আজি প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ আদ্যশ্ৰাদ্ধ।(Rajib Sadiya)
শদিয়াৰ নিজ গাঁৱত আদ্যশ্রাদ্ধৰ আয়োজন কৰা হৈছে।
শদিয়াৰ টুপচিঙা গাঁৱ জনসমুদ্ৰত পৰিণত হৈছে।
প্রায় ১ লাখ শুভাকাংক্ষীক আদৰিবলৈ সাজু শদিয়াবাসী।
অতিথিক আপ্যায়নৰ বাবে সাজু শদিয়াৰ ১২৯খন গাঁৱৰ ৰাইজ।
ৰান্ধনীঘৰত সাজু কৰি তোলা হৈছে ২৩টাকৈ চৌকা।
কেইবাখনো গাঁৱৰ ৰাইজে প্ৰস্তুত কৰিছে প্রায় ১০ হাজাৰ পকা মিঠৈ।
দলে বলে ওলাই আহিল মহিলাসকল কাম-কাজত সহায় কৰিবলৈ।
আদ্যশ্ৰাদ্ধৰ দিনা সকলো শুভাকাংক্ষী ৰাইজৰ উপস্থিতি কামনা কৰিছে প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ পৰিবাৰে৷