Breaking

ফৰ্মৰ বাবে নহয়, ফৰ্মহীনতাৰ বাবেহে কেএল ৰাহুলক লৈ চৰ্চা চলিছে৷ ভাৰতীয় দলত তেওঁৰ স্থানক লৈও প্ৰশ্নৰ উদ্ভৱ হৈছে৷

0 52

 বিশ্বকাপত কাইলৈ বাংলাদেশৰ মুখামুখি হ’ব টীম ইণ্ডিয়া৷ সেই লৈ ক্ৰিকেটানুৰাগীৰ মাজত যথেষ্ট চৰ্চা চলা দেখা গৈছে৷ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে অপেনিং বেটাৰ কে এল ৰাহুল৷

ফৰ্মৰ বাবে নহয়, ফৰ্মহীনতাৰ বাবেহে কেএল ৰাহুলক লৈ চৰ্চা চলিছে৷ ভাৰতীয় দলত তেওঁৰ স্থানক লৈও প্ৰশ্নৰ উদ্ভৱ হৈছে৷ ইয়াৰ কাৰণ হৈছে বিশ্বকাপৰ তিনিওখন মেচতে তেওঁৰ ব্যৰ্থতা৷ বেটত ৰাণ নাই কেএল ৰাহুলৰ৷

কিন্তু ভাৰতীয় দলৰ প্ৰশিক্ষক ৰাহুল দ্ৰাৱিড়ে এতিয়াও কে এল ৰাহুলৰ ওপৰত আস্থা ৰাখিছে৷ ইংগিত দিছে যে কাইলৈও বাংলাদেশৰ বিৰুদ্ধে অপেনিং কৰিবলৈ খেলপথাৰত নামিব বেটাৰগৰাকী৷

‘‘ৰাহুল অত্যন্ত ভাল ক্ৰিকেটাৰ৷ মই ভাবো, ৰাহুলে খুব ভাল বেটিং কৰিছে৷ কিন্তু টি টুৱেণ্টিত এইধৰণৰ ঘটনা হ’ব পাৰে৷ অপেনিং কৰা সহজ নহয়৷ এইদৰে কাৰো সমালোচনা কৰা উচিত নহয়৷’’- কে এল ৰাহুল সম্পৰ্কত ৰাহুল দ্ৰাৱিড়ে এইদৰে কয়৷

‘‘এইবাৰৰ বিশ্বকাপ বেটাৰৰ বাবে কঠিন৷ প্ৰস্তুতিমূলক মেচখনত পেট কামিন্স, মিচেল ষ্টাৰ্কৰ বিৰুদ্ধে ৰাহুলে খুব ভাল বেটিং কৰিছিল৷ আশা কৰো পৰৱৰ্তী মেচখনত তেওঁৰ বেটলৈ ৰাণ আহিব৷’’- ৰাহুল দ্ৰাৱিড়ে কয়৷

কেএল ৰাহুলৰ বেটিং শৈলীক প্ৰশংসা কৰি ৰাহুল দ্ৰাৱিড়ে কয় যে সাধাৰণতে কে এল ৰাহুলে বেকফুটত খেলি ভাল পায় আৰু ইয়াত তেওঁ সুখী৷ কে এল ৰাহুলৰ খেলাৰ ধৰণ অষ্ট্ৰেলিয়াৰ পিটচৰ বাবে উপযোগী বুলিও তেওঁ কয়৷

Leave A Reply

Your email address will not be published.