Breaking

১০০০ পাহ সতেজ তগৰ আৰু ৯০ পাহ নাৰ্জি ফুলেৰে নিৰ্মিত দুপট্টা ল’লে ৰাধিকা মাৰ্চেণ্টে! আম্বানীৰ কনিষ্ঠ বোৱাৰীৰ পোছাকক লৈ চৰ্চা সামাজিক মাধ্যমত…

0 51

সোমবাৰে অনুষ্ঠিত হালদী অনুষ্ঠানত মুকেশ আম্বানীৰ কনিষ্ঠ বোৱাৰীক ফুলেৰে নিৰ্মিত মাৰ্জিত পোছোক পৰিধান কৰা দেখা গ’ল। কেৱল ফুলেৰে নিৰ্মিত দুপট্টা এতিয়া প্ৰতিগৰাকী কইনাৰ সপোন হৈ পৰিছে।হালদীৰ সাজ-পোছাকৰ বাবেই ৰাধিকা মাৰ্চেণ্ট লাইমলাইটলৈ আহিছে। এই দুপাট্টা সতেজ ফুলৰ পৰা তৈয়াৰ কৰা হৈছিল, য’ত আছিল ১০০০ৰো অধিক বগা তগৰৰ কলি আৰু ৯০পাহ নাৰ্জি ফুল। এই দুপট্টা ডিজাইন কৰিছিল ফ্ল’ৰেল আৰ্ট ডিজাইন ষ্টুডিঅ’ই।

আমোদজনক কথাটো হ’ল এই ধুনীয়া দুপট্টা বনাবলৈ এৰাতি সময় লাগিল।ৰাধিকাৰ ফুলৰ জাল দুপট্টাৰ লগতে ফুলৰ গহনাও ব্যৱহাৰ কৰা হৈছিল তেওঁৰ সাজ-পোছাকত, যিয়ে তেওঁৰ সৌন্দৰ্য অধিক বিশেষ কৰি তুলিছিল। ৰাধিকা মাৰ্চেণ্টৰ এই ফুলৰ ৰূপটো কেৱল পৰম্পৰাগত আৰু আধুনিক ভাৰতীয় ফেশ্বনৰ সুন্দৰ সংমিশ্ৰণেই নহয়, ই ছ’চিয়েল মিডিয়াতো প্ৰশংসা লাভ কৰিছে।

Leave A Reply

Your email address will not be published.