত কোনো সংঘাত নাই ৷ সীমান্তৰ বাহিৰৰ লোকেহে  সীমান্তৰ সহজ-সৰল শান্তিপ্ৰিয় লোক সকলৰ মাজত অশান্তিৰ পৰিৱেশ  সৃষ্টি কৰিছে৷

সম্প্ৰতি চলিত মাহৰ ৫ জুনত সংঘটিত অনাকাংক্ষিত ঘটনাৰ বাবে সীমান্তবৰ্তী ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈ আছে  আৰু সকলোধৰণৰ ব্যৱসায়ীক লেন-দেন বন্ধ হৈ পৰিছে৷ তদুপৰি অসমত অধ্যয়ণ কৰি থকা অৰুণাচল প্ৰদেশৰ ছাত্ৰ-ছাত্ৰীসকল অধ্যয়ণৰ বাবে গোগামুখৰ নলবাৰী আৰু জয়ৰামপুৰলৈ উভতি অহা নাই ৷ 

এনেক্ষেত্ৰত অসমৰে হওঁক বা অৰুণাচল প্ৰদেশৰ লোকেই হওঁক সকলো পক্ষকে  সীমান্তত হিংসাৰ বীজ ৰোপণ নকৰিবলৈ সীমান্তবাসী ৰাইজে আহ্বান জনায় ৷

ৰাজহুৱা সভাত সকলো জাতি-জনজাতিৰ লোকক সামৰি এখন স্থায়ী শান্তি সমিতি গঠন কৰা হয় ৷ উক্ত সভাতে সীমান্তবৰ্তী অঞ্চলত শান্তি অটুট ৰখাৰ স্বাৰ্থত কেবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷

Related Articles