Breaking

অৱশেষত আৰক্ষীৰ জালত ‘টিকলা’ আৰু ‘পাকু’ ।দীৰ্ঘদিন ধৰি ৰঙিয়াত উপদ্ৰৱ উপদ্ৰৱ চলাইছিল দুই চিলনী চোৰে।

0 2,036

ৰঙিয়া আৰক্ষীৰ মুৰৰ কামোৰণি ‘টিকলা’ আৰু ‘পাকু’ অৱশেষত আৰক্ষীৰ জালত। দীৰ্ঘদিন ধৰি ৰঙিয়া মহকুমাত চিলনী চুৰৰ উপদ্ৰৱ বৃদ্ধি হৈছে। সাধাৰণ ৰাইজ শংকিত হৈছে নিৰাপত্তাক লৈ। সেই সময়তে ৰঙিয়া আৰক্ষীয়ে দিনে-নিশাই অভিযান চলাই কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে ৰঙিয়াৰ Most wanted টিকলা আৰু পাকুক। উল্লেখ্য যে, পূৰ্বেও টিকলা আৰু পাকুই সংঘটিত কৰিছে এনে বহুত চুৰি কাৰ্য। লগতে পূৰ্বৰ পৰাই দুয়ো এনেধৰণৰ দুষ্কাৰ্যত লিপ্ত। এই দুই চোৰক ৰঙিয়া আৰক্ষীৰ বৃহৎ দল এটাই যোৱা নিশা গুৱাহাটীৰ পৰা কৰায়ত্ত কৰে। ধৃত চোৰ দুজনৰ পৰা সোণৰ চেইন ১১ ডাল, নগদ ধন ১৬ হাজাৰ টকা, ফোন এটা, ATM ৩ খন, মাণিক ৭ টা আৰু AS 01 AT 1449 নম্বৰৰ এখন Verna বাহন জব্দ কৰে।

শেহতীয়া ভাৱে ৰুণুমা বেগম নামৰ ৰঙিয়াৰ শিক্ষয়িত্ৰী এগৰাকীৰ সোণৰ চেইন দিন দুপৰতে ডিঙিৰ পৰা আজুৰি নিছিল এই দুই ধৃত চোৰে। আৰু ৰুণুমা বেগমৰ এজাহাৰৰ ভিত্তিতেই ৰঙিয়া আৰক্ষীয়ে বিশেষ ভাৱে অভিযান চলাই কৰায়ত্ত কৰিবলৈ সক্ষম হ’ল এই দুই চোৰক।

Leave A Reply

Your email address will not be published.