Breaking

ক’ৰোনাৰ বাবে নিয়ম সলনি কৰিবলৈ বাধ্য হ’ল ৰামনুজনৰ অধ্যক্ষই : ৰামানুজনৰ ছাত্ৰ-ছাত্ৰীক মোবাইল ফোন ব্যৱহাৰৰ অনুমতি ।

0 713

নগাঁও :

উচ্চতৰ মাধ্যমিকৰ কলা আৰু বিজ্ঞান শাখাৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত বিগত বৰ্ষসমূহত চমকপ্রদ সফলতাৰ ধাৰা অক্ষুণ্ণ ৰখা নগাঁও চহৰৰ ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ত মোবাইল ফোন অথবা লেপটপ ছাত্ৰ-ছাত্ৰীৰ বাবে নিষিদ্ধ কৰাৰ বাতৰিয়ে প্ৰতিবাৰেই সংবাদ মাধ্যমৰ শিৰোণাম দখল কৰি আহিছে । বিশেষকৈ ব্যক্তিগত খণ্ডৰ শিক্ষা প্রতিষ্ঠানখনৰ  অধ্যক্ষ দিলীপ কুমাৰ বৰাৰ মতে এনড্ৰইদ মোবাইল ফোন, লেপটপ অথবা ইণ্টাৰনেটে  উচ্চতৰ মাধ্যমিকৰ সময়ছোৱাত ছাত্ৰ-ছাত্ৰীৰ পঢ়াৰ প্ৰতি একাগ্ৰতা হ্ৰাস কৰে। ফলস্বৰূপে প্ৰতিবছৰেই বহু ছাত্ৰ-ছাত্ৰীক গোপনে মোবাইল ফোন ব্যৱহাৰ কৰাৰ বাবে শাস্তি দিয়াৰ লগতে ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা প্রতিষ্ঠানখনলৈ লগত অনা বহু দামী এনড্ৰইদ ফোন নষ্ট কৰি পেলোৱা হয়। আনকি কনিষ্ঠ মহাবিদ্যালয়খনত নতুনকৈ নামভৰ্তিৰ বাবে অহা ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক সকলক পূৰ্বৰ ভাঙি পেলোৱা তেনে মোবাইল ফোন সমূহ দেখুৱাই সন্তানক মোবাইল ফোন নিদিবৰ বাবে অধ্যক্ষ তথা কনিষ্ঠ মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষই সকীয়নি প্ৰদান কৰি আহিছিল । কিন্তু চলিত বর্ষৰ মাৰ্চ মাহৰ পৰা কৰ’না ভাইৰাছ সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্রীয় চৰকাৰে সমগ্র দেশত জাৰি কৰা লকডাউনৰ ফলত যাতায়াত, বাণিজ্য আদিৰ লগতে শৈক্ষিক ক্ষেত্রখনতো স্থবিৰতাই দেখা দিয়ে। তেনে পৰিস্থিতিত  ইন্টাৰনেটৰ সহায়ত অনলাইন যোগে নিজ গৃহত আবদ্ধ হৈ থকা শিক্ষাৰ্থীসকলক নিজ নিজ শিক্ষা প্রতিষ্ঠানে শিক্ষা দানৰ ব্যৱস্থা কৰে।সেয়ে ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীৰ ওপৰত আৰোপ কৰি অহা মোবাইল ফোন ব্যৱহাৰৰ নিষেধাজ্ঞা উঠাই লবলৈ বাধ্য হয় শিক্ষা প্রতিষ্ঠানখনৰ কৰ্তৃপক্ষ। পূৰ্বৰ কঠোৰ সকীয়নিৰ বিপৰীতে এইবাৰ ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীক  অধ্যক্ষ দিলীপ কুমাৰ বৰাই এনড্ৰইদ মোবাইল ফোন ক্ৰয়ৰ  পৰামৰ্শহে দিয়ে। অধ্যক্ষ গৰাকীৰ মতে কৰ’না ভাইৰাছ সংক্ৰমণৰ বাবে হয়তো বহুদিনলৈকে অনলাইন ক্লাছৰ জৰিয়তে পাঠদান কৰা হ’ব প্ৰায়বোৰ শিক্ষানুষ্ঠানতে। ইতিমধ্যে ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ত অনলাইন ক্লাছৰ জৰিয়তে উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ-ছাত্ৰীক পাঠদান কৰি থকা হৈছে আৰু একে পদ্ধতিৰে নতুনকৈ নামভৰ্তি কৰা সকলকো পাঠদান কৰা হ’ব । এনে পৰিস্থিতিত এনড্ৰইদ ফোন অবিহনে ছাত্ৰ-ছাত্ৰীয়ে  পাঠদান গ্ৰহণ কৰাটো অসম্ভৱ হব। যাৰ পৰিণতিত এইবাৰ ৰামানুজনৰ অধ্যক্ষই এই নিয়ম সলনি কৰিবলৈ বাধ্য হৈছে। বহুতে ইয়াক কৰ’না ভাইৰাছৰ পাৰ্শ্বক্ৰিয়া বুলি মন্তব্য কৰে ।

Leave A Reply

Your email address will not be published.