Breaking

নিউ বঙাইগাঁও ৰে’লৱে জংচনত ৰে’লৱে মজদুৰ ইউনিয়নৰ অনশন, “মন্ত্ৰী, বিধায়কসকলে নিজে পুৰণি পেঞ্চনৰ সুবিধা লৈ কৰ্মচাৰীসকলৰ ভৱিষ্যত এনপিএছ ৰ জৰিয়তে অন্ধকাৰলৈ ঠেলি দিছে“ -আশীষ বিশ্বাস…

0 39

উত্তৰ পূৱ সীমান্ত ৰে’লৱে মজদুৰ ইউনিয়নৰ বঙাইগাঁও শাখাই বুধবাৰে পুৰণি পেঞ্চন নীতি প্ৰৱৰ্তন কৰাৰ দাবীত নিউ বঙাইগাঁও ৰে’ল জংচনত অনশন কাৰ্য্যসূচী ৰূপায়ণ কৰে ৷ ভাৰতৰ সকলো ট্ৰেড ইউনিয়ন আৰু ফেডাৰেচনৰ সন্মিলিত মঞ্চ জইণ্ট ফ’ৰাম ফৰ ৰেষ্টোৰেচন অৱ ওল্ড পেঞ্চন স্কীমৰ আহ্বানত ৮ জানুৱাৰীৰ পৰা অহা ১১ জানুৱাৰীলৈ ভাৰতজুৰি চলি থকা এই অনশন কাৰ্য্যসূচীত উত্তৰ পূৱ সীমান্ত ৰে’লৱে মজদুৰ ইউনিয়নৰ বঙাইগাঁও শাখাৰ প্ৰায় অৰ্ধশতাধিক সদস্যই অংশগ্ৰহণ কৰে ৷ অনশন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি উত্তৰ পূৱ সীমান্ত ৰে’লৱে মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক আশীষ বিশ্বাসে কয় যে ৰে’ল কৰ্মচাৰীসকলে অল ইণ্ডিয়া ৰে’লৱেমেনচ ফেডাৰেচন আৰু উত্তৰ পূৱ সীমান্ত ৰে’লৱে মজদুৰ ইউনিয়নৰ নেতৃত্বত নতুন পেঞ্চন নীতিৰ বিৰুদ্ধে আৰম্ভণিৰ পৰাই প্ৰতিবাদ কৰি আহিছে ৷

‘জীৱনজুৰি সেৱা আগবঢ়োৱাৰ পিছত পেঞ্চন হ’ল কৰ্মচাৰীৰ অধিকাৰ। কিন্ত চৰকাৰে কৰ্মচাৰীৰ এই আধিকাৰ খৰ্ব কৰি কৰ্মচাৰীসকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দি অমানবীয় কাম কৰিছে ৷ আনহাতে মন্ত্ৰী বিধায়কসকলে মাত্ৰ পাঁচ বছৰৰ বাবে সেৱা আগবঢ়ায় ৷ কিন্ত তেওঁলোকে নিজে পুৰণি পেঞ্চনৰ সুবিধা লৈ আছে ৷ আমি এই পক্ষপাতিত্বৰ সজোৰে প্ৰতিবাদ জনাও ৷ আমাৰ শ্ৰমিকৰ ন্যায্যপ্ৰাপ্তিৰ এই আন্দোলন যেতিয়ালৈকে চৰকাৰে নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি পুনৰ বাহাল নকৰে তেতিয়ালৈকে নিৰন্তৰভাৱে চলি থাকিব’ বুলি বিশ্বাসে কয় ৷ উল্লেখ্য যে নিউ বঙাইগাঁৱৰ লগতে এই অনশন ৰঙিয়া, মালিগাঁও, আলিপুৰদুৱাৰ, কাটিহাৰ, লামডিং, তিনিচুকীয়া আদি ৰে’ল ষ্টেচনতো ৰূপায়ণ কৰা হয় ৷

Leave A Reply

Your email address will not be published.