টংলা সামূহিক স্বাস্থ্য কেন্দ্ৰত ক’ভিড ভেকচিনৰ নামত ধন সংগ্ৰহ

ওদালগুৰি জিলাৰ একাংশ স্বাস্থ্য বিভাগৰ বিষয়া ,কৰ্মচাৰী,কৰ্মী সকলৰ দিনক দিনে অৰাজকতা,স্বেচ্ছাচাৰীতা,অতপালি বৃদ্ধি হবলৈ ধৰিছে ৷আনকি একাংশই আকৌ স্বাস্থ্য মন্ত্ৰী,আদিৰ খাচ মানুহ বুলি জহাই তথা দম্ভালি মৰাটো এতিয়া নিতৌ নৈমিত্তিক স্বাভাবিক ঘটনা হৈ পৰিছে ৷আৰু একাংশই দ্ৰৰিদ্ৰ,অসহায় ৰোগী সকলক চিকিৎসালয়তে  গালি গালাজ  কৰা,যধেমধে  দাবী ধমকি আদিৰে টকা পইচা সংগ্ৰহ অহাটো এতিয়া ৰাইজৰ মুখে মুখে আৰু সহজলভ্য বিষয় হৈ পৰিছে ৷তৎস্বত্বেও সংশ্লিষ্ট বিভাগ,কতৃপক্ষ সমুহৰ লগতে অকৰ্মণ্য,অপদাৰ্থ শীৰ্ষ বিষয়া সকলে  কুম্ভকৰ্ণৰ গভীৰ নিন্দ্ৰাত সম্প্ৰতি নাক বজাই শুই থকা দেখিবলৈ পোৱা গৈছে ৷আন একাংশই এতিয়া জিলাখনত  একাংশ মাফিয়াৰ ডনৰহে   কাৰ্য কলাপ আদিবোৰ তীব্ৰ গতিত  চলি আহিছে বুলি  অভিযোগ কৰিছে ৷ওদালগুৰি জিলাৰ টংলা সামূহিক স্বাস্থ্য কেন্দ্ৰত ক’ভিড ভেকশ্বিনেশ্বনৰ নামত প্ৰতিজন হিতাধিকাৰীৰ পৰা দহ টকাকৈ সংগ্ৰহ কৰাৰ কেন্দ্ৰ কৰি ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ যি সময়ত চৰকাৰে দেশজুৰি প্ৰতিজন হিতাধিকাৰীক ক’ভিড ভেকশ্বিন সম্পূৰ্ণ বিনামূলীয়াকৈ দিয়াৰ ব্যৱস্থা কৰিছে,  ৷ সেইসময়ত টংলা সামূহিক স্বাস্থ্য কেন্দ্ৰত স্থাপন কৰা ভেকশ্বিন চেন্টাৰত ভেকশ্বিন ল’বলৈ অহা  প্ৰতিজন ব্যক্তিৰ পৰা দহ টকাকৈ সংগ্ৰহ কৰি আহিছে ৷ জানিব পৰামতে এইদৰে সংগ্ৰহ কৰা ধনৰাশিৰ সৈতে স্বাস্থ্য কেন্দ্ৰটোৰ পৰিচালনা সমিতি জড়িত নহয় ৷ জিলাখনৰ যুটীয়া স্বাস্থ্য সঞ্চালক আৰু উপায়ুক্ত অৱগত নোহোৱাকৈ এইদৰে কাৰ স্বৰ্তছায়াত ক’ভিড ভেকশ্বিনৰ নামত ধন সংগ্ৰহ কৰিছে  সেয়াও ৰহস্যৰ আৱৰ্তত ৷ আনহাতে এই সংগৃহীত ধন কোন শিতান জমা কৰিছে নে কাৰ জেপলৈ গৈছে ৷ চৰকাৰে বিনামূলীয়াকৈ ৰাইজলৈ আগবঢ়োৱা ক’ভিড ভেকশ্বিনৰ বিনিময়ত ধন সংগ্ৰহৰ অধিকাৰ ক’ত পালে?  ইয়াৰ এক নিৰপেক্ষ তদন্ত বিচাৰিছে সচেতন ৰাইজে ৷ভোকোলীকান্দা স্বাস্থ্য কেন্দ্ৰটো একেদৰে লোৱাৰ অভিযোগ উঠিছে ৷কভিড ভেকচিনৰ নামত টকা সংগ্ৰহ কৰা সকলক অনতিপলমে গ্ৰেপ্তাৰ কৰি জেল হাজালৈ প্ৰেৰণ কৰিবলৈ সচেতন নাগৰিক সমাজে চৰকাৰ,সংশ্লিষ্ট বিভাগ,কতৃপক্ষক দাবী জনাইছে ৷

Related Articles