ৰঙিয়াত শ্ৰীশ্ৰী জগন্নাথ মহাপ্ৰভূৰ ৰথযাত্ৰা…

ৰঙিয়া, ৮ জুলাই ঃ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ৰঙিয়াৰ সীতাৰাতো উদযাপন কৰা হয় শ্ৰীশ্ৰী জগন্নাথ মহাপ্ৰভূৰ ৰথযাত্ৰা। স্থানীয় বুঢ়া গোসাই থানস্থিত শ্ৰীশ্ৰী জগন্নাথ মন্দিৰৰ পৰা উলিওৱা হয় ৰথযাত্ৰা। ৰথযাত্ৰা মহোৎসৱত কেইবা সহস্ৰাধিক ভক্ত প্ৰাণ ৰাইজে অংশগ্ৰহন কৰে।

ইফালে ধৰ্মীয় পৰম্পৰা অক্ষুন্ন ৰাখি অনুষ্ঠিত কৰা ৰথযাত্ৰা ৰঙিয়া চহৰৰে পৰিভ্ৰমণ কৰাৰ পিছত ৰাধা -কৃষ্ণ মন্দিৰলৈ অনা হয়। পুৰীৰ পৰা অহা পুৰোহিতৰ দ্বাৰা পূজা অৰ্চনা কৰাৰ পিছত পুনৰ জগন্নাথ মন্দিৰলৈ ওভটনি যাত্ৰা কৰা হয়। ৰথযাত্ৰাত বিভিন্ন স্থানৰ পৰা ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে। আনহাতে উদযাপন সমিতিৰ সভাপতি তথা স্থানীয় বিধায়ক ভবেশ কলিতাইও কাৰ্যসূচীত উপস্থিত থাকে।

Related Articles