Breaking

টিংখঙত কংগ্ৰেছ, বিজেপি ত্যাগ কৰি আপত যোগদান! ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ বাবে মুখ্যমন্ত্ৰীক সমালোচনা ডাঃ ভবেন চৌধুৰীৰ…

0 15

টিংখঙত দীৰ্ঘদিনৰ পৰা বিজেপিৰ সৈতে জড়িত সমষ্টি আৰু গাঁও পঞ্চায়ত পৰ্যায়ৰ বহুকেইগৰাকী নেতা-কৰ্মীয়ে আজি আম আদমী পাৰ্টিত যোগদান কৰে। টিংখং বিধান সভা সমষ্টিৰ ৰাজগড়স্থিত ভূঞা বিবাহ ভবনত অনুষ্ঠিত যোগদান সভাত আপৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰী, দলৰ জ্যেষ্ঠ নেতা মনোজ ধানোৱাৰ আৰু ডিব্ৰুগড় জিলা আপৰ নেতা শম্ভু তাঁতীৰ উপস্থিতিত আপত যোগদান কৰে পিঠাগুটি গাঁও পঞ্চায়তৰ বিজেপি সভাপতি জিতেন তাঁতী, কান্ত মুৰ্মু, বিনোদ ঘিছিঙৰ লগতে বিজেপিৰ পৰা পদত্যাগ কৰি অহা বহুকেইগৰাকী কৰ্মকৰ্তা। আনহাতে, কংগ্ৰেছ দলৰ সংখ্যালঘু বিভাগৰ প্ৰাক্তন নেতা নিকোলাচ টপ্ন’ৰ লগতে পাপু ওৰাঙেও আজি কংগ্ৰেছ ত্যাগ কৰি আপত যোগদান কৰে। আম আদমি পাৰ্টীৰ নীতি-আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ দলটোত যোগদান কৰে এইসকল নেতা কৰ্মীয়ে। দিল্লী আৰু পঞ্জাৱৰ দৰে অসমতো আপে কামৰ ৰাজনীতি আৰম্ভ কৰিব বুলি আশা প্ৰকাশ কৰে। আপৰ ৰাজ্যিক সভাপতি ডাঃ চৌধুৰীয়ে দলত যোগদান কৰা নৱাগত সকলক আদৰণি জনায় কয়, ” মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত দিল্লীত আৰু ভগৱন্ত মানৰ নেতৃত্বত পঞ্জাবত আম আদমী পাৰ্টিৰ চৰকাৰ আছে। তেওঁলোকে জনসাধাৰণৰ উন্নয়নৰ স্বাৰ্থত বহু কল্যাণকামী আঁচনি গ্ৰহণ কৰিছে। অসমতো আমি আম আদমী পাৰ্টিৰ কামৰ ৰাজনীতি আৰম্ভ কৰিব বিচাৰিছোঁ।

আগন্তুক দিনত আমি আপক কংগ্ৰেছ আৰু বিজেপিৰ শক্তিশালী বিকল্প হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ’ম। অহা পঞ্চায়ত নিৰ্বাচনত আমি আমাৰ শক্তি প্ৰদৰ্শন কৰিম। ” তদুপৰি, ৰাজ্যখনৰ শেহতীয়া আইন শৃংখলা পৰিস্থিতিৰ অৱনতিৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰে ডাঃ চৌধুৰীয়ে। তেওঁ কয়,” চৰকাৰৰ গৃ বিভাগৰ দায়িত্বত আছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। অথচ চৌদিশে সংঘটিত হত্যা, হিংসা, বলাৎকাৰৰ দৰে ঘটনাবোৰ তেওঁ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত চৰম ব্যৰ্থ হৈছে। “দলৰ নেতা মনোজ ধানোৱাৰেও বিজেপি চৰকাৰৰ দুৰ্নীতি- ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে ৰাইজক ওলাই আহিবলৈ আহ্বান জনায়। ধানোৱাৰে ৰাজ্যখনত দুৰ্নীতি মুক্ত প্ৰশাসন, জনগোষ্ঠী সমূহৰ মাজত শান্তি আৰু ভাতৃত্ব তথা সামাজিক উন্নয়নৰ স্বাৰ্থত আম আদমী পাৰ্টিক সমৰ্থন কৰিবলৈ আহ্বান জনায়।

Leave A Reply

Your email address will not be published.