Ranjit Gogoi: বিহুৱা ৰঞ্জিত গগৈলৈ বিহু শিল্পী সংস্থা অসমৰ ‘বিহু ৰত্ন বঁটা ২০২৫’

বিহু শিল্পী সংস্থা অসমে ২০২৪ চনৰে পৰা প্ৰদান কৰি অহা ”বিহু ৰত্ন বঁটা” এইবাৰ ২০২৫ বৰ্ষত প্ৰদান কৰা হ’ব অসম চৰকাৰৰ পৰা অসম গৌৰৱ বঁটাৰে সন্মানিত বিশিষ্ট বিহুৱা ৰঞ্জিত গগৈক৷(Ranjit Gogoi)

অসমৰ বিহু সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অহোপুৰুষাৰ্থ কৰি অহা এগৰাকী বিহু সাধকক বিহু শিল্পী সংস্থাৰ বিহু ৰত্ন বঁটাৰে সন্মানিত কৰা হয় আৰু এইবৰ্ষত এই বঁটাৰ বাবে ৰঞ্জিত গগৈক নিৰ্বাচিত কৰা হৈছে৷

বিশিষ্ট বিহুৱা ৰঞ্জিত গগৈয়ে শৈশৱকালৰে পৰা কান্ধত ঢোল লৈ বিহু সংস্কৃতিৰ পথাৰখনত কাম কৰি আহিছে৷ তেখেতে বিশ্বৰ বহুকেইখন দেশলৈ গৈ অসমৰ বিহু পৰিৱেশন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ তেওঁ অসম চৰকাৰৰ উদ্যোগত অনুষ্ঠিত হোৱা বিহু নাচৰ বিশ্ব ৰেকৰ্ড অনুষ্ঠানতো মুখ্য ভূমিকা পালন কৰিছিল৷

বিহু শিল্পী সংস্থা অসমে শোণিতপুৰ জিলা সমিতিৰ বালিপৰা আঞ্চলিকৰ উদ্যোগত অহা ২৩ মাৰ্চত বালিপৰাত অনুষ্ঠিত হ’বলগীয়া বিহু শিল্পী সংস্থা অসমৰ পঞ্চম ৰাজ্যিক অধিৱেশনৰ মুকলি সভাত ৰঞ্জিত গগৈক এই বঁটা প্ৰদান কৰা হ’ব বুলি ‘বিহু শিল্পী সংস্থা অসমৰ’ ৰাজ্যিক সভাপতি দীপজ্যোতি হাজৰিকাই সংস্থাটিৰ গুৱাহাটীস্থিত মুখ্য কাৰ্যালয়ৰ পৰা প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তি যোগে জানিবলৈ দিছে৷ সংস্থাটিয়ে ঘোষণা কৰা অনুসৰি এই বঁটাত থাকিব এটি বিশেষ ট্ৰফী,নগদ ধন, প্ৰশস্তিমূলক পত্ৰ, গামোচা আৰু চেলেং৷

Related Articles