দুদিনীয়াকৈ আৰম্ভ হ’ল পুৰীৰ বিখ্যাত ৰথযাত্ৰা, উপস্থিত থাকিল ৰাষ্ট্ৰপতি মুৰ্মু…

দেওবাৰে পুৱা আৰম্ভ হয় পুৰীৰ জগন্নাথ মন্দিৰৰ বিখ্যাত ৰথযাত্ৰা।এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে শনিবাৰেই ওড়িশাত উপস্থিত হৈছিল  ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। এই ৪ দিনীয়া ওড়িশা ভ্ৰমণত দেওবাৰে ৰাষ্ট্ৰপতি মুৰ্মুৱে পুৰীত থাকিব। ৰথযাত্ৰাত   ভিৰ নিয়ন্ত্ৰণৰ বাবে অতিৰিক্ত সাৱধানতা অৱলম্বন কৰা হৈছে। বিশেষকৈ হাছৰাছৰ পদপিষ্টৰ ঘটনাৰ পিঠত অধিক সতৰ্ক হৈছে  নিৰাপত্তাৰ দায়িত্বত থকা বিষয়াসকল। ওড়িশা আৰক্ষীৰ এডিজি (আইন শৃংখলা) সঞ্জয় কুমাৰ  ​​পুৰীৰ ৰথ যাত্ৰাৰ সামগ্ৰিক নিৰাপত্তাৰ দায়িত্বত আছে। সংবাদ মাধ্যমক সম্বোধন কৰি তেওঁ কয় , “ৰথযাত্ৰাৰ সময়ত ৰাষ্ট্ৰপতি উপস্থিত থাকিব। তেওঁৰ লগতে আনসকলো ভক্তৰে  নিৰাপত্তাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে।” সঞ্জীৱ কুমাৰে কয়, এইবাৰ প্ৰথমবাৰৰ বাবে  সুৰক্ষা ব্যৱস্থাত এআই প্ৰযুক্তিৰ কেমেৰা আৰু ড্ৰ’ন  ব্যৱহাৰ কৰা হৈছে। ইয়াৰ দ্বাৰা ভক্তসকলৰ ওপৰত  তীক্ষ্ণ নিৰীক্ষণ, ট্ৰেফিক নিয়ন্ত্ৰণ আৰু সঠিক সময়ত সঠিক তথ্য লাভ কৰিব পৰা যাব।

নিৰাপত্তাৰ বাবে  চিআৰপিএফ আৰু এছঅ’জি গ্ৰুপ  আদিও নিয়োগ কৰা হৈছে। পুৰীৰ জগন্নাথ, বলৰাম, সুভদ্ৰাৰ ৰথৰ চাৰিওফালে কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ডি তোলা হৈছে।যাতে কোনেও ৰথ স্পৰ্শ কৰিব নোৱাৰে সেই বিষয়ত অধিক সতৰ্কতা অৱসম্বন কৰা হৈছে।  জৰুৰীকালীন পৰিস্থিতিত এম্বুলেন্সৰ চলাচলৰ বাবে ‘সেউজ কৰিড’ৰ’ৰ ব্যৱস্থা কৰা হৈছে। মন কৰিবলগীয়া যে দেশৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু এসময়ত ওড়িশাৰ ৰায়ৰাংপুৰৰ বিজেপি বিধায়িকা  আছিল। বিজেডি-বিজেপি মিত্ৰজোঁটৰ চৰকাৰতো তেওঁ  মন্ত্ৰী আছিল। সেই সময়ত তেওঁ প্ৰায়ে জগন্নাথ মন্দিৰলৈ গৈছিল। ২০২২ চনত ৰাষ্ট্ৰপতি হোৱাৰ পিছতো দ্ৰৌপদী মুৰ্মুৱে পুৰী মন্দিৰ পৰিদৰ্শন কৰিছিল। এইবাৰ ৰাষ্ট্ৰপতিয়ে পুৰীৰ ৰথ যাত্ৰাত যোগদান কৰিবলৈ আহিছে। উল্লেখ্য  পুৰীৰ বিশ্ব বিখ্যাত জগন্নাথ মন্দিৰৰ ৰহস্যময় ৰত্নভাণ্ডাৰকলৈ কৌতূহলৰ অন্ত নাই। শেহতীয়াকৈ  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখত  নিৰ্বাচনী প্ৰচাৰৰ সময়ত জগন্নাথ মন্দিৰৰ ৰত্ন ভাণ্ডাৰৰ প্ৰসংগ শুনা গৈছিল।  জগন্নাথ মন্দিৰৰ  গোপন ৰত্ন ভাণ্ডাৰত সাতটা কোঠা আছে। সেই কোঠাবোৰ ঠাহ খাই আছে মূল্যৱান ৰত্ন আৰু  গহনাৰে। সেই ৰত্ন আৰু গহণা দ্বাদশ শতিকাৰ বুলি বিশ্বাস কৰা হয়। মন্দিৰৰ ধনভাণ্ডাৰ শেষবাৰৰ বাবে ১৯৭৮ চনত মুকলি কৰা হৈছিল। উচ্চ ন্যায়ালয়ত দাখিল কৰা  শপতনামাত মন্দিৰ কৰ্তৃপক্ষই কৈছিল যে মন্দিৰটোত ১৫০ কিলোগ্ৰাম সোণ আৰু ১৮৪ কিলোগ্ৰাম ৰূপ আছে। 

১৯৭০ ৰ দশকৰ শেষৰ ফালে সকলো অলংকাৰ গণনা কৰা হৈছিল। পুৰীৰ জগন্নাথ মন্দিৰৰ ৰত্ন ভাণ্ডাৰ  ১৯৭৮ চনত এবাৰ  খোলা হৈছিল। ১৯৮৪  চনত জগন্নাথৰ মূৰত থকা গহনা  ভাঙি যোৱাৰ পিছত  অন্তিমবাৰৰ বাবে ৰত্ন ভাণ্ডাৰ খোলা হৈছিল। সেই সময়ত ৰত্ন ভাণ্ডাৰৰ পৰা  পৰা জগন্নাথৰ মুকুটৰ বাবে  কিছু  সোণ লোৱা হৈছিল। তাৰ পিছত ৰত্ন ভাণ্ডাৰটো খোলাৰ কোনো প্ৰয়োজন হোৱা নাছিল। ৰত্ন ভাণ্ডাৰত প্ৰায় ১৫০ বিধ  সোণৰ অলংকাৰ আছে, যাৰ ভিতৰত আছে জগন্নাথ, বলৰাম আৰু সুভদ্ৰাৰ সোণৰ মুকুট। ৰত্ন ভাণ্ডাৰত থকা সম্পদৰ  তালিকা তৈয়াৰ হোৱাৰ প্ৰায় ১০০ বছৰ পাৰ হৈ গৈছে। অৱশ্যে ইয়াৰ মাজতে অলংকাৰৰ পৰিমাণ যথেষ্ট বৃদ্ধি পাইছে। অলংকাৰৰ সঠিক পৰিমাণ এতিয়া অস্পষ্ট,  কিয়নো বহু বছৰ ধৰি ৰত্ন ভাণ্ডাৰত কোনেও প্ৰৱেশ কৰিব পৰা নাই। ৰত্ন ভাণ্ডাৰৰ মাত্ৰ ১০ শতাংশ  গহনাহে ভগৱান জগন্নাথক পৰিধান কৰোৱা হৈছে। ২০১৮  চনত ওড়িশা উচ্চ ন্যায়ালয়ে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ (এএছআই)বিভাগক ৰত্ন ভাণ্ডাৰৰ দুৱাৰ খুলি ৰত্ন ভাণ্ডাৰৰ মজিয়া, চাল আৰু দেৱালৰ অৱস্থা পৰীক্ষা কৰিবলৈ  অনুমতি দিছিল। অৱশ্যে  ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ, ওড়িশা চৰকাৰ আৰু জগন্নাথ মন্দিৰৰ প্ৰতিনিধিসকলে ৰত্ন ভাণ্ডাৰত উপস্থিত হ’ব নোৱাৰিলে।

Related Articles