Ranoj Pegu । ৰূপান্তৰৰ ফালে আগবঢ়া শিক্ষা-ব্যৱস্থাৰ উত্তৰণত সকলোৰে সহযোগিতাৰ প্ৰয়োজন-শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু

দৈনন্দিন বাৰ্তাৰ বিশেষ প্ৰতিনিধি শিৱসাগৰ ২৪ অক্টোবৰ:‘‘সময়ৰ লগত খাপ খুৱাই ৰূপান্তৰৰ ফালে আগবঢ়া অসমৰ শিক্ষা-ব্যৱস্থাৰ উত্তৰণত সকলোৰে সহযোগিতাৰ প্ৰয়োজন আছে৷(Ranoj Pegu)নাকৰ মূল্যায়ন, শিক্ষাৰ আঁচনি আদি নতুন-নতুন পদক্ষেপৰ জৰিয়তে বৰ্তমান অসমৰ শিক্ষা ব্যৱস্থা দেশৰ ভিতৰতে অগ্ৰণী শিক্ষা ব্যৱস্থা হ’বলৈ গৈ আছে৷’’-সদৌ অসম কলেজ কৰ্মচাৰী সন্থাৰ অধিৱেশনৰ মুকলি সভাত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি এই মন্তব্য আগবঢ়ায় অসমৰ শিক্ষামন্ত্ৰী মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷ (Ranoj Pegu)

তেওঁ লগতে কয় যে শিল্প বিপ্লৱৰ বাবে বৰ্তমান সময়ত অহা দ্ৰুত পৰিৱৰ্তনসমূহ আৰু ব্যৱস্থাসমূহত শিক্ষক-কৰ্মচাৰী সকলো অভ্যস্ত হোৱাৰ প্ৰয়োজন আছে । মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে মহাবিদ্যালয়ৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে ক’বলৈ গৈ মহাবিদ্যালয় কৰ্মচাৰীৰ কৰ্ম বিভাজন আৰু অনুপাত তথা শিক্ষক-ছাত্ৰৰ অনুপাতত সংস্কাৰ অনাৰ ইংগিত দিয়ে। লগতে মহাবিদ্যালয়ৰ মূল্যায়ন প্ৰক্ৰিয়াৰ পৰিৱৰ্তন অনাৰ পোষকতা কৰে। আজিৰ সভাতে তেওঁ মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীৰ পুৰণি সমস্যাসমূহ যথাসম্ভৱ আলোচনাৰ মাধ্যমেৰে সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

সদৌ অসম কলেজ কৰ্মচাৰী সন্থাৰ কেন্দ্ৰীয় অধিৱশেনৰ মুকলি সভাৰ পোনতে সভাৰ আদৰণী ভাষণ প্ৰদান কৰে গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট শিক্ষাবিদ, নিবন্ধকাৰ, কবি ড০ সব্যসাচী মহন্তই। আদৰণী ভাষণত ড০ মহন্তই শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুকে প্ৰমুখ্যে কৰি সকলো অভ্যাগতক মহাবিদ্যালয়লৈ আদৰণি জনায়। মুকলি সভাৰ উদ্বোধন কৰে ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বুঢ়াগোহাঁয়ে। মুকলি সভা উদ্বোধন কৰি তেওঁ কৰ্মচাৰীসকলৰ অৱদান আৰু সঁহাৰিয়ে এখন উচ্চ শিক্ষানুষ্ঠান আগবঢ়ি যোৱাত নিশ্চিতভাৱে সহায়ক হয় বুলি মন্তব্য কৰে।

উল্লেখযোগ্য যে সভাৰ সন্মানীয় অতিথি কৃষি মন্ত্ৰী অতুল বৰাই উপস্থিত থাকিব নোৱৰাৰ বাবে লিখিত ৰূপত তেখেতৰ শুভেচ্ছা বাণী প্ৰেৰণ কৰে। অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা দেৱযানী বকলীয়ালে আঁত ধৰা মুকলি সভাত সদৌ অসম কৰ্মচাৰী সন্থাৰ সভাপতি ৰমণী ৰাজবংশী, গড়গাঁও মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি বিমান চন্দ্ৰ বৰুৱা, উপাধ্যক্ষ দিগন্ত কোঁৱৰ, শিক্ষক গোটৰ সভাপতি প্ৰণৱ দুৱৰা, অসম কলেজ শিক্ষক সন্থাৰ সভাপতি ড০ জয়ন্ত বৰুৱা, তেল আৰু প্ৰাকৃতিক গেছ নিগম, নাজিৰাৰ কাৰ্যবাহী সঞ্চালক ৰাজেশ কুমাৰ তিৱাৰী, সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দ্বীপেন শইকীয়া, সদৌ অসম এন পি এচ কৰ্মচাৰী সন্থাৰ সভাপতি অচ্যুদানন্দ হাজৰিকাকে বহুসংখ্যক বিশিষ্ট লোক উপস্থিত থাকে। এইবাৰৰ অধিৱেশনত কৰ্মচাৰী সন্থাৰ নতুন সভাপতিৰূপে তুলসী শইকীয়া আৰু সাধাৰণ সম্পাদক ৰূপে পুনৰবাৰ গৌতম গগৈ নিৰ্বাচিত হয়।

গড়গাঁও মহাবিদ্যালয়ৰ আতিথ্যত অনুষ্ঠিত সদৌ অসম কলেজ কৰ্মচাৰী সন্থাৰ ৬৪সংখ্যক দ্বি-বার্ষিক কেন্দ্রীয় অধিৱেশনখনি আজি সফলভাৱে সামৰণি পৰে৷ পতাকা উত্তোলনৰে আৰম্ভ অধিৱেশনখনিত প্ৰথম দিনাৰ বিয়লি ভাগত অসমৰ বিভিন্ন মহাবিদ্যালয়ৰ প্ৰায় তিনি শতাধিক প্ৰতিনিধিৰ উপস্থিতিত প্ৰতিনিধি সভা অনুষ্ঠিত হয়৷ সন্ধিয়ালৈ বস্তি প্রজ্বলন কার্যসূচী ৰূপায়ণ হোৱাৰ অন্তত মহাবিদ্যালয়খনৰ উপাধ্যক্ষ ড° দিগন্ত কোঁৱৰে সঞ্চালনা কৰা এক অনুষ্ঠানত গড়গাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন কৰ্মচাৰীসকলৰ সম্বৰ্ধনা জনোৱা হয়৷ দ্বিতীয় দিনাৰ প্ৰধান কাৰ্যসূচীৰূপে ‘‘উচ্চ শিক্ষা উত্তৰণত মহাবিদ্যালয়ৰ কৰ্মচাৰীসমূহৰ ভূমিকা’’ শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হয়৷ য’ত ডিব্ৰুগড় আৰু শিৱসাগৰ বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য ড০ জিতেন হাজৰিকাই মুখ্য আলোচকৰূপে অংশগ্ৰহণ কৰে৷

গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সব্যসাচী মহন্তই সঞ্চালনা কৰা এই আলোচনা চক্ৰত আলোচক হিচাপে অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ বিত্তীয় পৰামৰ্শদাতা নয়নমণি শৰ্মাকে বহুকেইজন বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰে৷ দ্বিতীয় দিনা আলোচনা-চক্ৰৰ সভাতে পোনতে অসমীয়া বিভাগৰ সহকাৰী অধ্যাপকদ্বয় দেৱযানী বকলীয়াল আৰু ড০ অংকুৰ দত্ত আৰু ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপিকা ড০ শ্যামলীমা শইকীয়াৰ যৌথ সম্পাদনাত প্ৰকাশিত ‘গড়গাঁও’ শীৰ্ষক স্মৃতিগ্ৰন্থখন উন্মোচন কৰে গড়গাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ পুণ্যধৰ গগৈয়ে৷ একেটা অনুষ্ঠানতে সদৌ অসম কলেজ কৰ্মচাৰী সন্থাৰ মুখপত্ৰ ‘উত্তৰণ’ উন্মোচন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰাধ্যাপক ড০ জীতেন হাজৰিকাই৷ দুয়োটি দিনতে বিশেষ সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানে উপস্থিত সকলোকে আপ্লুত কৰে৷ আজিৰ মুকলি সভাতে অধিৱেশন উপলক্ষে উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাত কৃতকাৰ্যতা লাভ কৰা বিভাগসমূহ পুৰষ্কৃত কৰা হয়৷ প্ৰথম স্থানত থাকে সমাজতত্ত্ব বিভাগ, দ্বিতীয় স্থান লাভ প্ৰাণী বিজ্ঞান বিভাগ, তৃতীয় স্থান লাভ কৰে বুৰঞ্জী বিভাগে , চতুৰ্থ আৰু পঞ্চম স্থানত থাকে ক্ৰমে চাওচিং কুঁৱৰী ছাত্ৰ-নিৱাস, আৰু ৰাজনীতি বিজ্ঞান বিভাগ ৷

মুকলি সভাতে স্থানীয় সংবাদসেৱীসকলকো অভ্যৰ্থনা সমিতিৰ তৰফৰপৰা সম্বৰ্ধনা জনোৱা হয়৷ অধিৱেশনখনিৰ সফল ৰূপায়ণত সহযোগিতা আগবঢ়োৱাৰ বাবে সকলোকে অভ্যৰ্থনা সমিতিৰ হৈ সভাপতি ড০ সব্যসাচী মহন্ত, কাৰ্যকৰী সভাপতি সৌৰভ হাজৰিকা, সাধাৰণ সম্পাদক বিজু ফুকন , সদৌ অসম কৰ্মচাৰী সন্থাৰ সভাপতি ৰমণী ৰাজবংশী, কাৰ্যকৰী সভাপতি চিত্তৰঞ্জন কাকতি আৰু সাধাৰণ সম্পাদক গৌতম গগৈয়ে ধন্যবাদ জনাইছে৷

Related Articles