Breaking

বিভিন্ন দাবীৰ সমৰ্থনত মালিগাঁওত ৰেলকৰ্মীৰ প্ৰতিবাদী কাৰ্যসূচী

0 8

গুৱাহাটী,৩ জুলাই : এন এফ ৰেলৱে এম্পলয়িজ ইউনিয়নৰ নিৰ্মাণ শাখাৰ উদ্যোগত উত্তৰ পূব সীমান্ত ৰেলৱেৰ মালিগাওঁস্থিত নিৰ্মাণ বিভাগৰ মহা প্ৰবন্ধকৰ কাৰ্যালয় চৌহদত এক বিশেষ প্ৰতিবাদী কাৰ্যসূচী পালন কৰা হয় । আনহাতে প্ৰতিবাদী কাৰ্যসূচীত ভাগ লোৱা সকলোৱে হাতে হাতে বেনাৰ, প্লে – কাৰ্ড লৈ নিৰ্মাণ শাখাৰ কৰ্মৰত ৰেলকৰ্মী সকলক বন্ধ কৰি ৰখা প্ৰকল্প বানচ শীঘ্ৰে মুকলি কৰা দিয়া , ট্ৰেকমেন, পিয়ন সকলৰ সময় নিৰ্ধাৰিত পদোন্নতি জ্যেষ্ঠতাৰ ভিত্তিৰ তালিকা অতি শীঘ্ৰেই প্ৰকাশ কৰা আৰু পেঞ্চন নিশ্চিত কৰা আদি ধ্বনি দি আকাশ বতাহ মুখৰিত কৰি তোলে।

প্ৰতিবাদী কাৰ্যসূচীত ইউনিয়নৰ নিৰ্মাণ শাখাৰ সভাপতি মিলন দে উৰি, উপ সভাপতি পুলকানন্দ দাস, সম্পাদক টংকেশ্বৰ বৈশ্যকে ধৰি কেবাজনেও কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী বিৰোধী নীতিৰ তীব্ৰ বিৰোধীতা কৰি দাবী মানি নললে আগন্তুক দিনত আৰু অধিক প্ৰতিবাদী কাৰ্যসূচী পালন কৰা হব বুলি হুংকাৰ দিয়ে। আনহাতে প্ৰতিবাদী কাৰ্যসূচীত প্ৰসুন কুমাৰ, কৌশিক সৰকাৰক সমূহ কৰ্মৰত কৰ্মীৰ চিকিৎসা আৰু ৰেলযাত্ৰাত সহায় কৰাৰ উদ্দেশ্যৰে ক্ষেত্ৰত সহায় কৰাৰ উদ্দেশ্যৰে চিকিৎসা আহ্বায়ক হিচাপে লৈ ই কিউ নামেৰে এক নতুন শাখাৰ নেতৃত্ব প্ৰদান কৰা হয় ।

Leave A Reply