১৭বছৰে অন্ধকাৰত থকা ওৰাঙৰ ৰাধিকা মাহাতো

হালধীঘাটৰ ৰণ ৷এই ঐতিহাসিক নাটক খন ২০০৩ চনত মঞ্চস্হ  কৰা হৈছিল ওদালগুৰি জিলাৰ ওৰাঙত ,ওৰাঙৰ শংকৰী কলা কৃষ্টি বিকাশ সংঘ ও  ৰাজহুৱা নাম ঘৰৰ সৌজন্যত ৷এই বুৰঞ্জীমুলক নাটক খনৰ চতলা নাৰী চৰিত্ৰৰ অভিনয় কৰি চমক দিছিল ওৰাঙৰ চমুৱাগাওঁ নিবাসী তেজুৱা মাহাতোৰ জীয়ৰী ৰাধিকা মাহাতোৱে৷ ২০০৪ চনতে উনৈশ বছৰীয়া ৰাধিকা মাহাতোৱে হঠাৎ চকু দুটিৰ অসুখত ভোগাত গুৱাহাটীৰ শংকৰদেৱ নেত্ৰালয়ত চিকিৎসা কৰোৱায় ৷কিন্ত দিন যায় মানে অসহ্য চকুৰ বিষ হোৱাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়কে ধৰি নেপাল পৰ্যন্ত যায় যদিও চকুৰ দুয়োটা নলী শুকাই যোৱা বাবে চিকিৎসকে চকুদুটি ভাল কৰিব নাযাব বুলি জানিব দিয়ে ৷তথাপিতো পৰিয়ালৰ লোকে ঘৰৰ সা -সম্পত্তি বিক্ৰী কৰি দিল্লীলৈ যায় ৷কিন্ত তাতো কোনো সুফল নোপোৱাত অৱশেষত মুম্বাইলৈ গৈ চকুৰ অস্ত্ৰোপচাৰ কৰোৱায় ৷এই অস্ত্ৰোপচাৰৰ পিছত চকুৰ বিষৰ যন্ত্ৰণা উপশম হয় যদিও সম্পূৰ্ণ ৰূপে দৃষ্টিহীন হৈ পৰে যুৱতী গৰাকী ৷সম্প্ৰতি এই যুৱতী গৰাকী পৰিয়ালৰ পৰাও এক প্ৰকাৰ  বিতাড়িত হৈ অকলশৰীয়া দুৰ্বিসহ জীৱন অতিবাহিত কৰিছে ৷চৰকাৰৰ বিশেষভাবে সক্ষম ব্যক্তিৰ সাহাৰ্য পাবলৈ ওদালগুৰি সমাজ কল্যাণ বিভাগত কেবাবাৰো আবেদন জনোৱাৰ লগতে মাজবাট উন্নয়ণ খণ্ডতো যোগাযোগ কৰিছে যদিও আজিলৈকে একোসুবিধা নাপালে যুৱতী গৰাকী ৷

অসম চৰকাৰে এনে বিশেষভাৱে সক্ষম ব্যক্তি,বিধবা তথা দুখীয়া পৰিয়াললৈ আগবঢ়োৱা অৰুণোদয় আঁচনিৰ পৰাও বঞ্চিত হৈছে দৃষ্টিহীনতাক সাৱটিলোৱা যুৱতী গৰাকী ৷ ওৰাঙত আৰ্থিক ভাবে  স্বচ্ছল বহু পৰিয়াল অৰুণোদয় আঁচনিৰ সুবিধা পাবলৈ সক্ষম হ’ল যদিও এই দুৰ্ভগীয়া যুৱতী গৰাকীৰ নাম অৰুণোদয় আঁচনিত  অন্তৰভূক্ত নহ’ল ৷সম্প্ৰতি আনৰ ঘৰে ঘৰে গৈ ভিক্ষামাগি দিন কটাব লগীয়া হৈছে অসহায় যুৱতী গৰাকী৷মাজবাট সমষ্টিৰ বিধায়কৰ লগতে বিটিচিৰ ই.এম, এম.চি.এল.এ ৰওচৰতো আবেদন জনাইছে  হাত পাতিছে যদিও কাৰোৰে পৰা পোৱা নাই কোনো সহাৰি ৷বৰ্তমান চকু দুটি ভিজাই ৰাখিবলৈ প্ৰয়োজন হোৱা চকুৰ সাধাৰণ ড্ৰপ কিনিবলৈও নাই সামৰ্থ্য ৷জীয়াই থকা  কেইটাদিনত চলিবলৈ তথা চকুত দৈনিক দিব লগীয়া ঔষধৰ ব্যৱস্থা কৰি দিবলৈ যুৱতী গৰাকীয়ে এতিয়া মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মাকে ভৰষা কৰি কৰযোৰে প্ৰাৰ্থনা জনাইছে ৷মাজবাট সমষ্টিৰ বিশেষকৈ বিটিএডিৰ পাঁচনৈ সমষ্টিত আদিবাসী তথা চাহ জনগোষ্ঠীৰ শীৰ্ষ নেতা সকলেও সৰ্বময় কৰ্তা হৈ থকাৰ পিছতো অধিকাংশ  দৰিদ্ৰ ,অসহায়, চাহ জনগোষ্ঠীৰ লোক,মহিলা  সকলে দিনক দিনে  বঞ্চিত,প্ৰতাৰিত ,অবহেলিত হৈ থকাটো এতিয়া নিত্যনৈমিত্তিক স্বাভাবিক ঘটনা হৈ পৰিছে ৷ চাহ জনগোষ্ঠীৰ নেতা,পালি নেতা সকলে এতিয়া চাহ জনগোষ্ঠীৰ অধিকাংশ  দ্ৰৰিদ্ৰ,নিসহায় সকলক শোষণ,নিষ্পেষণ কৰি থকাহে দেখিবলৈ পোৱা হৈছে ৷সম্প্ৰীতি অৰুনোদয় আচনিত এতিয়া মাফিয়া ডনৰ শাসন চলি আহিছে বুলি ওদালগুৰি জিলাৰ সচেতন নাগৰিক সমিতিয়ে প্ৰকাশ কৰিছে ৷

Related Articles