Breaking

দলগাওঁ শিয়ালমাৰী উন্নয়ন খন্ডৰ অন্তৰ্গত শ্যামপুৰ গাওঁ পঞ্চায়তত আচনিৰ নামত ব্যাপক দূৰ্নীতি : আচঁনিৰ ফলক নলগোৱাকৈ নিন্ম মানৰ কাম কৰাৰ অভিযোগ ৰাইজৰ ।

0 544

অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত চলিছে ব্যাপক দুৰ্নীতি । উন্নয়ন খণ্ডৰ  একাংশ চৰকাৰী বিষয়া/কৰ্মচাৰীৰ সহযোগত জনপ্ৰতীনিধিয়ে লিপ্ত হৈছে  ব্যাপক দুৰ্নীতি অনিয়মত । এটাৰ পিছত আন এটা দুৰ্নীতি অনিয়মৰ তথ্য পোহৰলৈ আহিছে  দৰঙৰ দলগাওঁ শিয়ালমাৰী উন্নয়ন খণ্ডৰ কাৰ্যালয়ত । তথাপিও গা লৰা নাই বিভাগীয় কৰ্তৃপক্ষৰ । দলগাও শিয়ালমাৰী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ শ্যামপুৰ গাওঁ পঞ্চায়তত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি । গাওঁ পঞ্চায়ত খনত চলি থকা এমজিএনৰেগা , চতুৰ্দশ আৰু পঞ্চদশ বিত্তীয় আচনিৰ নামত দুৰ্নীতিৰ সংঘটিত হোৱাৰ অভিযোগ । অভিযোগ অনুসৰি পঞ্চায়ত খনৰ   অন্তৰ্গত শ্যামপুৰ বজাৰৰ পৰা ব্ৰহ্মপুত্ৰ পাৰ  ঘাটলৈ যোৱা পথৰ কালভাৰ্ট নিৰ্মাণৰ নামত চৰকাৰে  লাখ লাখ টকা  আৱন্টন দিয়ে  যদিও  কামত নিয়োজিত চতুৰ ঠিকাদাৰ ৰূপী পঞ্চায়ত প্ৰতিনিধিয়ে আচঁনিৰ ফলক নলগোৱাকৈ  ৰাইজক অন্ধকাৰত ৰাখি ৰূপায়ন কৰে আচনিৰ কাম । উল্লেখযোগ্য যে উক্ত পথেৰে দৈনিক বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ লগতে পথচাৰী সকলে জমৰ যাতনা ভুগ কৰি আহিছে । বাৰিষা কালত বাহৰ সাকো নিৰ্মাণ কৰি যাতায়ত কৰে বৃহৎ চৰান্চলৰ লোক সকলে । যাতায়ত সুচল কৰাৰ বাবে শ্যামপুৰ গাওঁ পঞ্চায়তৰ পৰা পথটোত এখন কালভাৰ্ট নিৰ্মাণৰ অনুমোদন দিয়ে । সদাব্যস্ত পথটোৰ কালভাৰ্ট খন চৰকাৰী প্ৰাক:কলনৰ নীতি নিয়ম উলাংঘা কৰি  নিৰ্মাণ কৰা হৈছে পথৰ বহু তলত ।  পথৰ উচ্চতাৰ পৰা তলত নিৰ্মাণ কৰা কালভাৰ্ট খন বাৰিষা কালত  ভাঙি যোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে । দলগাওঁ শিয়ালমাৰী উন্নয়ন খণ্ডৰ একাংশ বিষয়া কৰ্মচাৰীক   মেনেজ কৰি শ্যামপুৰ গাওঁ পঞ্চায়তৰ একাংশ প্ৰতিনিধিয়ে সংঘটিত কৰিছে এটাৰ পিছত আন এটা  দুৰ্নীতি অনিয়ম । সেয়ে উত্থাপিত  অভিযোগৰ এক  উচ্চ পৰ্যায়ৰ তদন্ত কৰি সঠিক ভাৱে কালভাৰ্ট খন নিৰ্মাণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত আহ্বান জনাইছে স্থানীয় ৰাইজে ।

Leave A Reply

Your email address will not be published.