সমগ্ৰ ৰাজ্যৰ লগতে শুকুৰবাৰৰ দিনাই লামডিং কংগ্ৰেছ কমিটীয়ে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ ফেচীবাদী,অগনতান্ত্ৰিক নীতি আৰু কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ বিৰুদ্ধে লামডিং ৰাজিব ভৱনত সংবাদ মেলৰ আয়োজন কৰা হ্য়।
‘ৰাহুল গান্ধী ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈছে’। সংবাদমেল সম্বোধন কৰি লামডিং কংগ্ৰেছ কমিটিৰ বিস্ফোৰণ মন্তব্য। ’বিজেপি চৰকাৰে মুল্যবৃদ্ধি কৰি সাধাৰণ ৰাইজক পুনৰ মাধমাৰ দিছে।ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ পিছতে সমগ্ৰ দেশতে বিৰোধীৰ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, বিজেপি চৰকাৰে ৰাজনৈতিক ষড়যন্ত্ৰ কৰি ৰাহুল গান্ধীক সাংসদ পদ খাৰিজ কৰিছে’। শুকুৰবাৰে লামডিং পৌৰ ব্লক কংগ্ৰেছ কমিটিয়ে সংবাদ মেল সম্বোধন কৰি বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে। ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাটো বিজেপি চৰকাৰৰ ৰাজনৈতিক ষড়যন্ত্ৰ বুলি কোৱাৰ লগতে বহু বিস্ফোৰণ যুক্তি দাঙি ধৰে।
পুনৰ চৰকাৰখনে নিত্য ব্যৱহাৰ্য ঔষধৰ দাম বৃদ্ধি,টোল কৰ,বিদ্যুতৰ মাচুল বৃদ্ধি কৰি সাধাৰণ জনগণক আকৌ এবাৰ মাধমাৰ দিছে বুলি মন্তব্য কৰে। লামডিং পৌৰ ব্লক কংগ্ৰেছ কমিটিয়ে আয়োজন কৰা সংবাদ মেলত উপস্থিত থাকে প্ৰাক্তন বিধায়ক স্বপন কৰ, অসম প্রদেশ কংগ্ৰেছ কমিটিৰ সদস্য মায়া চক্রৱৰ্তী,জেষ্ঠ কংগ্ৰেছ নেতা কাজল ৰয়,লামডিং পৌৰ ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি সাধন ভট্টাচাৰ্য, জেষ্ঠ কংগ্ৰেছ নেতা ডঃ সুভাষ দাসৰ লগতে কংগ্ৰেছৰ কৰ্মীসকল।