Breaking

সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱনিৰ্মিত ভৱন বিষয়ক ৰাজহুৱা সভা, শৈক্ষিক পৰিৱেশ অক্ষুণ্ণ ৰাখি হ’ব নতুন নিৰ্মাণ কাৰ্য…

0 26

গুৱাহাটীৰ ভৰলুমুখস্থিত আৰু ১৩০ টা বৰ্ষত ভৰি দিয়া ঐতিহ্যমণ্ডিত সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ তৎপৰতাত অসম চৰকাৰৰ লোক নিৰ্মাণ গৃহ বিভাগে নতুন ভৱন নিৰ্মাণৰ বাবে আঁচনি গ্ৰহণ কৰিছে। আনহাতে বিদ্যালয়ৰ নতুন ভৱন নিৰ্মাণ কৰা বিষয়ত আলোচনা কৰাৰ বাবে আজি বিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিদ্যালয় পৰিচালনা সমিতি আৰু বিদ্যালয় কৰ্তৃপক্ষৰ আহ্বান ক্ৰমে এখন ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায়। সভাত সভাপতিত্ব কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মালবিকা চৌধুৰীয়ে। সভাত স্থানীয় ৰাইজ, বিদ্যালয়ৰ শিক্ষক- কৰ্মচাৰী , বহুসংখ্যক প্ৰাক্তন ছাত্ৰকে ধৰি কেবাজনো নেতৃস্থানীয় লোক উপস্থিত থাকে। আনহাতে বিদ্যালয়ত প্ৰাক্তন ছাত্ৰ , তথা পৰিচালনা সমিতিৰ সদস্য ধ্ৰুৱজ্যোতি মৰলে আঁত ধৰা সভাত বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা ডঃ দিপীকা চৌধুৰী, প্ৰাক্তন অধ্যক্ষ মঞ্জু ৰাণী বৰ্মন , গুৱাহাটী পৌৰ নিগমৰ ১৪ নং ৱাৰ্ডৰ পাৰিষদ মঞ্জু বৰা , প্ৰাক্তন পাৰিষদ জ্যোতি পাঠক, প্ৰাক্তন ছাত্ৰ সন্মিলনৰ সভাপতি জয়দুল ইচলাম ৰেগনিৰ স্বত্বাধিকাৰী ৰাজীৱ বৰা, দিগন্ত বৰা, ডঃ জিতেন দাস, জগদীশ দাসৰ লগতে লোক নিৰ্মাণ বিভাগৰ আৰু ঠিকাদাৰ অভিজিত কলিতাই নিৰ্মাণ প্ৰসংগত আৰু লবলগীয়া ব্যৱস্থা সম্পৰ্কে বক্তব্য ডাঙি ধৰে।


সভাৰ আৰম্ভণিতে গুৱাহাটীৰ ঐতিহ্যমণ্ডিত পুৰণি বিদ্যালয়খন বৰ্তমান ভাগি চাগি যোৱাৰ সময়তে মুখ্যমন্ত্ৰীৰ এই মহান পদক্ষেপক সকলোৱে আন্তৰিৰতাৰে ধন্যবাদ জ্ঞাপন কৰে । আৰু অতি শীঘ্ৰে নিৰ্মাণ কাৰ্য সম্পন্ন কৰিবৰ বাবে বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষই আনুষ্ঠানিকভাৱে বিদ্যালয়ৰ নিৰ্মাণ কাৰ্য্য লোক নিৰ্মাণ বিভাগক অৰ্পণ কৰে। সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তুাৱ গ্ৰহণ কৰা হয় । তাৰ ভিতৰত বিদ্যালয়ৰ নতুন ভৱন নিৰ্মাণৰ সময়চোৱাত শৈষিক পৰিবেশ বিঘ্নিত নোহোৱাৰ বাবে নিৰ্মাণৰ বাবে শ্ৰেণী কোঠাসমূহ নভঙাৰ আগে আগে সূচাৰুৰূপে ক্লাছবোৰ চলি থকাৰ বাবে প্ৰয়োজন সাপেক্ষ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে লোক নিৰ্মাণ বিভাগক অনুৰোধ জনোৱা হয়। লগতে বাথৰুম , প্ৰস্ৰাৱগাৰ আদিৰ ব্যৱস্থাও ৰাখিবৰ বাবে আহ্বান জনোৱা হয় । ইয়াৰ উপৰিও বিদ্যালয়ৰ অৰ্ধনিৰ্মিত ভৱনটোতে অস্থায়ীভাৱে ক্লাছ সমূহ চলাই নিয়াৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সেই মৰ্মে নিৰ্মাণ কৰ্তৃপক্ষই অতি শীঘ্ৰে অৰ্ধনিৰ্মিত ভৱনটো ক্লাছৰ বাবে উপযোগী কৰি দিব বুলি সন্মতি প্ৰকাশ কৰে।। ইতিমধ্যে একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বিজ্ঞান বিভাগ আৰু লেবৰটৰী এই তিনিওটা বিদ্যালয়ৰ পূৰ্বৰ হোষ্টেললৈ স্থানান্তৰিত কৰা হৈছে।

Leave A Reply

Your email address will not be published.