দেশৰ সম্পদ বিক্ৰীৰ তীব্ৰ প্ৰতিবাদ ৰেল শ্ৰমিকৰ ।

তিনিচুকীয়া

কেন্দ্ৰীয় কৰ্মচাৰীৰ মৰগীয়া ভাত্তা কৰ্তন, শ্ৰম আইন বিলুপ্তিকৰণ,কামৰ সময় আঠ ঘন্টাৰ পৰা বাৰ ঘন্টালৈ বৃদ্ধি আৰু দেশৰ সম্পদ আৰু শিল্প সমূহ পুঁজিপতি গোষ্ঠিক গতাই দিয়া কাৰ্যৰ বিৰোধীতাৰে ৰে’ল শ্ৰমিক সকলেও আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে | চেন্ট্ৰেল ট্ৰেড ইউনিয়ন সমূহৰ আহৱান ক্ৰমে সমগ্ৰ দেশতে পালন কৰা প্ৰতিবাদী কাৰ্যসূচী এন এফ ৰে’লৱে মজদুৰ ইউনিয়নেও বিস্তৃত ৰূপত পালন কৰে বুলি কেন্দ্ৰীয় নেতা পুলক গগৈয়ে প্ৰকাশ কৰিছে | এই সন্দৰ্ভত এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় সাংগাঠনিক সম্পাদক তথা তিনিচুকীয়া ডিভিজনৰ কনভেনৰ দায়িত্বত থকা ৰে’ল শ্ৰমিক নেতা পুলক গগৈয়ে এক প্ৰেছ বাৰ্তাত কয় যে দেশৰ সভ্যতা সংস্কৃতি আৰু অৰ্থনীতিৰ হকে কাম কৰা ৰে’ল শ্ৰমিক সকল আন্দোলন কৰিবলৈ ৰাজপথলৈ আহিব লগা হৈছে কাৰণ “মে দেশ নেহি বিকনে ডুংগা” বুলি কোৱা প্ৰধান মন্ত্রী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে দেশৰ তৈলক্ষেত্র,ৰে’ল শিল্প,বিমান পৰিবহন,কয়লা খনি,বেংক,টেলিকম বিভাগ আদি লাভজনক উদ্যোগ সমূহ এফালৰ পৰা পুঁজিপতি গোষ্ঠিৰ হাতত পানীৰ দৰত বিক্ৰী কৰি দিছে | ইয়াৰ ফলত শ্ৰমিক সকলৰ ভৱিষ্যতলৈ নামি আহিছে ঘোৰ অমানিশা |  ক’ভিড-19 কোৰোনা ভাইৰাচৰ মহামাৰীত দেশবাসী আতংকিত হৈ থকা সময়তে   সম্পদ আৰু শিল্প সমূহ এফালৰ পৰা ব্যক্তিগত খণ্ডৰ হাতত    গতাই যোৱা কাৰ্যৰ  বিৰোধীতাৰে  শ্ৰমিক সংগঠন বিলাকে আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে | কোৰোনা ভাইৰাচ সংক্ৰমণ প্ৰতিৰোধৰ বাবে সমগ্ৰ দেশতে বলবত কৰি ৰখা লকডাউনৰ পৰিপ্ৰেক্ষিতত সামাজিক দুৰত্ব বৰ্তাই ৰাখি ফেচ মাস্ক পৰিধান কৰি নিজ নিজ কৰ্মস্থলিতে নিজৰ কৰ্তব্য সম্পাদন কৰা লগতে ৰে’ল শ্ৰমিক সকলে দাবী সম্বলিত প্লে-কাৰ্ড আৰু ইউনিয়নৰ পতাকা প্ৰদৰ্শন কৰি অভিনৱ পন্থাৰে প্ৰতিবাদ সাব্যস্ত কৰে বুলি প্ৰেছ বাৰ্তাটোত শ্ৰমিক নেতা গৰাকীয়ে প্ৰকাশ কৰিছে | এই প্ৰতিবাদী কাৰ্যসূচী এন এফ ৰে’লৱেৰ তিনিচুকীয়া ডিভিজনৰ লিডু,তিনিচুকীয়া,নিউ তিনিচুকীয়া,ডিব্ৰুগড়,শিমলুগুৰি,মৰিয়নি আৰু ফৰকাটিঙৰ উপৰিও লামডিং,বদৰপুৰ,শিলচৰ,আগৰতলা,ধৰ্মনগৰ,ৰঙিয়া,ৰঙাপাৰা,উত্তৰ লক্ষীমপুৰ,বঙাইগাঁও,আলিপুৰদুৱাৰ,নিউজলপাইগুৰি,শিলিগুৰি,কাটিহাৰ আদিত ৰূপায়ন কৰা হয় ।

Related Articles