মণিপুৰৰ মেইটেই সম্প্ৰদায়ক সাক্ষাৎ ৰাহুল গান্ধীৰ…

প্ৰায় দুমাহ ধৰি মণিপুৰত চলি থকা হিংসাত্মক পৰিস্থিতিৰ মাজতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এই হিংসাৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলক সাক্ষাৎ কৰিবলৈ মণিপুৰলৈ গৈছে। এই পৰ্যন্ত হিংসাত্মক পৰিস্থিতিৰ বাবে ১০০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে। ৰাহুল গান্ধীয়ে মণিপুৰ ভ্ৰমণৰ প্ৰথম দিনা ইম্ফলৰ পৰা ৬৩ কিলোমিটাৰ নিলগৰ চুৰাচান্দপুৰত সাহায্য শিবিৰত আশ্ৰয় লোৱা লোকসকলক লগ কৰে। আজি দ্বিতীয় দিনা হেলিকপ্টাৰেৰে বিষ্ণুপুৰ জিলাৰ মইৰাঙলৈ ৰাহুলে ৰাওনা হয়, য’ত তেওঁ মেইটেই সম্প্ৰদায়ৰ হিংসাত্মক প্ৰভাৱত আক্ৰান্ত লোকসকলক লগ কৰে আৰু ভুক্তভোগীৰ সৈতে মত বিনিময় কৰে। মেইটেই জনগোষ্ঠীৰ জনসাধাৰণক সাক্ষাৎ কৰি ইম্ফললৈ উভতি আহিব ৰাহুল গান্ধী। য’ত তেওঁ সমাজকৰ্মীৰ সৈতে মত বিনিময় কৰিব। কোৱা হৈছে যে ৰাহুল গান্ধীয়ে সমাজকৰ্মীৰ সৈতে কথা পাতি হিংসা বন্ধ কৰি ৰাইজক সকাহ দিব পাৰে। ইয়াৰ পিছত ৰাহুল গান্ধীয়ে নিজেই মণিপুৰৰ পৰা সংবাদমেল অনুষ্ঠিত কৰিব পাৰে। য’ত তেওঁ ৰাইজৰ লগত হোৱা কথা-বতৰাৰ তথ্য দিব পাৰে।

২৯ জুন বৃহস্পতিবাৰে ৰাহুল গান্ধীয়ে মণিপুৰত উপস্থিত হয় যদিও বিমানবন্দৰত অৱতৰণ কৰাৰ কিছু সময়ৰ পাছতে গান্ধীৰ কনভয় ৰখাই দিয়া হৈছিল। আৰক্ষীয়ে নিৰাপত্তাজনিত কাৰণত ৰাহুল গান্ধীক পথেৰে যাবলৈ নিদিলে, তাৰ পিছত ৰাহুল গান্ধীয়ে হেলিকপ্টাৰেৰে চুৰাচান্দপুৰ পালে আৰু সাহায্য শিবিৰত উপস্থিত থকা লোকসকলক সাক্ষাৎ কৰে। কংগ্ৰেছে ৰাহুল গান্ধীৰ ভ্ৰমণ বিফল কৰিবলৈ বিজেপি চৰকাৰে এই কাম কৰা বুলি অভিযোগ উত্থাপন কৰাৰ বিপৰীতে বিজেপিয়ে কয় যে নেতাসকলৰ ভ্ৰমণে মণিপুৰত মতানৈক্য আৰু অধিক বৃদ্ধি কৰিব পাৰে।

Related Articles