Breaking

গুৱাহাটীৰ ৬০ নম্বৰ ৱাৰ্ডত ৰাজহুৱা শৌচগাৰ আৰু পথ মুকলি

0 14

গুৱাহাটী পৌৰ নিগমে জনহিতকৰ কাৰ্যসূচীৰ অংশ হিচাপে ৱাৰ্ড সমূহত অনাময় অৱস্থাৰ উন্নতি সাধনৰ লক্ষ্যৰে ৰাজহুৱা শৌচাগাৰ আৰু যাতায়াত ব্যৱস্থাৰ উন্নতি সাধনৰ বাবে পথ নিৰ্মাণ কৰি আহিছে।

এই কাৰ্যসূচীৰ অধীনত গুৱাহাটী পৌৰ নিগমৰ ৬০ নম্বৰ ৱাৰ্ডৰ সদাব্যস্ত খানাপাৰাত এটা ৰাজহুৱা শৌচাগাৰ আৰু পাঞ্জাবাৰীত নতুনকৈ এটা পথ নিৰ্মাণ কৰা হৈছে।

আজি মাংগলিক কাৰ্যৰ মাজেৰে ৰাজহুৱা শৌচাগাৰ আৰু পথটো মুকলি কৰে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই।

এই উপলক্ষে ৬০ নম্বৰ ৱাৰ্ডৰ পাৰিষদ ভূপেন বৰুৱাই আঁত ধৰা অনুষ্ঠানত ভাষণ প্ৰসংগত মেয়ৰ মৃগেন শৰণীয়াই গুৱাহাটী পৌৰ নিগমে আগন্তুক দিনত গুৱাহাটীৰ আন ৱাৰ্ডৰ লগতে ৬০ নম্বৰ ৱাৰ্ডৰ উন্নয়নৰ বাবে কেনে ধৰণৰ আঁচনি গ্ৰহণ কৰিছে তাৰ আলোকপাত কৰে।

অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ দিছপুৰ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা হিৰণ্য কুমাৰ হাজৰিকা , বিজেপিৰ ৰাজধানী মণ্ডল কমিটিৰ সভাপতি ভাস্কৰ ডেকাকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.