মণিপুৰ ভ্ৰমণত বাধা ৰাহুল গান্ধীক। ইম্ফল বিমানবন্দৰৰ সন্মুখত গান্ধীৰ কনভয় ৰখাই দিয়ে আৰক্ষীৰ। হিংসাত্মক পৰিস্থিতিত আক্ৰান্ত মণিপুৰ ভ্ৰমণ কৰিবলৈ অহা ৰাহুল গান্ধীক বাধা দিছে ইম্ফল আৰক্ষীয়ে। ইম্ফল বিমানবন্দৰৰ সন্মুখৰ বিষ্ণুপুৰ চেকপোষ্টত ৰখাইছে ৰাহুল গান্ধীক। ইম্ফল বিমানবন্দৰত অৱতৰণ কৰাৰ পিছত তেওঁ চুৰাচান্দপুৰলৈ গৈছে। সূত্ৰ অনুসৰি নিৰাপত্তাজনিত কাৰণত ৰাহুল গান্ধীৰ কনভয় ৰখাই থোৱা হৈছে। সূত্ৰ অনুসৰি ৰাজ্য চৰকাৰে ৰাহুল গান্ধীক হেলিকপ্টাৰেৰে যাবলৈ কৈছে যদিও তেওঁ বিমানেৰে যাবলৈ সাজু নহয় আৰু কেৱল পথেৰে যাব বিচাৰে। মণিপুৰৰ মহিলাসকলে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰাত আতংকিত হৈ পৰিছে ৰাজ্য চৰকাৰ। এনে পৰিস্থিতিত কিবা এটা অপ্ৰীতিকৰ ঘটনা ঘটিব পাৰে। এই কাৰণতে ৰাজ্য চৰকাৰে তেওঁলোকক হেলিকপ্টাৰেৰে যাবলৈ পৰামৰ্শ দিছে।
২৯ জুন বৃহস্পতিবাৰে ইম্ফলত উপস্থিত হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। ৰাহুল গান্ধীয়ে দুদিনৰ বাবে হিংসাত্মক পৰিস্থিতিত আক্ৰান্ত ৰাজ্যখন ভ্ৰমণ কৰিব আৰু ভ্ৰমণৰ সময়ত সাহায্য শিবিৰসমূহো পৰিদৰ্শন কৰিব। ইয়াৰ সমান্তৰালকৈ ইম্ফল আৰু চুৰাচান্দপুৰৰ নাগৰিক সমাজৰ প্ৰতিনিধিসকলক সাক্ষাৎ কৰাৰ কাৰ্যসূচীও আছে।