Rangali Bihu festival:এক ব’হাগত বংশৰ ৰঙালী বিহু সন্মিলন 

দৈনন্দিন বাৰ্তা সেৱা, দদৰা, ২৯ মাৰ্চ: সদৌ বংশৰ ৰঙালী বিহু সন্মিলনৰ(Rangali Bihu festival) ৫৫ সংখ্যক ৰঙালী বিহু সন্মিলন এইবেলি অহা এক বহাগত ৫৫খন পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰিব।(Assamese New Year)

১৫ এপ্ৰিলৰ পুৱা ৮.০০ বজাত বংশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিহুতিলত ঐক্য, সম্প্ৰীতি আৰু সংহতিৰ প্ৰতীক সদৌ বংশৰ ৰঙালী বিহু সন্মিলনৰ সভাপতি ৰমেন ভৰালীয়ে মুল পতাকা উত্তোলনৰ লগতে বৃহত্তৰ বংশৰ অঞ্চলৰ (৮৭নং বংশৰ গাওঁ পঞ্চায়ত আৰু ১১৪নং গন্ধমৌ গাওঁ পঞ্চায়ত মিলি) ৫৪জন বিশিষ্ট শ্ৰেষ্ঠ ব্যক্তিৰ দ্বাৰা পতাকা উত্তোলন কৰিব।(Spring Festival) পতাকা উত্তোলনৰ পিছতে কণ্ঠশিল্পী কৰিস্মা দাসৰ পৰিচালনাৰে স্বৰ-সাধনা সংগীত বিদ্যালয়, বংশৰ’ৰ শিল্পীসকলৰ দ্বাৰা সমবেত সংগীত পৰিৱেশন কৰিব।

পুৱা ৮.৩০ বজাত স্মৃতি তৰ্পণ আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচী।(Manuh Bihu) বন্তি প্ৰজ্বলন কৰিব বংশৰৰ ধৰ্মপ্ৰাণ ব্যক্তি তিলক বৈশ্যই, স্মৃতি তৰ্পণ কৰিব অৱসৰপ্ৰাপ্ত শিক্ষক নিত্যানন্দ ভৰালী, নৱ কুমাৰ ভৰালী, গাওঁ প্ৰধান দিপক দাস আৰু কেশৱ বৈশ্যই, পুৱা ৯ বজাত গছপুলি ৰোপণ কৰিব শৰৎ দাস, সুভাষ চন্দ্ৰ বৈশ্য, পংকজ বৈশ্য, সুৰেশ বৈশ্য আৰু নলিন নাথে। ৯.৩০ বজাত উদয়নীল জাগৃতি বিহুৱা দল, সৰুলাহৰদ্বাৰা বিহু পৰিৱেশন, ১০ বজাত হাৰিমুআফাত খেৰাই দল, গন্ধমৌৰ খেৰাই নৃত্য পৰিৱেশন আৰু বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ’ব বুলি সদৌ বংশৰ ৰঙালী বিহু সন্মিলনৰ সভাপতি ৰমেন ভৰালী, সম্পাদকদ্বয় অশোক নাথ আৰু ৰাতুল কলিতাই জনাইছে।(Senehi Bihu)

ইফালে ১৯ এপ্ৰিলৰ পুৱা ৫ বজাত সদৌ বংশৰ ৰঙালী বিহু সন্মিলনৰ উদ্যোগত বিহু উপলক্ষে সদৌ অসম ভিত্তিত মাৰাথান দৌৰ প্ৰতিযোগিতা (পুৰুষ) আমিনগাঁওৰ চেকপোষ্টৰ বংশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিহুতলিলৈ অনুষ্ঠিত হ’ব। বিশিষ্ট সমাজকৰ্মী তথা সাংস্কৃতিক কৰ্মী মনোৱাৰ হুছেইনে উদ্ধোধন কৰিব লগীয়া মাৰাথান দৌৰ প্ৰতিযোগিতাৰ প্ৰথম বঁটা প্ৰয়াত মজিবুদ্দিন আহমেদ সোঁৱৰণী প্ৰাইজ মানিৰ (৭০০১) লগতে বঁটা, দ্বিতীয়  বঁটা প্ৰয়াত হেমেন চন্দ্ৰ নাথ আৰু প্ৰয়াত হেমপ্ৰভা নাথ সোঁৱৰণী প্ৰাইজ মানিৰ (৫০০১) লগতে বঁটা, তৃতীয় বঁটা প্ৰয়াত ৰবীন মালাকৰ সোঁৱৰণী প্ৰাইজ মানিৰ (৩০০১) লগতে বঁটা, চতুৰ্থ বঁটা প্ৰয়াত বিদুৰ দাস সোঁৱৰণী প্ৰাইজ মানিৰ (২০০১) লগতে বঁটা, প্ৰথম বঁটা প্ৰয়াত চন্দ্ৰকান্ত বৈশ্য আৰু প্ৰয়াত গংগাবালা বৈশ্য সোঁৱৰণী প্ৰাইজ মানিৰ (১৫০১) লগতে বঁটা দিয়া হ’ব, পুৱা ৫.৩০ বজাত নিজ গন্ধমৌ পৰা বিহুতলিলৈ মহিলা মাৰাথান দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

মহিলা মাৰাথান দৌৰ প্ৰতিযোগিতা উদ্বোধন কৰিব অসম চৰকাৰৰ সমবায় বিভাগৰ সহ: পঞ্জীয়ক আব্দুল লতিফে। মহিলা মাৰাথান দৌৰ প্ৰতিযোগিতাৰ প্ৰথম বঁটা প্ৰয়াত সম্ভুৰাম দাস আৰু প্ৰয়াত আইতৰা দাস সোঁৱৰণী বঁটাৰ লগতে প্ৰাইজমাণি ৩০০১ টকা, দ্বিতীয় বঁটা প্ৰয়াত প্ৰণৱ ভক্ত সোঁৱৰণী বঁটাৰ লগতে প্ৰাইজমাণি ২০০১ টকা, তৃতীয় বঁটা প্ৰয়াত তুলসী বৈশ্য সোঁৱৰণী বঁটাৰ লগতে প্ৰাইজমাণি ১০০১ টকা দিয়া হ’ব। পুৱা ৮.৩০ বজাত বিভিন্ন খেল-ধেমালি প্ৰতিযোগিতা বংশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’ব।

খেল-ধেমালি প্ৰতিযোগিতা উদ্বোধন কৰিব সদৌ বংশৰ ৰঙালী বিহু সন্মিলনৰ প্ৰাক্তন সভাপতি বিশ্বমোহন গোস্বামীয়ে, পুৱা ১০ বজাত বংশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সাহিত্য প্ৰতিযোগিতা উদ্বোধন কৰিব ৰাজ্যিক কৃতি শিক্ষক বঁটা প্ৰাপক, অৱসৰী প্ৰধান শিক্ষক ভগৱান বৈশ্যই, বিয়লি ৪ বজাত মুকলি কুইজ প্ৰতিযোগিতা উদ্বোধন কৰিব কটন বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ডঃ কমলকৃষ্ণ ৰাজবংশীয়ে, সন্ধিয়া ৬.৩০ বজাত সদৌ বংশৰ ৰঙালী বিহু সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত ইদ্ৰিশ আলী সোঁৱৰণী সাংস্কৃতিক মঞ্চত বন্তি প্ৰজ্বলন কৰিব সদৌ বংশৰ ৰঙালী বিহু সন্মিলনৰ প্ৰাক্তন সভাপতি তথা যুৱনেতা ছাইদুল ইছলামে, সন্ধিয়া ৬.৪৫ বজাত সাংস্কৃতিক মঞ্চ উদ্ধোধন কৰিব অসম চৰকাৰৰ মূখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে,

সন্ধিয়া ৭ বজাত সাংস্কৃতিক সন্ধিয়া উদ্ধোধন কৰিব মাহেকীয়া সংস্কৃতিৰ দাপোণ কাকতৰ মুখ্য সম্পাদক দিনমনি ভাণ্ডাৰ কায়স্থই, সাংস্কৃতিক সন্ধিয়াত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব অসম চৰকাৰৰ পৰিবহণ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া গৌতম দাস, গুৱাহাটী গেট হস্পিটেলৰ চি এম ডি ডা: বেদব্ৰত পাঠক, প্ৰাক্তন ছাত্ৰ নেতা প্ৰকাশ দাস, দীনবন্ধু বঁটাপ্ৰাপক বলেন ৰাজবংশী, বিশিষ্ট সমাজকৰ্মী ডঃ কেশৱ কলিতাই।

সন্ধিয়া ৭.১৫ বজাত হাৰিমুআফাত খেৰাই দলৰ খেৰাই নৃত্য পৰিৱেশন কৰিব, সন্ধিয়া ৭.৩০ বজাত বিভিন্ন প্ৰতিযোগিতাৰ পুৰস্কাৰ বিতৰণ আৰু সম্বৰ্দ্ধনা অনুষ্ঠান, সন্ধিয়া ৮ বজাত বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী ভাগৱত আচাৰ্য্য বগাৰাম বৈশ্য, অৱসৰী উপাধ্যক্ষ মদনমোহন দাস, সমবায় বিভাগৰ অৱসৰী পঞ্জীয়ক প্ৰসন্ন কুমাৰ দাস, অৱসৰী গ্ৰামসেৱক ভূৱনেশ্বৰ বৈশ্য, অৱসৰী উপাধ্যক্ষ হোমেশ্বৰ বৈশ্য আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তথা বিশিষ্ট সমাজকৰ্মী দেবেন্দ্ৰনাথ কাকতিক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হ’ব,

সন্ধিয়া ৮.৩০ বজাত সত্ৰীয়া নৃত্যশিল্পী কমলকৃষ্ণ ঠাকুৰীয়াৰ সত্ৰীয়া নৃত্যৰ লগতে কলামঞ্জৰী নৃত্যালয়’ৰ বাৰেবৰণীয়া নৃত্যানুষ্ঠান, নিশা ৯ বজাত নাহৰজান জেং বিহু দল(ৰামদিয়া)ৰ দ্বাৰা জেং বিহু পৰিৱেশন, নিশা ৯.১৫ বজাত ডেন্স কৰিঅ’গ্ৰাফাৰ বিশ্বজিৎ বৈশ্যৰ পৰিচালনাৰে বাৰেৰহণীয়া নৃত্যানুষ্ঠান পৰিৱেশন কৰিব।

সন্ধিয়া ৯.৩০ বজাত বিহুৱা ৰূপম শৰ্মাৰ পৰিচালনাৰে স্বৰ্গদেউ বিহু হুঁচৰি দলৰ দ্বাৰা বিহু পৰিৱেশন, নিশা ১০ বজাত পাঁচ পাণ্ডৱৰ কমেডী দলৰ কৌতুকাভিনয়, নিশা ১০.৩০ বজাত আমন্ত্ৰিত কণ্ঠশিল্পী নৱনীতা শৰ্মা আৰু সঞ্জু নাৰায়ণৰ গীতৰ অনুষ্ঠান অনুষ্ঠিত হ’ব বুলি সদৌ বংশৰ ৰঙালী বিহু সন্মিলনৰ সভাপতি ৰমেন ভৰালী, সম্পাদকদ্বয় অশোক নাথ আৰু ৰাতুল কলিতাই জনাইছে।

Related Articles