Breaking

নগৰবেৰা গাওঁ পঞ্চায়তত বিভিন্ন আঁচনি ৰূপায়নৰ নামত ব্যাপক দুৰ্নীতি ! দুৰ্নীতিগ্ৰস্ত সভাপতি দিপাংকৰ কলিতাৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ…

0 44

নগৰবেৰা গাওঁ পঞ্চায়তত বিভিন্ন আঁচনি ৰূপায়নৰ নামত ব্যাপক দুৰ্নীতি, দুৰ্নীতিগ্ৰস্ত সভাপতি দিপাংকৰ কলিতাৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ, তদন্তৰ দাবী

কামৰূপৰ বকো সমষ্টিৰ ছমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত নগৰবেৰা গাওঁ পঞ্চায়তত বিভিন্ন আঁচনি ৰূপায়নৰ নামত সংঘটিত হোৱা বিয়াগোম দুৰ্নীতি অনিয়ম আৰু লুন্ঠনৰাজৰ বিৰুদ্ধে আজি পঞ্চায়তটোৰ স্থানীয় প্ৰায় শতাধিক পুৰুষ মহিলাই ৰাজপথ অৱৰোধ কৰি পঞ্চায়তৰ সভাপতি দিপাংকৰ কলিতাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । উল্লেখ্য যে, নগৰবেৰা গাঁও পঞ্চায়তৰ দুৰ্নীতি পৰায়ন সভাপতি দিপাংকৰ কলিতাই পঞ্চায়ত খনত এম জি এনৰেগা, চতুৰ্থ বিত্তীয় আয়োগ আঁচনি, প্ৰধান মন্ত্ৰী আৱাস যোজনা আদি বিভিন্ন আঁচনি ৰূপায়নৰ নামত ব্যাপক দুৰ্নীতি অনিয়ম সংঘটিত কৰি সোঁৱে বাঁৱে লুন্ঠন চলোৱাত ৰাইজ অতীষ্ঠ হৈ পৰিছে। অভিযোগ অনুসৰি, পঞ্চায়ত খনৰ এলেকাধীন ১নং আৰু ২ নং পলাহৰটাৰী গাওঁৰ ক্ৰমে খদেজা খাতুন পৰা দহ হেজাৰ,
মনোৱাৰা খাতুনৰ পৰা পাঁচ হাজাৰ,


জহিৰন নেছাৰ পৰা পাঁচ হাজাৰ, শাহাৰভানুৰ পৰা পাঁচ হাজাৰ, জহুৰা খাতুনৰ পৰা পাঁচ হাজাৰ, জমু নেছাৰ পৰা ৮ হাজাৰ টকা লোৱাৰ লগতে একাংশ দৰিদ্ৰ মহিলাক প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহ দিয়াৰ নামত ৫ পৰা ৮/ ১০ হাজাৰকৈ টকা সংগ্ৰহ কৰি আজিলৈকে সেই দৰিদ্ৰ হিতাধিকাৰী সকলক ঘৰ নিদিয়াত ক্ষুব্ধ হৈ পৰিছে হিতাধিকাৰী সকলে ৷ হিতাধিকাৰীয়ে অভিযোগ কৰা মতে, পঞ্চায়ত সভাপতি দিপাংকৰ কলিতাই দৰিদ্ৰ হিতাধিকাৰী সকলৰ ঘৰে ঘৰে গৈ ঘৰ দিয়া, অৰুনদয় দিয়াৰ নামত সংগ্ৰহ কৰিছে বৃহৎ পৰিমাণৰ উৎকোচ। বিগত এবছৰ পাৰ হোৱাৰ পিছতো আজিলৈ সভাপতি গৰাকীয়ে দৰিদ্ৰ হিতাধিকাৰী সকলক ঘৰ নিদিয়াত ক্ষোভিত হৈ পৰিছে পলাহৰটাৰী গাওঁৰ একাংশ বিধৱা আৰু দৰিদ্ৰ মহিলাই। ইয়াৰ উপৰিও পঞ্চায়ত খনত ষ্ট্ৰীট লাইট বহুৱাৰ নামত সভাপতি গৰাকীয়ে সংঘটিত কৰিছে বিয়াগোম কেলেংকাৰী। অভিযোগ অনুসৰি, পঞ্চায়ত খনৰ বিভিন্ন ঠাইত নিম্নমানৰ ষ্ট্ৰীট লাইট স্থাপন কৰাৰ বাবেই আজি অধিকাংশ লাইটেই বিকল হৈ থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ।চতুৰ্থ বিত্তীয় আয়োগ আঁচনি ধনেৰ এনে নিম্নমানৰ ষ্ট্ৰীট লাইট স্থাপন কৰাৰ ক্ষেত্ৰত ব্যাপক হাৰত দুৰ্নীতি সংঘটিত কৰি আঁচনিৰ ধন লুটি পুটি খোৱা অভিযোগ উত্থাপিত হৈছে দুৰ্নীতি পৰায়ন সভাপতি দিপাংকৰ কলিতাৰ বিৰুদ্ধে । বিজেপিৰ দলৰ পঞ্চয়ত সভাপতিগৰাকীয়ে ইপিনে তাৰাপাম টিউৱেল বহুৱাৰ নামত সংঘটিত কৰিছে আন এক ভয়ংকৰ কেলেংকাৰী। প্ৰতিটো তাৰা পামৰ মজিয়া পকী কৰিব লাগে যদিও পকী নকৰি বৃহৎ পৰিমাণৰ ধন ৰাইজক অন্ধকাৰত আত্মসাৎ কৰিছ বুলি ৰাইজে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। দিপাংকৰ কলিতাই পঞ্চায়ত সভাপতি হোৱাৰ পিছৰে পৰা বিভিন্ন কুট কৌশল অৱলম্বন কৰি উন্নয়ন মূলক আঁচনি ৰূপায়নৰ নামত ব্যাপক দুৰ্নীতি অনিয়ম সংঘটিত কৰি আঁচনিৰ বৃহৎ পৰিমাণৰ ধন কুক্ষিগত কৰাত আৱন্টিত ধন অনুপাতে পঞ্চায়ত খনত উন্নয়ন নোহোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে একাংশ লোকে ।শেহতীয়াকৈ মেধিপাৰা প্লেগৰাউণ্ডত এম জি এনৰেগা আঁচনিৰ কামত জেচিবি ট্ৰেক্টৰেৰে মাটি কাটি প্ৰায় তিনি লাখ পঞ্চাশ হাজাৰ টকা আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

বিষয়টো সন্দৰ্ভত ইতিমধ্যে নগৰবেৰা আৰক্ষী থানাত গোচৰ ৰুজু হোৱা বুলিও জানিবলৈ দিছে একাংশ ৰাইজে। সভাপতি দিপাংকৰ কলিতাৰ এনে একাধিক দুৰ্নীতি অনিয়মত ৰাইজ অতীষ্ঠ হৈ ১নং পলাহৰটাৰীত আজি প্ৰায় শতাধিক পুৰুষ মহিলাই ৰাজপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। সভাপতি দিপাংকৰ কলিতাৰ দুৰ্নীতি বন্ধ কৰক, দিপাংকৰ কলিতা হায় হায়, ঘৰৰ নামত টকা লোৱা বন্ধ কৰক, আৰুণোদয় আঁচনিৰ নামত ধন লোৱা বন্ধ কৰক, ষ্ট্ৰীট লাইটৰ দুৰ্নীতিৰ তদন্ত লাগে, তাৰাপামত সংঘটিত দুৰ্নীতিৰ তদন্ত লাগে, এম জি এন ৰেগা কামত সংঘটিত দুৰ্নীতৰি তদন্ত লাগে আদি বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী ৰাইজে । সভাপতি দিপাংকৰ কলিতাৰ এনে একাধিক দুৰ্নীতি অনিয়মৰ এক উচ্চ পৰ্যায়ৰ তদন্ত কৰি সভাপতি গৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে জিলা উপায়ুক্তৰ লগতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক দাবী জনাইছে। তদন্ত সাপেক্ষে দোষীৰ বিৰুদ্ধে কতৃপক্ষই কেনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া হব লক্ষলীয়।

Leave A Reply

Your email address will not be published.