Breaking

নগাঁৱৰ ভালুকমাৰীত পুতলা মহোৎসৱ ২০২৪, পুতলাৰ জৰিয়তে কৃষ্ণৰ জন্ম কাহিনী প্ৰদৰ্শন…

0 74

আন্তঃৰাষ্ট্ৰীয় পুতলা মহোৎসৱ ২০২৪ৰ অনুষ্ঠানৰ অংশ হিচাপে বুধবাৰে নগাঁৱৰ কাহিগুৰি ভালুকমাৰী প্ৰাথমিক বিদ্যালয়ত পুতলা নৃত্য প্ৰদৰ্শন কৰা হয়। পুতলাৰ জৰিয়তে শ্ৰীকৃষ্ণৰ জন্মৰ কাহিনী সকলোৰে সন্মুখত উপস্থাপন কৰিছে পুতলা শিল্পী কুশ্ৰম বৰদলৈয়ে সুৰীয়া সংগীতৰ সংযোজনেৰে নিখুঁত পৰিচালনাৰে।

পুতলা নৃত্যৰ লগতে খেলনা নিৰ্মাণৰ কৌশলেও কৰ্মশালাৰ জৰিয়তে সকলোকে অৱগত কৰে। মন কৰিবলগীয়া যে অনুষ্ঠানটোত প্ৰথমবাৰৰ বাবে ইতিহাসৰ এক ৰূপ হিচাপে পুতলা উৎসৱলৈ আমন্ত্ৰিত ধুলীয়া নৃত্যশিল্পীসকলৰ বিহু ছন্দত পুতলাৰ দ্বাৰা মঞ্চত বিহু নৃত্যও পৰিবেশন কৰা হৈছে।

পুতলাগৰাকীয়ে পৰিবেশন কৰা বিহু নৃত্যই বিদ্যালয় চৌহদত অসমীয়াৰ আগন্তুক মাঘ বিহুৰ এক পৰিৱেশৰ সৃষ্টি কৰে। উত্তৰ-পূৱ পুতলা শিল্পৰ ইতিহাসত প্ৰথমবাৰৰ বাবে পুতলা ৰূপত বিহু নৃত্যশিল্পী আৰু উত্তৰ-পূব পুতলা মহোৎসৱৰ ২ দিনটোত এটা জীৱন্ত বিহু নৃত্যশিল্পী দলে অনুষ্ঠান পৰিৱেশন কৰে। বিদ্যালয়খনত আয়োজিত পুতলা নৃত্য অনুষ্ঠানত আই এ চি এফৰ সঞ্চালক প্ৰধান শ্ৰীবাৎস শণ্ডিল্য উপস্থিত থাকে। উত্তৰ-পূৰ্বাঞ্চলৰ পুতলা পৰম্পৰাক পুনৰুজ্জীৱিত কৰাৰ উদ্দেশ্য।

Leave A Reply

Your email address will not be published.