Breaking

অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অসম প্ৰশাসনিক সেৱাত সাধাৰণ পৰিয়ালৰ যুৱক ৰাকেশৰ সফলতা : নগাঁৱত আনন্দৰ বন্যা : স্বচ্ছ-নিকা নিযুক্তিৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জনালে পৰিয়ালৰ লগতে বিধায়ক ৰূপক শৰ্মাই

0 1,247

নগাঁও, ২৫ডিচেম্বৰ : সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অসম প্ৰশাসনিক সেৱাত ১০৩ নম্বৰ স্থানৰে উজ্বলিল নগাঁৱৰ ৰাকেশ কুমাৰ ঠাকুৰ। নগাঁও চহৰৰ হয়বৰ গাঁৱৰ ৰাকেশ কুমাৰ ঠাকুৰে বায়’টেকনলীজত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। উল্লেখযোগ্য যে, অতি সাধাৰণ পৰিয়ালৰ যুৱক ৰাকেশৰ সাফল্যই নগাঁৱত সকলোকে আনন্দিত কৰি তুলিছে। ৰাকেশৰ পিতৃ ৰমেশ ঠাকুৰ পেছাত নাপিত। হয়বৰগাঁৱৰ সেউজ বিবাহ ভৱনৰ সমীপতে এখন সৰু চেলুন চলাই জীৱন নিৰ্বাহ কৰা ৰমেশ ঠাকুৰ পুত্ৰৰ এই সাফল্যত আৱেগিক হৈ পৰিছে। পুত্ৰৰ এই সাফল্যৰ বাবে ভগৱানক ধন্যবাদ জনালে ৰাকেশৰ মাতৃ শকুন্তলা দেৱীয়ে। পিতৃ-মাতৃৰ মতে সৰুৰে পৰা ৰাকেশক কোনোদিনে শোৱাৰ পৰা জগাব লগা অথবা পঢ়িবলৈ ক’ব লগা হোৱা নাছিল। আনহাতে এপিএছচিত স্থান লাভ কৰি নিজকে ভাগ্যৱান বুলিও ব্যক্ত কৰে ৰাকেশে। ইয়াৰ পূৰ্বেও এবাৰ ৰাকেশে লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল। অসম প্ৰশাসনিক সেৱাৰ তালিকাত স্থান লাভ কৰা ৰাকেশে অনাগত সময়ত সমাজৰ বাবে কাম কৰিব বিচাৰে। ৰাকেশে লগতে এপিএছচিৰ নিযুক্তি প্ৰক্ৰিয়াত তেঁওৰ দৰে দুখীয়া পৰিয়ালৰ ছাত্ৰই অসম প্ৰশাসনিক সেৱাৰ পৰীক্ষাত নিযুক্তি লাভ কৰাটো চৰকাৰখনৰ স্বচ্ছতাৰ নিদৰ্শন বুলিও মন্তব্য কৰে। ভৱিষ্যতে অসমৰ বাবে নিষ্ঠাৰে কাম কৰি যাব বুলিও ৰাকেশে সংবাদ মাধ্যমক মন্তব্য কৰে। ইপিনে এপিএছচিৰ পৰীক্ষাত সফলতা অর্জন কৰা ৰাকেশ কুমাৰ ঠাকুৰৰ বাসগৃহত আজি  উপস্থিত হৈ নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ৰাকেশক অভিনন্দন জ্ঞাপন কৰে। আনহাতে বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰৰ কাৰ্যকালত অসম লোকসেৱা আয়োগত সাধন হোৱা সংস্কাৰৰ বাবেই ৰাকেশ কুমাৰ ঠাকুৰৰ দৰে সাধাৰণ পৰিয়ালৰ যুৱকে এপিএছচিৰ দৰে পৰীক্ষাত সফলতা অর্জন সম্ভৱ হোৱা বুলিও বিধায়ক শৰ্মাই মন্তব্য কৰে । ইয়াৰ বাবে তেওঁ অসমৰ মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালক ধন্যবাদ জ্ঞাপন কৰে ।

Leave A Reply

Your email address will not be published.