Breaking

বদ অভ্যাস ত্যাগ কৰক, হাৰ্ট এটেকৰ আশংকা কমিব…

0 66


ধূমপান আৰু হাৰ্ট এটেকৰ মাজত আছে এক গভীৰ সম্পৰ্ক। হাৰ্ট এটেক এক মাৰাত্মক ৰোগ। কিন্তু যদি বদ অভ্যাস এৰি দিয়ে, তেন্তে এই বিপদৰ পৰা হাত সাৰিব পাৰি। শেহতীয়া খবৰ অনুসৰি ভাৰতত প্ৰতি বছৰে এক লাখৰ ভিতৰত ২৭২ জন লোকৰ হৃদৰোগৰ বাবে মৃত্যু হয়। আনহাতে সমগ্ৰ বিশ্বৰ গড় প্ৰতি ১ লাখত ২৩৫ জন। প্ৰতি বছৰে প্ৰায় ১৩ৰ পৰা ১৪ লাখ লোক হৃদৰোগী হৈ পৰে। ইয়াৰে আঠ শতাংশ লোকৰ হাৰ্ট এটেক হোৱাৰ ৩০ দিনৰ ভিতৰতে মৃত্যু হয়, অৰ্থাৎ হাৰ্ট এটেক হোৱাৰ ৩০ দিনৰ ভিতৰত প্ৰায় ১.২৫ লাখ লোকে প্ৰাণ হেৰুৱায়।

প্ৰমাণ হৈছে যে চিগাৰেট খালে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। শেহতীয়াকৈ এক অধ্যয়নৰ জৰিয়তে প্ৰকাশ পাইছে যে ধূমপান এৰিলে হাৰ্ট এটেকৰ সম্ভাৱনা হ্ৰাস পায়। যদি আপুনিও এনে বিপদৰ প্ৰতি আশংকা কৰিছে তেন্তে বদ অভ্যাস ত্যাগ কৰক।


ইউৰোপৰ ৯খন দেশৰ ১৩,৩৭২ জন হৃদৰোগীক অন্তৰ্ভুক্ত কৰা হৈছিল। ৰোগীৰ ভিতৰত আছিল ২,৮৫৩ জন ধূমপায়ী, ৩,১৭৫ জন ধূমপান এৰি দিয়া আৰু ৭,৩৪৪ জন কেতিয়াও ধূমপান নকৰা। গৱেষণা আৰম্ভ কৰাৰ ২ বছৰ পিছত দেখা গ’ল যে সমীক্ষাত জড়িত ২.১ শতাংশ লোকৰ হাৰ্ট এটেকত মৃত্যু হৈছে।

Leave A Reply

Your email address will not be published.