Raha: ৰহাত সমজিলা আয়ুক্ত কাৰ্যালয় উদ্বোধন বিত্ত মন্ত্ৰী অজন্তা নেওগে( Minister Ajanta Neog)

দৈনন্দিন বাৰ্তাৰ সেৱা, ৰহা ৫ অক্টোবৰ: (Himanta Biswa Sarma)”মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা মোৰ ৰাজনৈতিক আদৰ্শ ব্যক্তি। অসমৰ সামগ্ৰিক বিকাশ আৰু উন্নয়নৰ বাবে খিলঞ্জীয়া জাতি-জনগোষ্ঠীক সন্মুখৰ পৰা নেতৃত্ব দি উন্নয়নৰ শিখৰত আৰোহন কৰা যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, সেই প্ৰতিশ্ৰুতি আজি আখৰে আখৰে পালন কৰিছে আৰু এইজনে অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা!”-এইদৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসাৰে উপচাই পেলালে ৰহাৰ স্থানীয় বিধায়ক শশীকান্ত দাসে (Sashikanta Das) ।

ৰাজ্য চৰকাৰে ঘোষণা কৰা ৰাজ্যৰ ৭৮খন সমজিলাৰ ভিতৰত আজি ৰহাত সমজিলা আয়ুক্ত কাৰ্যালয়ৰ শুভ উদ্বোধন অনুষ্ঠানত উপস্থিত থাকি বিধায়ক শশীকান্ত দাসে আৰু লগতে কয় যে, বৃহত্তৰ ৰহাক মহকুমাৰৰ মৰ্যদা প্ৰদানৰ বাবে ৰহাবাসী ৰাইজে বহু সময়ত প্ৰতিবাদী কাৰ্যসূচী ,আন্দোলন আদিও কৰিব লগা হৈছিল। মহকুমাৰ দাবীৰে গণ আন্দোলনৰ নেতৃত্ব বহন কৰা হিৰণ্য নাৰায়ন বৰা, ভগৱান গোস্বামী আদি ৰহাৰ বহুকেইজন জেষ্ঠ সংগঠক, সমাজকৰ্মীয়ে ইতিমধ্যে ইহ সংসাৰৰ পৰা মেলানি মাগিছে। কিন্তু ৰহা ৰাইজৰ এই দাবীক মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অতি আন্তৰিকতাৰে গ্ৰহণ কৰি মহকুমাতকৈ উচ্চ তথা জিলাৰ সম পৰ্যায়ৰ মৰ্যদা প্ৰদান কৰি ৰহা বাসীক গৌৰবান্বিত কৰিলে আৰু ৰহাবাসীৰ সপোন পূৰণ কৰা বাবে মুখ্যমন্ত্ৰীক ভূয়সী প্ৰশংসা কৰিলে বিধায়ক শশীকান্ত দাসে।

তদুপৰি বিধায়ক শশীকান্ত দাসে মুখ্যমন্ত্ৰীয়ে ৰহা সমষ্টিক অসমৰ অন্যতম লেখত লবলগীয়া সমষ্টি হিচাপে গঢ়ি তুলিবলৈ মধ্য অসমৰ অন্যতম বৃহৎ জনগোষ্ঠী তিৱা জাতিৰ শৌৰ্য-বীৰ্যৰ প্ৰতীক বীৰ ৰজা জোঙালবলহুৰ প্ৰতি সন্মান জনাই পৰিত্যক্ত জোঙালবলহু গড়লৈ ৫০ কৌটি টকাৰ আবন্টনেৰে পৰ্যটকৰ আকৰ্ষণৰ স্থলী হিচাপে গঢ়ি তুলিছে বুলি মন্তব্য কৰি শেহতীয়াকৈ ৭ কোটি টকাৰ ব্যয়ৰে পথ নিৰ্মাণ; ৭ কোটি টকাকৈ তিনিখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ক আদৰ্শ বিদ্যালয় হিচাপে স্থাপন, তিনিটা নতুন স্বাস্থ্যকেন্দ্ৰ নিৰ্মান কৰা লগতে ৰহা সমষ্টি উন্নয়নৰ বাবে দায়িত্ব গ্ৰহণ কৰিছে বুলিও মন্তব্য কৰে। অন্যহাতে ৰহাক সমজিলা ঘোষণা কৰা ক্ষেত্ৰত মন্ত্ৰী পিযুষ হাজৰিকাকো আন্তৰিক কৃতজ্ঞতা আৰু অভিনন্দন জ্ঞাপন কৰি চৰকাৰে সমজিলা কাৰ্যালয় নিৰ্মাণৰ বাবে ৪০ কোটি টকা আবন্টন দিয়া বুলিও মন্তব্য কৰে।

সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকি ৰাজ্যৰ বিত্ত মন্ত্ৰী অজন্তা নেওগে( Minister Ajanta Neog) ৰহাৰ লগতে ৰাজ্যৰ ৭৮ খন স্থানক সমজিলাৰ মৰ্যদা প্ৰদান কৰাত প্ৰশংসাত পঞ্চমুখ হৈ পৰে। মন্ত্ৰী গৰাকীয়ে নিজৰ ভাষণ প্ৰসংগত অসমৰ সামগ্ৰিক উন্নয়নৰ বাবে মুখ্যমন্ত্ৰীৰ সপোন ৰাইজৰ সমন্বিত সপোন বুলি উল্লেখ কৰি অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ সৰ্বাঙ্গীন উন্নতিৰ বাবে দিন-ৰাতি একাকাৰ কৰি কাম কৰিছে বুলি কয়। তদুপৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা এজন সুদক্ষ মুখ্যমন্ত্ৰী বুলি মন্তব্য কৰি বিগত তেখেতৰ বাবে ৮ বছৰৰ পূৰ্বে অসমৰ ৪০ হাজাৰ কোটি টকা বাজেটৰ পৰা বৰ্তমান সময়ত ১লাখ ৫০ হাজাৰ কোটি টকালৈ বাজেট বৃদ্ধিৰ সম্ভৱ হৈছে বুলি কয়।

ৰহাক সমজিলা হিচাপে ঘোষণা কৰাত সন্তুষ প্ৰকাশ কৰি প্ৰশাসনিক কাম-কাজত ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কৰি প্ৰতিটো সমষ্টিতে ৰাইজে বিচৰা ধৰণে সুবিধা লাভ কৰিব বুলি উল্লেখ কৰি বিধায়ক, সাংসদ পূঁজি,পঞ্চায়তআৰু গ্ৰামোন্নয়ন, পৰিকল্পনা, খাদ্য আৰু অসামৰিক যোগান বিভাগ, আবকাৰী বিভাগৰ লগতে সকলো বিভাগৰ চোৱাচিতাৰ দায়িত্ব আৰু প্ৰশাসনিক ভাৱে দণ্ডাধীশৰ সকলো ক্ষমতা থাকিব বুলি মন্তব্য কৰে। অসমীয়া ভাষাক ধ্ৰুপদী ভাষা ৰূপে স্বীকৃতি প্ৰদান কৰা কাৰ্য অসমীয়া জাতিৰ বাবে সুকীয়া মৰ্যদা বুলিও মন্তব্য কৰি অসমৰ সামগ্ৰিক উন্নয়নৰ বাবে মাথোঁ ৰাইজৰ সহায়ৰ প্ৰয়োজন বুলি কয়। উল্লেখ্য যে, নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে আজি বিধায়ক শশীকান্ত দাসৰ উপস্থিতিত ৰহা সমজিলা আয়ুক্তৰ কাৰ্যালয় শুভ উদ্বোধন কৰে বিত্ত মন্ত্ৰী অজন্তা নেওগে। যুৱ সমাজকৰ্মী মনজ্যোতি বৰাই আঁতধৰা উক্ত উদ্বোধনী সভাত ৰহাৰ সকলো দল-সংগঠনৰ লগতে মঞ্চত আসন গ্ৰহণ কৰে মন্ত্ৰী অজন্তা নেওগ, বিধায়ক শশীকান্ত দাস, প্ৰাক্তন বিধায়ক গুণেশ্বৰ দাস, নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ শ্বাহ, ৰহা সমজিলা আয়ুক্ত ফিলিছ ৰাংচাল, ৰহা পৌৰপতি বন্তি হাজৰিকা, সমাজকৰ্মী অভিজিত নাথ, সুবৰ্ণ সিঙ, নৱজ্যোতি বৰা আদি বিশিষ্ট ব্যক্তিয়ে।

Related Articles