Ranoj Pegu: শিক্ষাগ্ৰহণ হৈছে এক জীৱনজোৰা সাধনা- শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু

দিছপুৰ, ২২ অক্টোবৰ, ২০২৪: ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ অনুসৰি ভাৰত চৰকাৰে আৰম্ভ কৰা নৱভাৰত সাক্ষৰতা কাৰ্যসূচী- উল্লাসৰ তৃতীয়খন আঞ্চলিক সন্মিলন আজি ৰাজ্যৰ মাননীয় শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত উদ্বোধন কৰে। এই কাৰ্যসূচীৰ অধীনত ২০২২চনৰ পৰা ২০২৭ চনৰ ভিতৰত সমগ্ৰ দেশতে শিক্ষা লাভৰ পৰা বঞ্চিত ১৫ বছৰৰ ঊৰ্ধ্বৰ সকলো নাগৰিককে সাক্ষৰ কৰি এগৰাকী দক্ষ মানৱ সম্পদ ৰূপে গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে। ( Ranoj Pegu)


এন চি ই আৰ টিৰ ৰাষ্ট্ৰীয় সাক্ষৰতা কেন্দ্ৰৰ উদ্যোগত তথা ৰাজ্যিক সাক্ষৰতা অভিযান প্ৰাধিকৰীৰ সহযোগত আজিৰ পৰা দুদিনীয়াকৈ আয়োজিত উল্লাস (ULLAS)ৰ সন্মিলনত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি ভাষণত উল্লেখ কৰে- আধুনিক যুগ হৈছে লিখা-পঢ়া কৰি জ্ঞান অৰ্জন কৰা আৰু কৌশল আয়ত্ব কৰাৰ যুগ। আমাৰ দেশৰ যশস্বী প্ৰধানমন্ত্ৰী মাননীয় শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই লোৱা “পঢ়ে ভাৰত বঢ়ে ভাৰত” কাৰ্যসূচী হৈছে এক অতি উল্লেখনীয় পদক্ষেপ।

সেয়েহে একে ধৰণে আমি উল্লাসক এক কেৱল চৰকাৰী কাৰ্যসূচী বুলি গণ্য নকৰি প্ৰতিগৰাকী নাগৰিকৰে নিজ দায়িত্ব বুলি স্বীকাৰ কৰি এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ জ্ঞানৰ প্ৰসাৰৰ ক্ষেত্ৰত আমি সকলোৱে জড়িত হ’ব লাগে।” মন্ত্ৰীগৰাকীয়ে উল্লাসক এক জন আন্দোলনলৈ পৰ্যবসিত কৰিবলৈ সকলোকে আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীসকলক উল্লাসৰ এই কাৰ্যসূচীত স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণেৰে ৰাজ্যখনৰ চুকে-কোণে জ্ঞান আৰু শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত আত্মনিয়োগ কৰিবলৈ কয়।

ৰাজ্যখনৰ সকলো লোককে জ্ঞানৰ আলোকেৰে উজ্জীৱিত কৰি স্বাক্ষৰতাৰ হাৰ বৃদ্ধিৰ উদ্দেশ্যে বিভাগীয় বিষয়াসকলকো অতি সোনকালে মন্ত্ৰীগৰাকীয়ে এক নীতি-নিৰ্দেশনা প্ৰস্তুত কৰিবলৈ পৰামৰ্শ দিয়ে। উল্লেখযোগ্য যে আজিৰ এই অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ লগতে পশ্চিম বংগ আৰু ঝাৰখণ্ডৰ স্বেচ্ছাসেৱক আৰু ইয়াৰ দ্বাৰা উপকৃত হোৱা লোকসকলে অংশগ্ৰহণ কৰে।

সন্মিলনত ভাৰত চৰকাৰৰ বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগৰ যুটীয়া সচিব শ্ৰীমতী অৰ্চনা শৰ্মা অৱাস্থি, উত্তৰ-পূব আঞ্চলিক শিক্ষা প্ৰতিষ্ঠান (NERIE)ৰ অধ্যক্ষ ড০ ফ্লোৰেট ডি ডাখাৰ, এন চি ই আৰ টিৰ ৰাষ্ট্ৰীয় সাক্ষৰতা কেন্দ্ৰৰ ইনচাৰ্জ প্ৰফেছৰ ঊষা শৰ্মা, অসম চৰকাৰৰ শিক্ষা বিভাগৰ সচিব শ্ৰীনাৰায়ণ কোঁৱৰৰ লগতে আন বিভাগীয় বিষয়াসকল উপস্থিত থাকে।

Related Articles