গুৱাহাটী, ১৩ ডিচেম্বৰঃ জনপ্ৰিয় অভিনেতা আল্লু অৰ্জুনক(Actor Allu Arjun) এক বিশেষ গোচৰত(Pushpa 2- The Rule) আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে সমগ্ৰ দেশজুৰি অভিনেতাগৰাকীৰ অনুৰাগীৰ মাজত হাহাকাৰ লাগে।
হায়দৰাবাদৰ সন্ধ্যা থিয়েটাৰত ‘পুষ্পা ২: দ্য ৰুল’ৰ প্ৰিমিয়াৰত পদপিষ্ট হৈ এগৰাকী মহিলাৰ মৃত্যু ঘটাৰ গোচৰতে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। অৱশ্যে পিছত তেওঁক জামিনত মুক্তি দিয়া হয়। শুকুৰবাৰে পুৱা আল্লু অৰ্জুনক গ্ৰেপ্তাৰ কৰে হায়দৰাবাদ আৰক্ষীয়ে।
ইপিনে শেহতীয়াকৈ জানিব পৰা মতে নিহত মহিলাগৰাকীৰ স্বামী ভাস্কৰে গোচৰটো প্ৰত্যাহাৰ কৰিবলৈ সন্মত হৈছে। তেওঁ কয় যে তেওঁৰ পত্নীৰ মৃত্যুৰ বাবে আল্লু অৰ্জুনক জগৰীয়া কৰিব নোৱাৰি। আল্লু অৰ্জুনৰ পদপিষ্ট ঘটনাটোৰ লগত কোনো সম্পৰ্ক নাই।উল্লেখ্য উক্ত দুৰ্ভাগ্যজনক ঘটনাৰ পিছতে আল্লু অৰ্জুনে মৃতকৰ পৰিয়ালক ২৫ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰে।
তেওঁ নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত এটা ভিডিঅ’ পোষ্ট কৰি লিখিছে, ‘সন্ধ্যা থিয়েটাৰত সংঘটিত হোৱা কৰুণ ঘটনাত মই গভীৰভাৱে দুখী হৈছো। অনন্য কষ্টৰ এই সময়ত শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ আন্তৰিক সমবেদনা।
মই তেওঁলোকক আশ্বস্ত কৰিব বিচাৰো যে তেওঁলোক অকলশৰীয়া নহয় আৰু মই ব্যক্তিগতভাৱে তেওঁলোকৰ ওচৰলৈ যাম।’ অভিনেতা আল্লু অৰ্জুনক গ্ৰেপ্তাৰ কাণ্ডৰ নতুন মোৰ! মৃত মহিলাগৰাকীৰ স্বামী কৰিলে গুৰুত্বপূৰ্ণ মন্তব্য!
ইপিনে আদালতে আজি আল্লু অৰ্জুনৰ অন্তৰ্ৱৰ্তীকালীন জামিন মঞ্জুৰ কৰে। তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে অন্তৰ্ৱৰ্তীকালীন জামিন। উল্লেখ্য নামপল্লী আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল আল্লু অৰ্জুনক।