ৰহাত ধান ক্ৰয় কেন্দ্ৰ পৰিদৰ্শন কৰিলে ৰাজ্য চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অতিৰিক্ত মুখ্য সচিব বিশ্বৰঞ্জন শ্যামালে। অতিৰিক্ত মুখ্য সচিবগৰাকীয়ে যোগান বিভাগৰ ধান ক্ৰয় কেন্দ্ৰটো পৰিদৰ্শন কৰি কৃষক ৰাইজে চৰকাৰী ন্যুনতম মূল্য তথা ১৯৪০ টকা পাইছেনে নাই তাৰ বুজ লয়। লগতে অহা বছৰৰ পৰা বিকেন্দ্ৰীকৰণ প্ৰক্ৰিয়াৰে কৃষকৰ ধান ক্ৰয় কৰা হ’ব বুলি সদৰি কৰে অতিৰিক্ত মুখ্য সচিবগৰাকীয়ে।
ইপিনে ৰাজ্যৰ ১১ লাখ কৃষকৰ ভিতৰত মাত্ৰ ১৬ হাজাৰ কৃষকেহে ধান বিক্ৰি কৰিব পাৰিছে সোধা প্ৰশ্নৰ উত্তৰত সচিবগৰাকীয়ে কয় যে নতুন প’ৰ্টেলৰ বাবে সকলো কৃষকে পঞ্জীয়ণ কৰিব পৰা নাই। তথাপি এইবাৰ ৰাজ্যৰ ১লাখ ১০হাজাৰ কৃষকে ধান বিক্ৰিৰ আবেদন কৰিছে আৰু ইয়াৰে ৭০ হাজাৰ কৃষক পঞ্জীয়ণভুক্ত হোৱা বুলি জানিব দিয়ে যোগান বিভাগৰ অতিৰিক্ত মুখ্য সচিবগৰাকীয়ে।