তৃতীয় বাৰৰ বাবে বিদেশ ভ্ৰমণলৈ ৰাহুল গান্ধী। ভ্ৰমণ কৰিব ইউৰোপৰ এই দেশসমূহ। কংগ্ৰেছ নেতা তথা সাংসদ ৰাহুল গান্ধী আকৌ এবাৰ বিদেশ ভ্ৰমণলৈ যাব। ছেপ্টেম্বৰৰ দ্বিতীয় সপ্তাহত ইউৰোপ ভ্ৰমণলৈ যাব ৰাহুল গান্ধী। ইয়াৰ পূৰ্বে ৰাহুল গান্ধীয়ে আমেৰিকা ভ্ৰমণলৈ গৈছিল। আগন্তুক ভ্ৰমণৰ সময়ত ৰাহুল গান্ধীয়ে ইউৰোপৰ দেশ, বেলজিয়ামৰ ব্ৰাছেলছ, নৰৱেৰ অছলো আৰু ফ্ৰান্সৰ পেৰিছ ভ্ৰমণ কৰিব। ইউৰোপীয় সংসদ ভ্ৰমণ কৰি ইউৰোপীয় ইউনিয়নৰ সাংসদসকলৰ সৈতেও আলোচনাত মিলিত হ’ব। ইয়াৰ সমান্তৰালকৈ প্ৰবাসী ভাৰতীয়সকলৰ সৈতেও বৈঠক অনুষ্ঠিত হ’ব আৰু তাত থকা বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতেও মত বিনিময়ৰ কাৰ্যসূচীও আছে। ২০২৩ চনত ৰাহুল গান্ধীৰ এয়া হ’ব তৃতীয় বিদেশ ভ্ৰমণ। ইয়াৰ পূৰ্বে ৰাহুল গান্ধীয়ে মে’ মাহৰ শেষ সপ্তাহত আমেৰিকা ভ্ৰমণলৈ গৈছিল। আমেৰিকা ভ্ৰমণত ৰাহুল গান্ধীয়ে তিনিখন চহৰ ছান ফ্ৰান্সিস্কো, ৱাশ্বিংটন ডি চি আৰু নিউয়ৰ্কলৈ গৈছিল। এই সময়ছোৱাত ৰাহুল গান্ধীয়ে উদ্যোগী, আমেৰিকাৰ সাংসদসকলৰ লগতে ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলক সাক্ষাত কৰিছিল। ৰাহুল গান্ধীয়েও আমেৰিকা ভ্ৰমণৰ পূৰ্বে এইবাৰ লণ্ডন ভ্ৰমণ কৰিছিল।