শেহতীয়াকৈ স্বাস্থ্য সচেতন লোকৰ মাজত ৰঙালাউ গুটিয়ে জনপ্ৰিয়তা লাভ কৰিছে। কুমলীয়া ৰঙালাউ গুটি খালে শৰীৰৰ বহু উপকাৰ হয়।(Pumpkin Seeds)
পুষ্টিকৰ মূল্যৰ ফালৰ পৰা আন শাক-পাচলিতকৈ কম নহয় ৰঙালাউ গুটি। ছাল আৰু চুলিৰ স্বাস্থ্যৰ পৰা আৰম্ভ কৰি হজম শক্তি বৃদ্ধি কৰালৈকে ৰঙালাউ গুটিৰ বহু উপকাৰ আছে। শেহতীয়াকৈ স্বাস্থ্য সচেতন লোকৰ মাজত ৰঙালাউ গুটিৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে। ৰঙালাউ গুটি খালে শৰীৰৰ কি কি উপকাৰ হয় জানক।(Pumpkin Seeds Benefits)
১) প্ৰষ্টেট সম্পৰ্কীয় সমস্যা ৰোধ কৰে
পুৰুষৰ বয়স বৃদ্ধিৰ লগে লগে প্ৰষ্টেট গ্ৰন্থিৰ আকাৰো বাঢ়ি যায়। এনে সমস্যা নিয়ন্ত্ৰণত ৰখাত জিংকৰ ভূমিকা আছে। এই খনিজ ৰঙালাউ গুটিত প্ৰচুৰ পৰিমাণে পোৱা যায়। বিভিন্ন গৱেষণাৰ পৰা দেখা গৈছে যে নিয়মিতভাৱে ৰঙালাউ গুটি সেৱন কৰিলে পুৰুষৰ হৰম’নৰ ভাৰসাম্য ৰক্ষা হয়। এই বীজে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিতো সহায় কৰে।
২) অনিদ্ৰাৰ পৰা উপশম দিয়ে
‘চেৰ’টনিন’ আৰু ‘মেলাটনিন’ নামৰ দুটা হৰম’নে টোপনিৰ চক্ৰ নিয়ন্ত্ৰণ কৰে। এই হৰম’নবোৰৰ বিঘিনি ঘটিলে স্বাভাৱিক টোপনিৰ চক্ৰত ব্যাঘাত জন্মে। ৰঙালাউ গুটিত ‘ট্ৰিপ্ট’ফেন’ নামৰ এবিধ পদাৰ্থ থাকে। যিটো আচলতে এক প্ৰকাৰৰ এমিনো এচিড। এই উপাদানটোৱে পুনৰ ‘Serotonin’ আৰু ‘Melatonin’ হৰম’নৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে।
৩) ছালৰ বাবে ভাল
ৰঙালাউ গুটিত ভিটামিন ইৰ দৰে এন্টিঅক্সিডেন্ট প্ৰচুৰ পৰিমাণে থাকে। যিয়ে শৰীৰত ফ্ৰী ৰেডিকেলৰ ভাৰসাম্যও বজাই ৰাখে। ফলত অক্সিডেটিভ চাপ বৃদ্ধি হ’ব নোৱাৰে। কিন্তু ছালখন ধুনীয়া কৰি ৰখাত অতি প্ৰয়োজনীয়। ইয়াৰ উপৰিও ছালত আৰ্দ্ৰতা ধৰি ৰখাত সহায় কৰে। ছালৰ লৰচৰ বা বলিৰেখাও ৰোধ কৰিব পাৰি।
৪) হৃদয়ৰ বাবে ভাল
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাত খনিজ মেগনেছিয়ামে উল্লেখযোগ্য ভূমিকা পালন কৰে। কুমলীয়া গুটি মেগনেছিয়ামৰ উৎস। মেগনেছিয়ামে ৰক্তচাপ স্বাভাৱিক কৰি ৰখাতো সহায় কৰে, তেজত থকা ‘বেয়া’ কলেষ্টেৰল বা ‘এল ডি এল’ৰ মাত্ৰা কমাই দিয়ে। ইয়াৰ উপৰিও প্ৰদাহজনিত সমস্যা নিয়ন্ত্ৰণৰ বাবেও মেগনেছিয়ামৰ প্ৰয়োজন হয়।
৫) হজম শক্তিত সহায়ক
ৰঙালাউ গুটিত আঁহৰ পৰিমাণ বেছি। এই উপাদানে অন্ত্ৰৰ যত্ন লয়। পাচনতন্ত্ৰৰ সমস্যা নিৰাময় কৰে। বৃহদান্ত্ৰ পৰিষ্কাৰ কৰি ৰাখে। কেৱল এয়াই নহয়, তেজৰ চেনিৰ মাত্ৰা স্বাভাৱিক কৰি ৰখাতো সহায় কৰে।