Breaking

ৰমেন ডেকাক ৰাজ্যপাল নিযুক্তিয়ে হ্ৰাস কৰিলে দলীয় সংঘাতঃ মুখ্যমন্ত্ৰীৰ দূৰদৰ্শী পদক্ষেপ, হৰিশ দ্বিবেদীক প্ৰভাৰী নিযুক্তিয়ে মূল সূঁতিলৈ আনিব ক্ষোভিত নেতাক!

0 68

ৰাজ্যিক বিজেপিত ন-পুৰণি সংঘাত আৰু ক্ষোভ অসন্তুষ্টিৰ ঢৌ মাৰ গৈছে! মূলত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ কৌশলী ৰাজনৈতিক সিদ্ধান্ত আৰু দূৰদৰ্শী চিন্তাৰ পৰিণতিতেই এই ন-পুৰণি সংঘাত আৰু ক্ষোভ অসন্তুষ্টিৰ ঢৌ মাৰ যাবলৈ আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে৷ অসমত বিজেপিৰ প্ৰতিষ্ঠাতা তথা প্ৰাক্তন সাংসদ ৰমেন ডেকাৰ দীৰ্ঘদিনীয়া ক্ষোভ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাই আৰু নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ মুকলি বিদ্ৰোহ আৰু খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰে প্ৰত্যক্ষ সংঘাত আদিয়ে এক প্ৰকাৰৰ দুচিন্তাত পেলোৱা ৰাজ্যিক বিজেপিক ৰমেন ডেকাৰ নিযুক্তিয়ে সকাহ দিলে৷ উল্লেখ্য, ডেকাক ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূৱে ছত্তিশগড়ৰ ৰাজ্যপাল নিযুক্তি দিয়াৰ লগে লগে ৰাজ্যিক বিজেপিত ন-পুৰণি সংঘাতক নীৰৱে সাৰ পানী যোগোৱা বুলি চৰ্চা চলি অহা চক্ৰটোৰ শক্তি একপ্ৰকাৰ অন্ত পৰিল৷


খবৰ অনুসৰি ৰাজ্যিক বিজেপিৰ প্ৰভাৰী হিচাপে উত্তৰ প্ৰদেশৰ এগৰাকী প্ৰাক্তন সাংসদ হৰিশ দ্বিবেদীক নিযুক্তি দিয়াৰ ঠিক পিছতেই উত্তৰ প্ৰদেশৰ আন এগৰাকী বৰ্ষীয়ান বিজেপি নেতা লক্ষ্মণ প্ৰসাদ আচাৰ্যক অসমৰ ৰাজ্যপাল নিযুক্তি দিয়া হৈছে৷ উত্তৰ প্ৰদেশৰ দুই বিজেপি নেতাৰ অসমত নিযুক্তি লাভৰ বিষয়টো আপাতদৃষ্টিত বিশেষ গুৰুত্বপূৰ্ণ যেন নালাগিলেও ৰাজনৈতিক দৃষ্টিকোণেৰে সি এক অতি গুৰুত্বপূৰ্ণ বিষয়৷প্ৰভাৰী গৰাকীয়ে দলৰ সাংগঠনিক কাম কাজ চোৱা চিটা কৰিব। আনহাতে ৰাজ্যপাল পদটো হ’ল এক সাংবিধানিক পদ৷যিটো পদত থাকি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বহু পুৰণি কাৰ্যকৰ্তা লক্ষ্মণ প্ৰসাদ আচাৰ্যই বিজেপিৰ সাংগঠনিক কাম কাজ অথবা দলীয় কাৰ্যসূচীত জৰিত হ’ব নোৱাৰিব৷ কিন্তু এইয়া দলটোৰ নেতা সকলৰ বাবে হ’ব এক মানসিক সকাহ৷ হৰিশ দ্বিবেদীৰ দৰে প্ৰায় পঞ্চাশ বছৰীয়া এজন নেতাই মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মৰ্মে ৰাজ্যিক বিজেপিৰ বিদ্ৰোহ সংঘাত নিৰাময় কৰিবলৈ নিশ্চিতভাৱে সক্ষম হ’ব৷ বিজেপিৰ শিবিৰত আৰম্ভ হোৱা চৰ্চা মতে হৰিশ দ্বিবেদীৰ নিযুক্তিৰ পিছতেই দুই বিদ্ৰোহী নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাই আৰু নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ সৈতেও কথা বতৰা সঠিক দিশত আৰম্ভ হৈছে।

দুয়োজনকেই পুনৰ সাংগঠনিক কাম কাজত লগাব পৰাৰ পৰিৱেশ এটা সৃষ্টিৰ বাবে মুখ্যমন্ত্ৰীৰ পৰামৰ্শ অনুসৰি দ্বিবেদীয়ে ৰাজ্যিক বিজেপিৰ নেতৃত্বৰ লগত কথা আৰম্ভ কৰিছে৷এই প্ৰক্ৰিয়া অতি দ্ৰুতগতিত আৰম্ভ হৈছে কিয়নো দলৰ দুগৰাকী নেতা ভবেন্দ্ৰনাথ মহন আৰু যুধিষ্ঠিৰ গগৈয়ে ইতিমধ্যে ৰাইজৰ দলত যোগদান কৰিছে৷ অশোক শৰ্মাইও বিজেপি এৰাৰ কথা কৈছে৷সকলো বিদ্ৰোহী অসন্তুষ্ট নেতাই যাতে একত্ৰিতভাৱে কাম কৰি দলক দুৰ্বল কৰিব নোৱাৰে তাৰ বাবে ৰমেন ডেকাক ৰাজ্যপাল নিযুক্তি দিয়া হৈছে৷ ইফালে ৰাজ্যসভাৰ দুখন আসনৰ বাবে পুৰণি জ্যেষ্ঠ নেতাক অগ্ৰাধিকাৰ দিয়াৰ পৰিকল্পনা কৰা বুলি জানিব পৰা গৈছে৷

Leave A Reply

Your email address will not be published.