বিঘাই প্ৰতি অধিক ধান উৎপাদন হোৱাৰ প্ৰলোভনেৰে কৃষকক যোগান ধৰিছিল হীৰা-২ ধানৰ বীজ।কিন্তু হীৰা-২ ধানৰ বীজ ৰোপণ কৰি দুৰ্ভীক্ষৰ সম্মুখীন হব লগা হৈছে গৌৰীপুৰৰ গেৰামাৰী প্ৰথম খণ্ড (নাইয়াৰ চৰ) গাৱৰ প্ৰায় ত্ৰিশ জনকৈ কৃষকে।
আলমগঞ্জ বজাৰত স্থাপন কৰা নুৰ ষ্টোৰ নামৰ বীজ বিক্ৰেতা নুৰ আলমৰ পৰা হীৰা ২ ধানৰ বীজ ক্ৰয় কৰিছিল এইসকল কৃষকে।কৃষক সকলে কাবেৰী আদি ধানৰ বীজ বিচাৰিছিল যদিও নুৰ আলমে বিভিন্ন প্ৰলোভন দি কৃষকৰ ঘৰত গৈ যোগান ধৰিছিল হীৰা২ধানৰ বীজ।সেই ধানৰ বীজ ৰোপণ কৰি ব্যয়বহুল ইৰিধানৰ খেতি পৰিচালনা কৰি আহিছিল কৃষকে।
কিন্তু ধান পকা সময়তে কৃষকসকলে খেতি পথাৰত দেখা পায় পতান আৰু একেখন পথখৰত দুই বিধ ধানৰ নমুনা।অভিযোগ অনুসৰি নুৰ ষ্টোৰ নামৰ ফাৰ্টিলাইজাৰৰ দোকানী নুৰ আলমে বজাৰত হীৰা২ ধানৰ বীজ উপলব্ধ হোৱাৰ পূৰ্বেই কিদৰে বিক্ৰী কৰিছিল হীৰা২ ধানৰ বীজ।কৃষকৰ অভিযোগমত ধুৰন্ধৰ আলমে হীৰা২ ধানৰ নকল পেকেট বনাই নিজৰ ঘৰৰ ধান ভৰাই জালিয়াতিৰে বিক্ৰী কৰিছিল।
বিভাগীয় কৰ্তৃপক্ষই দুৰ্নীতি পৰায়ন নুৰ আলমৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে ভুক্তভোগী কৃষকসকলে আইনৰ আশ্ৰয় লব বুলি মন্তব্য প্ৰকাশ কৰে।